পৃষ্ঠা:Khojar Xabda.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৰততে ফুৰাৰ সুযোগ পাইছে, দেশ বিদেশৰ কেইবাজনো, ভূতত্ববিদ বন্ধু লাভ কৰিছে ইত্যাদি কথাও জনালে। পিছদিনাই তেওঁ কাশ্মীৰলৈ ঘূৰি গ'ল। কেইদিনমান পিছত তেওঁৰপৰা এখন চিঠি আহিল। বগা এখন সম্পূৰ্ণ দৈৰ্ঘ্যৰ কাগজৰ মাজভাগত গোট গোটকৈ ধুনীয়া আখৰেৰে লিখিছিল, ‘কাশ্মীৰ বৰ ধুনীয়া, দুটা চকুৰে ধৰি ৰাখিব নোৱাৰি’— তোমাৰ মতামত জনাবা ।

 কথাটো পিতাক ক’লোঁ, তেওঁ মোৰ মতামতকে গুৰুত্ব দিলে। সেই সময়ত অসমত বিদেশী বিতাড়ন আন্দোলনৰ ভৰপক অৱস্থা। আন্দোলনকাৰীসকল যিদৰে নাছোড়বান্দা আছিল, তেনেধৰণৰ ধ্বংসকামী আন্দোলনৰ বিপক্ষে আমিও আছিলোঁ নিজৰ মতত অটল। প্ৰাণৰ ভয়ো আছিল তুচ্ছ। সেয়ে একে পন্থীৰ প্ৰিয় গল্পকাৰজনৰ প্ৰস্তাৱ উৰাই দিব পৰা নাছিলোঁ।

 তেওঁ প্ৰশিক্ষণৰপৰা ঘূৰি অহাৰ পিছত আমাৰ বিয়া ঠিক হ’ল। ঘৰৰ মানুহবোৰৰ মাজতো অহাযোৱা চলিল। মাজতে এটা বছৰ, মোৰ এম এ পৰীক্ষা শেষ হ’ব লাগে। এদিন তেওঁ মোক আকস্মিকতে সুধিলে ‘তোমাক ঘৰ লাগেনে সোণ লাগে?? অভিমানো হ’ল ‘মই জানো সোণ বিচাৰিছোঁ?’ পিছতহে বুজাই ক’লে, ‘মই হেঙেৰাবাৰীত এটা ঘৰ বনাই আছোঁ, বিয়াত যথেষ্ট খৰছ কৰিলে ঘৰটো আধৰুৱা হৈ ৰ'ব। সেয়ে মই কোর্ট মেৰেজ কৰিব বিচাৰোঁ। অতি কম খৰচতে হওকচোন আমাৰ বিয়াখন।' কথাটোত মোৰো ভাল লাগিল। এখন ডাঙৰকৈ বিয়া পাতিলে মোৰ পিতাৰ কিমান যে কষ্ট হ’ব! আনহাতে সেইসময়ত ‘এৰেঞ্জ মেৰেজ' হিচাপে তেনেকৈ কাৰো বিয়া হোৱা দেখা নাছিলোঁ বাবে শংকিতও হৈছিলোঁ। আমাৰ ডাঙৰ পৰিয়ালটোৱে তেনে এখন বিয়া মানি ল’ব জানো? পিতাক তেওঁ সেই প্ৰস্তাৱ দিলে, লগতে যৌতুক হিচাপে কোনো বস্তুৱেই দিব নালাগে বুলি দাবী কৰিলে । পিতাই তেওঁক সমর্থন দিছিল যদিও পিতাৰ বাবেও সেয়া এক প্রত্যাহ্বান আছিল।

 ১৯৮৪ চনৰ ১৮ ছেপ্টেম্বৰত অতি সৰুকৈ ঘৰতে আমাৰ ‘ৰেজিষ্টাৰী মেৰেজ’ হ’ল। ৰেজিষ্টাৰজন তেঁৱেই আনিছিল। পিতাৰ বন্ধুবৰ্গ, ওচৰচুবুৰীয়া সকলোৰে মাজত আমাৰ বিয়াখন সম্পন্ন হ’ল। পৰিয়ালৰ বহুজনে মোক তেনেদৰে বিয়া দিয়াত দুখ পাই উপস্থিত নাথাকিল। সেইদিনা আমি দুয়ো, তেওঁৰ বাইদেউ ভিনদেউ, মহাদেউ-মাহীদেউৰ সতে শিৱসাগৰ অভিমুখে ৰাতিৰ গাড়ীত উঠিলোঁ । সেয়া আছিল মোৰ উজনি অসমলৈ প্ৰথম যাত্ৰা । ৰাতিপুৱা ঘৰ পালোঁ। শাহু মা সাজু হৈয়ে আছিল। সিদিনা ঘৰত ভাদ মাহৰ নাম এষাৰ আয়োজন কৰা হৈছিল। দুয়ো সেৱা জনাই ৰাইজৰ আশীৰ্বাদ ল'লোঁ। এনেদৰেই আমাৰ যুগ্ম জীৱনৰ আৰম্ভণি হ’ল।

২৬২॥খোজৰ শব্দ