পৃষ্ঠা:Khojar Xabda.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শৰ্মা অৱসৰৰ পিছত থাকিবলৈ গ'লগৈ। ময়ো তেতেলীয়াত এবিঘা মাটি লৈ ঘৰ সাজিলোঁ। ঘৰটো বেয়া নাছিল। লগৰ বাবে শালপতিকে তাতে মাটি এবিঘা কিনি দিলোঁ, অলপ কম দামতে। অৱশ্যে তেওঁলোক তালৈ নগ’ল। পিছত বিক্ৰী কৰি ভাল দাম পালে। কম দামতে পালে বিপুলহঁতেই কিনিম বুলি ভাবিছিল। তেতিয়া গুৱাহাটীত মাটিৰ দাম বহুত বাঢ়ি গৈছিল।

 বিপুল-ৰীণাৰ জীৱনটো সৰল ৰেখাৰ দৰে চলা বুলিব নোৱাৰি। সকলোৰে জীৱনলৈ অহাৰ দৰে তেওঁলোকৰ জীৱনত বাধা-বিঘিনি আহিছে। অৱশ্যে সেইবোৰ তেওঁলোকে অতিক্ৰম কৰিব পৰাটোহে আচল কথা। জীৱনত বহুতৰে স’তে খকা- খুন্দা লাগিছে। এবাৰ মোৰ লেখাবোৰ একো হোৱা নাই বুলি কঠোৰ সমালোচনা কৰি সকলোৰে অপ্ৰীতিভাজন হৈছিল৷ আকৌ আন এবাৰ একো কাম নকৰোঁ বুলিও আমাক সমালোচনা কৰিছিল। নিজৰ দেউতাককে একাধিকবাৰ মোৰ আগতে কঠোৰ বাক্যৰে থকা-সৰকা কৰিছে। এবাৰ মৰিগাঁৱত সাহিত্য পৰিষদৰ বাৰ্ষিক সন্মিলনলৈ তেওঁ, অনিল ৰায়চৌধুৰী বিশেষ কাৰণ নোহোৱাকৈয়ে নাযাওঁ বুলি আছিল। বিপুল আহি অতি উচ্চ মাতত তেওঁক যাবলৈ বাধ্য কৰোঁতে অৱশ্যে বৰ ভাল পালে। ৰাতিটো অতিথিশালাত বৰ ভালকৈ ৰখা হ’ল। তাৰ পিছদিনা পৰমা মজুমদাৰে গাড়ীৰে ঘৰত থৈ গ'লহি। এইদৰে তেওঁৰ বিষয়ে অনেক কথাই মনলৈ আহিছে, নিৱন্ধ দীঘলীয়া হ’ব বুলি সামৰিব খুজিছোঁ। ক'ৰবাত কিবা ভুল ভ্ৰান্তিহ’লৈ সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ।

(লেখক 'নতুন সাহিত্য পৰিষদ'ৰ উপদেষ্টা)

১৭৪॥খোজৰ শব্দ