পৃষ্ঠা:Khojar Xabda.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জুৰি তেখেতে কোনো এটি গল্পৰ প্লট নিজৰ মাজতে কঢ়িয়াই ফুৰিছিল। হয় প্ৰতিজন ভাল লেখকৰে শিল্পক ধাৰণ কৰি লৈ ফুৰিব পৰা ক্ষমতা থাকে। এয়া যেন ধাৰণকাল। এই ধাৰণ অবিহনে নান্দনিক সৃষ্টি সম্ভৱ নহয়। সঁচাকৈয়ে গল্প যেন কোনো এক নিপুণ শিলাকুটিৰ এক শৈল্পিক ভাস্কৰ্যহে! সফল গল্পকাৰ এজনে এনেকৈয়ে এই শিল্পক আগুৱাই লৈ যায়।

 তেখেতৰ গল্পৰ আলোচনা স্থান বিশেষে ভিন্নজনে কৰিছে আৰু কৰি থাকিব; সেই বিষয়ে মই আৰু বিশেষ নকওঁ; কিন্তু এটা কথা নকৈ নোৱাৰোঁ কেইবাটাও দশক জুৰি তেখেতে লিখি উলিওৱা গল্পসমূহৰ আলোচনা অবিহনে অসমীয়া গল্প সাহিত্যৰ আলোচনা আধৰুৱা হৈ ৰ’ব। এয়া মোৰহে এক নিজা অনুভৱ। এনে এজন গল্পকাৰেও আমাৰ সাহিত্যত যথোচিত মৰ্যাদা নাপালে বুলি কেতিয়াবা খেদ হয়। অৱশ্যে বিশেষ স্বীকৃতি আদিক একাষৰীয়াকৈ থৈও আমাৰ পাঠক সমাজৰ এখন নিজা বিচাৰ মঞ্চ সদায় আছে। খাটনিয়াৰদেৱেও এনে ধৰণেই কথাবোৰ বিশ্বাস কৰা যেন বোধ হয়।

 তেখেত মানুহৰ এজন শুভচিন্তক আছিল আৰু মানুহক আগুৱাই নিয়াত অনুঘটকৰ ভূমিকা গ্ৰহণ কৰিছিল। স্বাৰ্থৰহিতভাৱেই এনেবোৰ কাম কৰিবলৈ তেখেতে ভাল পাইছিল। চাবলৈ গ'লে তেখেত মোৰ মাথোঁ এদিনৰ চিনাকি; তৎসত্বেও এজন জ্যেষ্ঠ গল্পকাৰ হিচাপে নানান সজ উপদেশ মাজে মাজে মোলৈ আগবঢ়াইছিল, মই মোৰ গল্প ক’ৰবাত প্ৰকাশ হ’লৈ তেখেতক জনাইছিলোঁ। মোৰ গল্প পঢ়ি এজন কঠোৰ নিৰ্মম সমলোচকৰ দৰে গল্পটোৰ কিয়দাংশ উল্লেখ কৰি কৈছিল, আপোনাৰ গল্পটোৰ এই অংশটো অথবা এই শাৰীকেইটা নিদিলেও হ’লহেঁতেন নেকি এবাৰ অলপ চিন্তা কৰি চাবচোন।’ এনেবোৰ উপদেশেৰে মই উপকৃত হৈছিলোঁ আৰু আগলৈ সাৱধান হৈছিলোঁ।

 সঁচাকৈ পাছত মই চিন্তা কৰি দেখোঁ, তেখেতে উল্লেখ কৰা অংশই গল্পটো আগবঢ়াই নিয়াত অথবা গল্পৰ উদ্দেশ্যত বিশেষ ভূমিকা লোৱা নাই; গল্পটো অযথা মেদবহুলহে কৰি পেলাইছে।

 সঁচাকৈ এজন ভাল লেখক হ’বলৈ হ'লে নিজৰ লেখাৰ প্ৰতি নিৰ্মম হ’ব পাৰিব লাগিব, এইখিনিতে TS Eliotৰ এষাৰ কথা প্ৰণিধানযোগ্য : When one creative mind is better than another, the reason often is that the better is more critical.

 তেখেত এজন সহজ সৰল, অনাড়ম্বৰ জীৱন শৈলী ভাল পোৱা লোক আছিল। জীৱন আৰু সাহিত্যক তেখেতে একাকাৰ কৰি পেলাইছিল। সততে

স্পষ্টবাদী স্থিতি গ্ৰহণ কৰা খাটনিয়াৰদেৱৰ জীৱনত লুকঢাক বুলিবলৈ একো নাছিল।

১৪২॥খোজৰ শব্দ