পৃষ্ঠা:Khojar Xabda.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হ’বলৈ এতিয়াও বাকী। এই প্ৰসংগতে কথা এষাৰলৈ মনত পৰিছে। বিশিষ্ট কবি তোষপ্ৰভা কলিতাৰ সাহিত্য আৰু জীৱন বিষয়ক গ্ৰন্থ ‘সংগ্ৰাম সংবিধা’ৰ (২০২০); সম্পাদকৰ টোকাত আমাৰ পাছৰ প্ৰজন্মৰ সমালোচক অৰিন্দম বৰকটকীয়ে এইদৰে লিখিছিল— ‘কি আচৰিতভাৱে এইগৰাকী কবি স্বাভাৱিক নাৰীসুলভ ৰোমাণ্টিকতাৰ উৰ্দ্ধত থাকি গ'ল, সেই কথা ভাবিলে বিস্ময় জাগে।’ আশাকৰোঁ সমালোচকসকলে এনে মনোভাবেৰেই বিপুল খাটনিয়াৰৰ সাহিত্য চেতনাৰ মূল্যায়নৰ প্ৰয়াস হাতত ল’ব।

 শেষত এই চমু দু-আষাৰ কথাৰ জৰিয়তেই মই প্ৰয়াত বিপুল খাটনিয়াৰলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈকো সমবেদনা জ্ঞাপন কৰিলোঁ।❐

(লেখক এগৰাকী নিৱন্ধকাৰ)


ভ্ৰাতৃ প্ৰয়াত কমল খাটনিয়াৰৰ সৈতে বিপুল খাটনিয়াৰ

খোজৰ শব্দ॥১০৭