পৃষ্ঠা:Khojar Xabda.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আচৰণে ইয়াত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। আবৰীয়া ভাওনাত কণটিলৌৰে ল’ব লগা বহুৱাৰ ভাও নাটকৰ প্ৰসংগত অন্ততঃ চাৰিত্ৰিকভাৱে গুৰুত্বপূৰ্ণ নহ’ব পাৰে, অথচ দৰ্শকৰ আশা-প্ৰত্যাশাক সঞ্চালন কৰাত তাৰ স্থিতি অনিবাৰ্য। ভাওনাৰ পৰিৱেশনক লৈ চলা ৰাজনীতিয়ে সেই সমাজৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক চৰিত্ৰৰ ইংগিত বহন কৰিছে। বহুৱাৰ চৰিত্ৰৰ ক্ষেত্ৰত আনহাতে কণটিলৌৱে পালন কৰিব লগা দায়িত্ব ব্যক্তিগত সিদ্ধান্তৰ সীমাতে আবদ্ধ নাথাকি ৰাজহুৱা প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত হোৱা দেখা যায়। ফলত কণটিলৌৰ আচৰণ — চৰিত্ৰ হিচাপে আৰু সেই ভাও লোৱা ব্যক্তি হিচাপে দৰ্শকৰ প্ৰত্যাশাৰ কথাটো কিন্তু আমি তাত বিৰাজ কৰা লোকৰ সমষ্টিৰ সন্মিলিত ভাবধাৰাৰ সমষ্টি বুলি ঠিক ক’ব নোৱাৰোঁ। এই সন্দৰ্ভত আমি প্ৰায় আটাইবোৰ চৰিত্ৰৰ ব্যক্তিগত সংকীৰ্ণতা আৰু ৰাজনৈতিক অভিপ্ৰায়ৰ দিশসমূহ দেখিবলৈ পাওঁ। মানুহৰ সম্বন্ধৰ ৰাজনীতি কিন্তু অতি সূক্ষ্মতাৰে ইয়াত দৰ্শোৱা হৈছে। এই প্ৰক্ৰিয়াও সহায়ক হৈছে খাটনিয়াৰে প্ৰয়োগ কৰা অত্যন্ত উচ্চমানৰ পেৰডি, যাৰ বহুস্তৰীয় পৰিৱেশনে সমাজ, ব্যক্তি, ভাবধাৰা আৰু সমাজৰ সামগ্ৰিক স্থিতিৰ কথা আমাৰ আগত দাঙি ধৰিছে। পেৰডিৰ কথা আলোচনা কৰাৰ পূৰ্বে কণটিলৌ আৰু সোণতৰাৰ সম্বন্ধৰ লগত সংপৃক্ত দুটা পৃথক চিন্তা-ক্ষেত্ৰৰ কথাখিনি আকৌ এবাৰ চাব বিচাৰিছোঁ। যি সমাজৰ দোহাই দি সোণতৰাই স্বামীৰ সমালোচনাত ব্ৰতী হৈছে সেই সমাজত পৰিয়ালটোৰ মৰ্যাদা কিমান? ৰাজহুৱা অনুষ্ঠানতো ব্যক্তিকেন্দ্ৰিক ৰাজনীতিৰ নিদৰ্শন বহুকেইটা পৰ্যায়ত লক্ষণীয়। কণটিলৌৰ অৱস্থান ব্যক্তিগতভাৱে নিৰ্ণায়ক নহয় যদিও সামাজিক পটভূমিত অত্যন্ত প্ৰয়োজনীয়। সেই একেখন সমাজতে ভাওনাৰ চৰিত্ৰৰ ৰূপায়ণক লৈ চলা ৰাজনীতি মাথোঁ ব্যক্তিগত হাবিয়াসৰ সূচক নহয়। ইয়াৰ দ্বাৰা আমি অৰ্থনৈতিক ক্ষেত্ৰখনৰ এটা সুন্দৰ দৃষ্টান্ত দেখিবলৈ পাওঁ। কোনে কি ভাও ল’ব তাৰ ৰাজনীতিৰ লগত এই কাৰ্যক্ৰমণিকাই মানসিক সংকীৰ্ণতাৰো পৰিচয় বহন কৰিছে। কিন্তু মন কৰিব, যদিও অন্যান্য চৰিত্ৰৰ ক্ষেত্ৰত আলোচনা হৈছে আৰু বিকল্প পৰিস্থিতিৰ কথাও বিচাৰাধীন হৈছে, বহুৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰ্যালোচনাৰ অৱকাশ দেখা পোৱা নগ’ল। এই পৰিপ্ৰেক্ষিতত কণটিলৌৰ ব্যক্তিত্ব, সামাজিক প্ৰত্যাশা আৰু সোণতৰাৰ হতাশা একেটা সমতলতে প্ৰতিষ্ঠিত হোৱাত আটাকেইটা বিষয় একেলগে উদ্ভাসিত হৈছে।

 এই আলোচনাৰ আৰম্ভণিতে মই কথা-সাহিত্যত সময়ৰ গুৰুত্বৰ কথা উল্লেখ কৰিছিলোঁ ৷ ‘বহুৱা’ত আমি সময়ৰ এটা মন কৰিবলগীয়া দিশৰ কথা দেখিবলৈ পাওঁ। প্ৰত্যেকটো অভিব্যক্তিৰ আঁৰত একোটা ক্ষুদ্ৰ ইতিহাস আছে। সোণতৰাৰ মানসিক অনিশ্চয়তা, কণটিলৌৰ সমাজ-সচেতনতা বা অন্যান্য চৰিত্ৰসমূহৰ আচৰণৰ একোটা

১৮॥খোজৰ শব্দ