পৃষ্ঠা:Khojar Xabda.pdf/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থকা আতংক, বিস্ময় আৰু বিষণ্নতাৰে ইংগিত দিব বিচাৰিছে নেকি?

□ তেনেকুৱা এটা ইচ্ছা নথকা নহয়। ছবিখনৰ শিল্পী ভৱকান্তৰ ঘৰ গোলাঘাটৰ অন্ধকূপত। গল্পকাৰ জেহিৰুল হুছেইনৰ লগত গৈ টিপ-চাকিৰ পোহৰতহে তেওঁৰ ছবিবোৰ প্ৰথমবাৰ দেখিছিলোঁ। ভৱকান্তৰ আটাইবোৰ ছবিৰে ভাষা সৰল, অর্থ সহজে ঢুকি পোৱা ৷ গুৱাহাটীৰ আৰ্থ ছঙত প্ৰদৰ্শিত এই ছবিখন সম্পর্কে শিল্প সমালোচক শ্রদ্ধেয় নীলমণি ফুকনে বহুদিনৰ পূৰ্বে আগবঢ়োৱা এটি আলোচনা ‘দৈনিক অসম’ কাকতত প্ৰকাশ পাইছিল। ‘ভিন্ন জীৱন ভিন্ন কথকতা’ত ছবিখন আৰু উজ্জ্বল কৰাৰ হেঁপাহত কিতাপখনৰ নামটোকে ম্লান কৰি দিয়া হৈছে। পোহৰ নথকা ঠাইৰ ভৱকান্তক জনা মানুহ কম । ভৱকান্তৰ ছবিখন লৈয়ো এটা গল্প আছে। এগৰাকী গুণী শিল্পীয়ে সমালোচনাৰ ভাষাৰে কৈছিল— ভৱকান্তৰ এই ছবিখন শিল্পবৰ্জিত, ফিগাৰবোৰ হেনো সংগতিহীন আৰু গ্ৰাম্য; ৰঙৰ ব্যৱহাৰো অশৈল্পিক। হ’ব পাৰে। কিন্তু ছবিৰ কাৰিকৰী জ্ঞানতকৈও সৰল ভাব-ভাষাইহে সাধাৰণ মানুহক মোহিত কৰে। মূল ছবিখন কিতাপখনৰ পাছৰ বাকলিত flash কৰা হৈছে। পাঠকে চালে দেখিব, ছবিখনত একান্ত বাস্তৱ জীৱন প্ৰকাশ পাইছে। কিতাপখন মেলাৰ আগতে অন্ততঃ অলপ সময়ৰ বাবেও পাঠকে ছবিখন ভালদৰে চালে কিতাপখনৰ ভিতৰত থকা জগতখনৰ অলপ হ'লেও ইংগিত পাব আৰু তেতিয়া মোৰ লগতে শিল্পীগৰাকীৰো শ্ৰম সাৰ্থক হ'ব।

আপুনি লেখক-সত্তাটোক অলপ সময়ৰ বাবে পাহৰি যদি এগৰাকী সচেতন পঢ়ুৱৈ বা সমালোচক হিচাপে সংকলনটো চাবলগীয়া হয়, তেতিয়া সাম্প্রতিক অসমীয়া গল্প-সাহিত্যৰ জগতখনত কিতাপখনৰ স্থান কেনেকৈ নিৰূপণ কৰিবলৈ ভাল পাব ?

□ অনুশীলনৰত এজন সাধাৰণ স্তৰৰ লেখক হিচাপে এনে প্ৰশ্নৰ উত্তৰ দিয়া কঠিন।

আচলতে মই আত্ম-সমালোচনাৰ প্ৰসংগ এটাহে তুলিব খুজিছোঁ— এইখন কিতাপ ওলোৱাৰ পাছত আপোনাৰ নিজৰ সাহিত্য সম্পর্কে মূল্যায়নটো ঠিক কেনেকুৱা ধৰণৰ হ'ব?

□ সেইটোও টান কাম। তথাপি মই ভাবোঁ, নিজৰ মধ্যবিত্তীয় খোলা ভাঙি ওলাই আহিব নোৱাৰিলে, নিৰপেক্ষ আৰু পৰিৱৰ্তনৰ প্ৰতি একান্ত আস্থাশীল হ’ব নোৱাৰিলে লিখা কামটো অৰ্থহীন। নিৰপেক্ষ মানে মই পৰ্যবেক্ষণৰ ক্ষেত্ৰত অবলম্বন

২৯২॥খোজৰ শব্দ