পৃষ্ঠা:Khojar Xabda.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিগন্তৰ সন্ধান কৰিছিল; অনুভূতি তথা মানৱীয় কল্পনাৰ প্ৰকৃত স্বৰূপ আৱিষ্কাৰৰ নিলস সাধনাত বহিছিল।

 কোৱা বাহুল্য হ’ব যে সৃষ্টিশীল সাহিত্যৰ প্ৰশ্নত এই ‘প্ৰগতিশীল চেতনা’ বোলা কথাষাৰ যান্ত্ৰিকভাৱে উপলব্ধি কৰিব নোৱাৰি। দৰাচলতে সি যথাৰীতিগত সাহিত্যবিৰোধী কোনো আচহুৱা ধাৰণা নহয়। এই প্ৰসংগত ‘বিশ্বায়তন' (১৯৮৩) গ্ৰন্থত হীৰেন গোহাঁই ছাৰে ‘প্ৰগতিশীল সাহিত্যৰ গতিপথ আৰু অন্তৰায়’ সম্পৰ্কে যিখিনি কথা কৈছে (পৃঃ ১০), যিখিনি কথা তেওঁ নতুন সাহিত্য পৰিষদৰ সদস্য তথা অনুগামীসকলক উদ্দেশ্যি কৈছিল— তাৰ পৰাই এই ধাৰাৰ সাহিত্যৰ আদৰ্শ সম্পৰ্কে পাঠকৰ এক সদৰ্থক ধাৰণা গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল। তেখেতৰ মতে সাহিত্যৰ প্ৰতি বহুচৰ্চিত সামাজিক দায়বদ্ধতা স্থূলভাৱে বা কল্পনাহীনভাৱে প্ৰকাশ কৰিলে নহ’ব। সাহিত্যৰ স্বকীয় ধৰ্ম ৰক্ষা নকৰাকৈ কেৱল শ্ল’গানেৰে বা ঘটনাক্ৰমৰ যান্ত্ৰিক তাৎপৰ্য নিৰ্ণয়ৰ জৰিয়তে প্ৰকৃত সাহিত্যৰ জন্ম নহয়। তেনে সাধনা চলিব লাগিব গভীৰ স্তৰত, মানৱীয় কল্পনাৰ ৰহণ লগোৱা অনুভূতিৰ সহায়ত। যিবোৰ ধাৰণা আজিও হয়তো বহুতৰে বাবে শুকান মগজুৰ ধৰণা হৈ আছে, সেইবোৰক ভাব-ভাষাৰ পৰশেৰে সঞ্জীৱিত কৰি পাঠকৰ তেজৰ স্পন্দনৰ লগত মিহলাই দিব পাৰিব লাগিব, যাতে সমাজ ৰূপান্তৰৰ অস্পষ্ট ধাৰণা জীৱন্ত বাস্তৱৰ দৰে মহিমামণ্ডিত হৈ উঠিব পাৰে। তাৰ বাবে লাগিব লেখকৰ অন্তৰৰ কঠোৰ সততা— যাতে সকলো ভেজাল অতিৰঞ্জন বা অতি নাটকীয়তা তাৰ প্ৰখৰ দিপ্তীত মৰহি যায়। মই ভাবোঁ যে বিপুল খাটনিয়াৰৰ গল্পত তেনে বাস্তৱ চেতনাৰে জৰ্জৰিত অভিজ্ঞতা-উপলব্ধিৰ জীৱন্ত ৰূপটোকেই পাঠকে দেখিবলৈ পাব। মোৰ ব্যক্তিগত ধাৰণা যে মূলসুঁতিৰ সাহিত্যৰ ৰক্ষণশীল চেতনাই তেনেবোৰ গল্পৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰে। ‘প্ৰগতিশীল’ লেবেল লগাই সিবোৰক দূৰতে বিদূৰ কৰিব পৰা নাযায়।

 এইখিনিতে সদাশয় পাঠকসকলে মন কৰিব, বিপুল খাটনিয়াৰৰ কথাশিল্পৰ মূল্যায়ন কৰিবলৈ গৈ মই যি ব্যক্তিগত গল্পৰ উদাহৰণৰ সহায় লৈছোঁ, তাৰ একমাত্ৰ উদ্দেশ্য হ’ল সাহিত্য-দৰ্শনৰ প্ৰসংগত পাঠকৰ যথাৰ্থ বিচাৰৰ বাবে ‘বাস্তৱ জ্ঞান’ৰ তাৎপৰ্য নিৰ্ণয় কৰা। মানুহে কেৱল গাইগুটীয়াকৈ দাৰ্শনিক জ্ঞান অৰ্জন কৰিলেই নহ’ব, ব্যক্তিৰ জীৱনত জীৱন সংগ্ৰামৰ যি বাস্তৱ, সেই সামূহিক বাস্তৱৰ পৰাহে সাহিত্যয়ো সমল সংগ্ৰহ কৰিব লাগিব।

 দাৰ্শনিক, তাত্ত্বিক জ্ঞানৰ বিপৰীতে, সমাজ বিকাশৰ ইতিহাসলব্ধ জ্ঞানেহে সাহিত্য সৃষ্টিকো ‘বাস্তৱ জ্ঞান’ৰ সমল যোগান ধৰা উচিত। তেনে কাৰণতে সাহিত্য

খোজৰ শব্দ॥১০৫