পৃষ্ঠা:Khojar Xabda.pdf/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইয়াৰ মাজেদি আমাক সেইসমূহ পঢ়াৰ উদগনি দিয়াই প্রধান উদ্দেশ্য আছিল। তেওঁৰ প্রত্যেকখন কিতাপ প্রকাশ পোৱাৰ পিছত আমাক কিবা নহয় কিবা আলোচনীৰ সৈতে একেলগে দিয়ে; যেন তেওঁৰ কিতাপখন গৌণ আৰু আলোচনীখনহে মুখ্য। কেতিয়াবা এনেকুৱাও হয়, আলোচনীখন চকু ফুৰাই থোৱা যায় পিছত পঢ়িম বুলি; কিন্তু তেওঁৰ কিতাপখন নজৰতেই নপৰে। পিছতহে কিতাপখন দেখোঁ।

 ভ্ৰমণবিলাসী খাটনিয়াৰে ন্যূনতম খৰছত বিভিন্ন ঠাই ভ্ৰমণ কৰি গল্পসমূহৰ সমল গোটাইছিল। সেয়েহে তেওঁৰ গল্পসমূহত ভিন ভিন ঠাইৰ পৰিৱেশ আৰু জনসাধাৰণৰ জীৱনশৈলী প্ৰতিফলিত হৈছিল। তেওঁৰ এই অভিজ্ঞতাপুষ্ট গল্পসমূহৰ ওপৰত গৱেষণা কৰাৰ থল আছে বুলি মোৰ মনে ধৰে। আশাকৰোঁ সাহিত্যক্ষেত্ৰৰ ছাত্ৰসমূহে তেওঁৰ গল্পসমূহৰ প্ৰকৃত মূল্যায়নৰ ব্যৱস্থা কৰিব।

 চাকৰি-সংসাৰ আদিৰ ব্যস্ততাৰ বাবে তেওঁৰ বৰ্তমানত তেওঁৰ গল্পসমূহৰ ওপৰত আলোচনা কৰাৰ অৱকাশ উলিয়াব নোৱাৰাৰ বাবে এতিয়া অৱসৰকালীন সময়ছোৱাত তথা তেওঁৰ অবৰ্তমানত বহুত আফচোচ হয়।

 আমাৰ সংসাৰৰ বেছিভাগ বিপদ-আপদতে তেওঁ আছিল প্রথমজন সংগ দিওঁতা লোক। এনে শুভাকাংক্ষী আৰু সহৃদয় লোকজনক হেৰুওৱাৰ বেদনা ভাষাৰে বুজাব নোৱাৰি।

 সদৌশেষত বিপুল খাটনিয়াৰলৈ সশ্ৰদ্ধ অশ্ৰু-অঞ্জলি যাঁচি মোৰ লিখনিটোৰ সামৰণি মাৰিলোঁ।

(লেখক অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা, জলসিঞ্চন, অসম)

২৭২॥খোজৰ শব্দ