পৃষ্ঠা:Khojar Xabda.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদ্যালয়ৰপৰা গুৱাহাটীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলিৰ বাবে জোৰদাৰ প্ৰচেষ্টা চলি আছিল। সেয়া আমাৰ পৰিয়ালৰ বাবে অত্যন্ত জৰুৰী আছিল। শহুৰ দেউতা সম্পূৰ্ণভাৱে শয্যাশায়ী হৈ পৰিছিল। শাহুমা সম্পূৰ্ণভাৱে স্মৃতিশক্তি বিলোপন ৰোগত (Alzheimer) আক্ৰান্ত হৈছিল। তেনে এটা অৱস্থাত সেইসময়ৰ শিক্ষা সচিব শ্ৰীযুত লক্ষ্মী তামুলীদেৱে মোৰ বদলিকৰণত যথেষ্ট সহায় কৰিলে। তেখেতৰ সহায় মই জীৱনতো পাহৰিব নোৱাৰিম। সেই সময়ত মন কৰিছিলোঁ সন্মিলনৰ সকলো কামৰ ভাৰ যেন তেওঁৰেই কান্ধত। সন্মিলনৰ বাবে পুঁজি সংগ্রহ কৰা, স্থান নিৰূপণ কৰা, ডেলিগেটসকলৰ (বিশেষকৈ মহিলা সতীৰ্থসকলৰ) থকাৰ ব্যৱস্থা কৰা, আৱশ্যকীয় লিখা-মেলা, প্ৰেছৰ কাম ইত্যাদি নানানটা কামত ব্যস্ত। ৰাতিপুৱা দেউতাৰ মলিয়ন কাপোৰবোৰ ধোৱাটো আছিল তেওঁৰ প্ৰথম কাম। তাৰপিছত আৰম্ভ হয় সাহিত্য পৰিষদৰ কাম। কামৰ বোজা, দুঃশ্চিন্তা আদিৰ বাবে মানুহজন বৰকৈ খিংখিঙিয়া হৈ পৰিছিল। তেওঁৰ মানসিক অৱস্থাই মোক আতংকিত কৰিছিল। তথাপি তেওঁ কোনোমতেই পিছ হোঁহোকা মানুহ নাছিল। সন্মিলনখন সুন্দৰভাৱে সমাপ্ত হ'ল।

 ২০১৪ চনত নতুন সাহিত্য পৰিষদৰ ১৫তম সন্মিলনখন গুৱাহাটীৰ কমাৰ্চ কলেজত অনুষ্ঠিত হৈছিল। সেই সময়ত তেওঁ সাহিত্য পৰিষদৰ কোষাধ্যক্ষ আছিল। তেতিয়াও দেখিছিলোঁ তেওঁ ভীষণ ব্যস্ত। সন্মিলনলৈ গৈ দেখিলোঁ তেওঁ সভাত নাই। কোনোবাই ক’লে তেওঁ ৰান্ধনীঘৰত আছে। তালৈ গৈ দেখিলোঁ মানুহজনে সতীৰ্থসকলৰ খোৱা-বোৱাৰ তদাৰক কৰি আছে। সাহিত্য পৰিষদৰ পুঁজি ৰাহি কৰিবলৈ তেওঁ নিজেই বহু পৰিশ্ৰম কৰিছিল। কাৰণ সাহিত্য পৰিষদৰ সুনামী সাহিত্যিকসকলৰ লেখাবোৰৰ প্ৰকাশৰ প্ৰতি তেওঁ বেছি আগ্ৰহী আছিল৷ সেই সন্মিলনৰ পিছৰপৰা তেওঁক মানসিকভাৱে কিছু ভাৰাক্ৰান্ত যেন বোধ হৈছিল। সাহিত্য পৰিষদত এনেধৰণে কাম কৰাৰ প্ৰতি আগ্ৰহ যেন হেৰুৱাই পেলাইছিল। পিছৰ ছোৱাত তেওঁ নতুন সাহিত্য পৰিষদৰ অগ্ৰজ সতীৰ্থ উমা শৰ্মাদেৱৰ ৰচনা সম্ভাৰ, বিজনলাল চৌধুৰীদেৱৰ ‘জোনাকীৰ আলোড়ন’ আৰু কবি মোহন কৃষ্ণ মিশ্ৰদেৱৰ ‘সমদল আৰু অন্যান্য কবিতা’ পুথি দুখনৰ পুনৰ সংস্কৰণৰ বাবে প্রায় নিজাববীয়াকৈ দায়িত্ব লৈছিল। উমা শৰ্মাদেৱৰ ৰচনা সম্ভাৰখনৰ কাম সুন্দৰকৈ সম্পাদনা কৰিব পৰাত মই বৰ সুখী হৈছিলোঁ। কাৰণ তেখেতৰ ‘মার্ক্সবাদ জনাৰ কাৰণে’, ‘দ্বন্দ্বমূলক বস্তুবাদ’, ‘সমাজ সভ্যতা আৰু নাৰী’ আদি সৰু সৰু কিতাপবোৰ ছাত্ৰ অৱস্থাত আমাৰ হাতপুথি যেন আছিল, সেই কিতাপবোৰ পঢ়িয়েই আমি মার্ক্সবাদ সম্বন্ধে কিবা অলপ জানিছিলোঁ বুলি আত্মসন্তুষ্টি লাভ কৰিছিলোঁ। ‘নতুন পৃথিৱী’ত

খোজৰ শব্দ॥২৬৭