পৃষ্ঠা:Khojar Xabda.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খৰিভাৰীয়েও ৰাজ কন্যা পায় : ‘গোলাম’)। এই গল্পটোত এনে প্ৰবচন ঠায়ে ঠায়ে আছে। আৰু এটা উদাহৰণ : ‘বাপেকি চিলনী নিলে ভকতনী/ধোন্দেদি সৰকি গ’ল/স্বৰ্গদেউ ঈশ্বৰে হাৰি আনি আনিলে/সোণ দি পৰাচিত হ’ল’। আহোম ৰাজত্বৰ পাইক সমাজৰ জীৱন-সংগ্ৰামৰ ছাঁ-পোহৰৰ খেলা আছে ‘গোলাম’ গল্পত। ইতিহাসৰ ৰঙেৰে জীপাল এটা আটকধুনীয়া গল্প। ‘কেঁচা ঢোলৰ ভাৰ’ত গ্ৰামীণ ভাষাৰ যি উৰ্বৰ ঠাঁচ আছে সিয়ো পাঠকক আদিম আকৰ্ষণৰ দৰে টানি নিয়ে :‘ঢোলটি বাবৰে তিনিটি আঙুলি/মাজৰটি আঙুলি লৰে/কালিৰে পৰা ভাতে নাইকিয়া/ কাছুটি সুলকি পৰে’। সেইদৰে, ‘পাছে ঠানুৰাম দত্তও কমনে? ঘাত-মালিতা, বুলনি, খৰছনা, চুচুনিৰ ওপৰি ৰগৰ, টোকৰ, লহৰত তেওঁৰ মান পাবলৈ নাই’। লোক-শিল্পীৰ জীৱন গাথাৰ অপূৰ্ব চিত্ৰায়ণ এনেদৰেই গল্পকাৰে আনিবলৈ সফল হৈছে। ঢোল সংস্কৃতিৰ সমল উদ্ধাৰতো গল্পকাৰৰ ভাষাৰ জোৰ মন কৰিবলগীয়া। প্ৰায়বোৰ গল্পৰে ভাষাৰ ভৰ নিয়ন্ত্ৰণত তেওঁৰ হাতৰ চমক আছে। কেতিয়াবা হয়তো উপন্যাসৰ ভাষায়ো চুই গৈছে।

 বিপুল খাটনিয়াৰত গল্পৰ আন এক প্ৰাণপৰশা দিশ হৈছে গল্পৰ কাহিনীক পটভূমি আৰু পৰিৱেশৰ সঠিক সাজোনেৰে উপস্থাপন কৰা। গল্পবোৰ পঢ়ি গৈ থাকিলে পাঠকে আপোনা আপুনি কাহিনীৰ মাজত সোমাই পৰিব পাৰে। তেওঁৰ গল্পত কাহিনী বা চৰিত্ৰৰ ক্ৰমবিকাশ সৰল নহয়। অথচ, পৰিবেশ চিত্ৰায়ণৰ মাজৰ পৰাই পাঠকে কাহিনীৰ সাৰ উদ্ধাৰ কৰিব পাৰে। ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ গল্পটো আমি আৰ্হি হিচাপে চাব পাৰোঁ। সত্ৰৰ গোঁসাই প্ৰভুৰ স্বৰূপ বুজিবলৈ গল্পকাৰে সংযোগ কৰিলে এইদৰে :‘এনে গোঁসাই প্ৰভুসকলে একো-একোটা অঞ্চলৰ একো- একোটা ধৰ্ম প্ৰাণ, নীতি নিয়মৰ মাজত থকা শৰণ-ভজন লোৱা পৰিয়াল বাচি লয়। তাতে দিনটো ৰ’দে-ৰ'দে ছাতি লৈ সংগ্ৰহ কৰা ধান-চাউলবোৰ গোটায়। নিশাৰ ভাগলৈ মাটিৰ মলা বা গৃহস্থই যোগান ধৰা তলৰ ফালে পথাৰৰ বোকা মাটি লিপি শুকুৱাই থোৱা পিতলৰ ঢৌত চাউলকঠা সিজায়। কোনো কোনো গৃহস্থ বা শিচ ভকতে (বেলেগ সংহতিৰ হ’লেও) তেল-মাছ-পাচলিসহ সিধাত যাচে। তেল বেলেগ, মৎস্যও বেলেগ। ৰান্ধোতে সেই তেলতে মৎস্য নিক্ষেপ কৰা হ'লেও একেজন ভকতেই এই দুয়োবিধ দুখন হাতত বেলেগ-বেলেগ হ’লেও আনিব নোৱাৰে। মৎস্য বেলেগ, তৈল্য বেলেগ, নহ’লে চুৱা। ডাঙৰ মাছৰ টুকুৰা পালেতো কথাই নাই, কেঁচাই-কেঁচাই উতলা দালিও দিলে ঢালি’। সত্ৰৰ গোঁহাইৰ আদৱ-কায়দাৰ আন

এক সঠিক উদাহৰণ (‘সত্ৰৰ’ গোঁসাই প্ৰভুসকলে কান্ধত গোবৰপাচিবা ভাৰ লোৱাৰ

খোজৰ শব্দ॥ ৬৩