পৃষ্ঠা:Khojar Xabda.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিৰ্দিষ্ট গতিপথ আছে। খাটনিয়াৰে অতি দক্ষতাৰে এই পথসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ইংগিত দিছে। আবত্ৰীয়া ভাওনাৰ কথাটোকে চাব পাৰি। ভাওনাৰ যি ঐতিহ্য ইয়াত গঢ় লৈ উঠিছে তাত গদাৰ তাৎপৰ্য সেই সমাজৰ অৰ্থনৈতিক দুৰাৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। ইয়াতেই পেৰডিৰ প্ৰয়োগ লক্ষণীয় হৈ পৰে। দুই-এগৰাকী প্ৰতিপত্তিশীল ব্যক্তিৰ নিৰ্ভৰত ভাওনাৰ স্থিতি যিদৰে নিৰ্ভৰশীল, একেদৰে সেই প্ৰতিপত্তি যে নৈতিক আচৰণৰ বাহক নহৈ স্খলনৰহে সূচক তাকো একে প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াত উপস্থাপন কৰা হৈছে। অবৈধ ধন একত্ৰিতকৰণক যেন সমাজে স্বীকৃতি প্ৰদান কৰি তাক চাৰিত্ৰিক বিচাৰৰ গণ্ডীৰ বাহিৰত ৰাখিছে। কিন্তু কথাটো ইমান সহজ নহয়। সমাজত ব্যক্তি সাপেক্ষে নীতিৰ মাপকাঠিও পৰিৱৰ্তন হৈ থাকে। গল্পটোৰ দ্বিতীয় পৰ্যায়ত কণটিলৌৰ পুৰুষত্ব যেতিয়া তাৰবাবে নৈতিক সংশয়ৰ ৰূপত দেখা দিয়ে তাত কিন্তু মিশ্ৰ পৰিয়ালৰ সামাজিক স্থিতিয়ে ঘটনাটোৰ ৰাজহুৱা প্ৰকাশৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। যদি নৈতিক স্খলন গল্পটোৰ এটা উল্লেখনীয় বৈশিষ্ট্য তাৰ লগত সংপৃক্ত বিৰোধাভাসৰ বিষয়টোৰো ইয়াত একেস্তৰতে ৰূপায়ণ পৰিলক্ষিত হৈছে। ৰাজহুৱা অনুষ্ঠান এটা আয়োজন কৰোঁতে তাৰ লগত জড়িত সকলো কথাৰ যুক্তি সেই অনুষ্ঠানৰ সাফল্যৰ ছবিৰ দ্বাৰা পৰিচালিত হয়। ‘ৰাইজ’ৰ দৃষ্টিত ভাওনাৰ সফল মঞ্চায়ন সকলোতকৈ উৰ্দ্ধত হোৱা কাৰণে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সামগ্ৰিক অৰিহণাৰ প্ৰতি গুৰুত্ব দিয়া হয়। যদি এই অনুষ্ঠানৰ সফলতাৰ কাৰণে দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়াৰ ধনৰ টোপোলাৰ সহায়ৰ প্ৰয়োজন হয় তাকো বিচাৰ কৰাৰ নীতি ভাওনাৰ সফলতাৰ দ্বাৰাহে হিচাপে কৰা হ’ব। অৰ্থাৎ ব্যক্তিগত স্থিতি আৰু সামাজিক অনুষ্ঠানৰ ক্ষেত্ৰত দেখা পোৱা বিৰোধে যিদৰে সেই সমাজৰ সদস্যৰ নৈতিক স্থিতিৰ একমাত্ৰ পৰিচায়ক হ’ব নোৱাৰে, একেদৰে সোণতৰাৰ দৰে নাৰীৰ ব্যক্তিগত আকাংক্ষা বা শংকাই সকলো সদস্যৰ বিচাৰ-বুদ্ধিক বুজাব নোৱাৰে। ইতিমধ্যে কথা-সাহিত্যত নিৰ্বাচন প্ৰক্ৰিয়াৰ তাৎপৰ্যৰ কথা উল্লেখ কৰা হৈছে। খাটনিয়াৰৰ গল্পত চাৰিত্ৰিক বা সামাজিক অৱস্থা ৰূপায়ণত যিবোৰ উদাহৰণৰ সহায় হৈছে তাৰ সাংকেতিক গুৰুত্ব প্ৰবল। গদাৰ অভিনয়ৰ প্ৰসংগটো ইয়াত পৰীক্ষা কৰি চাব পাৰি।

ৰামবিজয় নাট মানে শ্ৰীৰামচন্দ্ৰৰ ভাওটো ৰূপাই ভকতৰ ডাঙৰটো নাতিয়েকক
দিবই লাগিব। নহ’লে গোটেই কৰ্মফেৰাত কেনা লাগিব।... মূল কথাষাৰি
হ’ল— ভাৱৰীয়াৰ পোছাক। ৰূপাই ভকতেন-দহ বছৰ মানৰ পৰাই ভাৱৰীয়াৰ
পোছাকৰ কাৰবাৰত ধৰিছে।

....ৰামবিজয় নাট মেলিলে শ্ৰীৰামচন্দ্ৰ আৰু আন নাটত শ্ৰীকৃষ্ণৰ ভাওটো

খোজৰ শব্দ॥১৯