পৃষ্ঠা:Khojar Xabda.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কথা, নৈতিকতাৰ স্খলন, মানৱীয়তাবোধৰ অৱক্ষয়, হিংসা-প্ৰতিহিংসাৰ ছবি আৰু ৰাজনীতিৰ বহুমাত্ৰিক স্বৰূপ। অকল সেয়ে নহয়। ইয়াত সমানে আছে আস্থা আৰু বিশ্বাসৰ কথা, প্ৰকৃতিকেন্দ্ৰিক জীৱনপন্থাৰ কথা, লোক-সংস্কৃতিৰ দৃশ্যায়ন আৰু সৰলতাৰ কথা। এনে ভিন্নসুৰী অথচ প্ৰাসংগিক বিষয়ৰ সমন্বয় সচৰাচৰ অসমীয়া গল্পত দেখিবলৈ পোৱা নাযায়। গল্পৰ কেন্দ্ৰীয় চৰিত্ৰ লুন্‌চেৰ কথা পঢ়িলে ৱৰ্ডছৱৰ্থৰ জোক-সংগ্ৰাহক (leech-gatherer)-ৰ কথা মনলৈ আহে। ৱৰ্ডছৱৰ্থৰ কবিতাৰ নায়কৰ দৰেই লুন্‌চেৰ জীৱনপন্থা এতিয়া মৃতপ্ৰায়, কিয়নো তাৰ দৰে অজগৰ বিচাৰি ফুৰা ল’ৰা ৰংপ্লিংপ্লাম বা কাৰ্বি মালভূমিত সহজে লগ পোৱা নাযায়। লুন্‌চেৰ দৃষ্টিকোণক এক স্থিৰ অৱস্থিতি হিচাপে লৈ খাটনিয়াৰে দক্ষতাৰে প্লটৰ অন্যান্য বিষয়সমূহ একত্ৰিত কৰিছে, কাঠৰ চোৰাং ব্যৱসায় বা অস্ত্ৰৰ যোগান লুন্‌চেৰ প্ৰকৃতি জগতৰেই অংগ হৈ পৰিছে আৰু পৰিৱৰ্তিত সময়ৰ লগে লগে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্বন্ধও যে জটিল হৈ আহিছে তাৰেই ইংগিত দিছে।

 বিপুল খাটনিয়াৰৰ গল্পত ৰাজনৈতিক অভিজ্ঞতাৰ ৰূপায়ণ যিকেইটা পৰ্যায়ত দেখিবলৈ পোৱা যায় তাৰ স্বভাৱ আৰুচৰিত্ৰ অন্যান্য সাংস্কৃতিক স্থিতি আৰু অৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এই আলোচনাত আটাইবোৰ দিশৰ ওপৰত ৰেখাপাত কৰা সম্ভৱ নহয়। অৱশ্যে আমি কেইটামান দৃষ্টান্তৰ আধাৰত ৰাজনৈতিক জটিলতাৰ বিষয়ে বিচাৰ কৰি চাব পাৰোঁ। ইতিমধ্যে কোৱাৰ দৰে ইয়াত যি অভিজ্ঞতাক ‘ৰাজনৈতিক’ বুলি আখ্যা দিয়া হৈছে তাৰ ক্ষেত্ৰই বহিৰ্জগত আৰু ব্যক্তিগত উভয়কে সামৰি লয়। মানুহৰ আচৰণ, অভিপ্ৰায় বা নিৰ্ণয় প্ৰক্ৰিয়াত ক্ৰিয়াৰত দিশসমূহৰ এটা ৰাজনৈতিক অৱয়ব আছে। ইয়াৰ প্ৰকাশ সচৰাচৰ মানুহৰ সম্বন্ধত দেখিবলৈ পোৱা যায়। ভাল/বেয়াৰ সংকীৰ্ণ ফ্ৰেমতে আৱদ্ধ নাথাকি পৰিস্থিতি আৰু পৰিৱেশৰ দ্বাৰা প্ৰভাৱান্বিত সিদ্ধান্ত বা অভিব্যক্তিয়ে আমাক সমস্যা একোটাৰ জটিল চৰিত্ৰৰ উমান দিয়ে। উদাহৰণস্বৰূপে ‘ভাদৈ পেহী’ নামৰ গল্পটোকে ল’ব পাৰি। বাপুকণে যেতিয়া নিজৰ পেহীয়েকৰ অকৃত্ৰিম অনুৰোধৰ সন্মুখত অসহায় বোধ কৰি একোকে ক’ব নোৱাৰা হৈ পৰে তাৰবাবে আমি সম্পূৰ্ণভাৱে কোনো এজনকে জগৰীয়া কৰিব নোৱাৰোঁ। ‘বহুৱা’ৰ আলোচনাত ইতিমধ্যে কোৱাৰ দৰে বাপুকণ আৰু ভাদৈ পেহীৰ উভয়ৰে একোখন জগত আছে আৰু যদিও তেওঁলোকৰ ব্যক্তিগত ইতিহাসৰ এটা পৰিচিত অতীত আছে, গল্পটোৰ বৰ্তমানত দুয়োৰে জীৱনৰ গতিপথ যি পৰিৱেশত মিলিত হয় তাত কিন্তু নীতি আৰু প্ৰয়োজনৰ সংঘাতহে দেখা দিয়ে। বাপুকণৰ বাবে এই সংঘাতৰ এটা চৰ্ত পেহীয়েকৰ প্ৰতি দায়বদ্ধতা আৰু আনটো হৈছে তেওঁৰ নৈতিক স্থিতিৰ প্ৰতি উদ্ভৱ হোৱা ভাবুকি। বুজাব নোৱৰা কাৰণত উভয়ে উভয়ৰ

২২॥ খোজৰ শব্দ