পৃষ্ঠা:Khojar Xabda.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লগা হৈছিল। আমাৰ পৰিয়ালৰ এই দুঃসময়ত বিপুলদাই কেবাদিনো হস্পিতাললৈ গৈ শয্যাগত মাৰ কাষত বহু সময় কটাই সাহস যোগাইছিল আমাক। অসুখ-বিসুখৰ সলনি অন্য বিষয়ৰ বিভিন্ন কথাৰে পাৰ কৰা সেই সময়খিনিৰ কথা মাই এতিয়াও কয়। মোৰ পৰিবাৰ আৰু ছোৱালীজনী গুৱাহাটীত থকা সময়ছোৱাত বিপুলদাৰ বাঢ়িছিল বিশেষ ব্যস্ততা। ভৱিষ্যতে কামত আহিব বুলি ঘৰৰপৰা আনি দিছিল কেইবাখনো শিশু গ্ৰন্থ। আমাৰ পৰিয়ালটোৱে শ্ৰদ্ধাৰে সোঁৱৰে বিপুলদাৰ কথা। কণমানি ‘নিৰ্ণীতা’ইও বিপুল বৰদেউতাকৰ মৃত্যুৰ কথাটো মানি ল’ব পৰা নাছিল।

 সাহিত্যৰ পথাৰখনৰ পৰিশ্ৰমী কৃষকজনে হেঙেৰাবাৰীৰ ঘৰখনৰ অকণমান ঠাইতে বিধে বিধে ফল-ফুলৰ এখন বাগিচাও আটোমটোকাৰিকৈ গঢ়ি তুলিছিল। বাগিচাৰ কল পকিলেই তাৰে এটা ভাগ মই সদায় পাইছিলোঁ। স্বভাৱসুলভভাৱে বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে পোৱা নানা ফল-মূলৰ শইচ বিপুলদাই সংগ্ৰহ কৰি আনি নিজৰ বাবে ৰখাৰ উপৰি আনকো ভগাই দিছিল। গোৱালপাৰাৰ পৰা অনা ক’লা ধানৰ সঁচৰ সৰু টোপোলা এটা মোক দি কৈছিল, ‘এইবাৰ তোমালোকৰ পথাৰত খেতি কৰা, অহাবাৰ মোক ক’লা চাউল দিবা আৰু ধানো দিবা, আনকো ভগাব লাগিব।’ পিছৰ বছৰ ক'লা ধান আৰু চাউলখিনি পাই বিপুলদাৰ মুখৰ কি অভিব্যক্তি! আমাৰ ক’লা ধাননিডৰাইও বছৰে বছৰে হালি-জালি সোঁৱৰাই থাকিব বিপুলদাৰ কথা!

 ২০০৮ চনত অনিল ৰায়চৌধুৰীদেৱৰ ‘নামনি অসমৰ মধ্যশ্ৰেণী’নামৰ গ্ৰন্থখনৰ পুনৰপ্ৰকাশৰ কাৰণে কৰা ডিটিপিৰেই আচলতে আৰম্ভ হৈছিল ‘অনিল ৰায়চৌধুৰী ৰচনাৱলী’ৰ কাম। ২০০৯ চনৰপৰা ২০১৩ চনৰ সময়ছোৱা সাহিত্য পৰিষদৰ কামক লৈ বিপুলদা এনেভাৱে ব্যস্ত হৈ পৰিছিল যে ৰায়চৌধুৰীদেৱে সেই সময়ছোৱাত নতুনকৈ লেখা প্ৰবন্ধবোৰৰ ডিটিপি কৰি থকাৰ বাহিৰে কাৰ্যতঃ ৰচনাৱলীৰ কাম বন্ধই হৈ আছিল। ২০১৪ চনৰ সময়ত সাংগঠনিক দিশটোক লৈ বিপুলদা যথেষ্ট অসুখী হৈ পৰিছিল, অভিমানো হয়তো হৈছিল। সংগঠনৰ ভৱিষ্যত সম্বন্ধত তেখেতৰ উদ্বিগ্নতাৰ মাজতেই ৰচনাৱলীৰ কামটোত মন দিছিল। ইয়াৰ লগে লগে নিজৰ সৃষ্টি কাৰ্য, দুখন গল্প সংকলনৰ উপৰি গ্ৰন্থ সম্পাদনা আৰু সম্পাদনাৰ আঁৰত থাকি বিপুলদাই প্ৰকাশ কৰিছিল কেবাখনো মূল্যবান গ্ৰন্থ। অৱসৰৰ পিছৰ সময়ছোৱা সাহিত্যৰ ক্ষেত্ৰখনতে ঘাইকৈ ব্যস্ত থকা বিপুলদাৰ শৰীৰ লাহে লাহে দুৰ্বল হৈ আহিছিল। পৰি অহা দেহাৰেই তীব্ৰ গতিত হেঁপাহৰ কামবোৰ কৰি গৈছিল। শাৰীৰিক দুৰ্বলতাক প্ৰশ্ৰয় নিদি স্বভাৱসূলভভাৱে ইঠাই-সিঠাই ঘূৰি ফুৰি কামবোৰ আগুৱাই

লৈ গৈছিল। ২০১৯ চনৰ ২ ফেব্ৰুৱাৰীত শ্ৰদ্ধাৰ শোভা খনিকৰদাৰ আকস্মিক

২২৮॥খোজৰ শব্দ