পৃষ্ঠা:Khojar Xabda.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱনৰ পথ পৰিক্ৰমাত হাতত কলম তুলি লৈ শোষিত-নিপীড়িত মানুহৰ মুক্তিৰ সংগ্ৰাম আগবঢ়াই নিয়াত যি ত্যাগৰ চানেকি ৰাখি থৈ গ’ল তাৰ তুলনা নাই। সমাজবাদী দৰ্শনেৰে উদ্বুদ্ধ হৈ ওৰেটো জীৱন সাম্য-মৈত্ৰীৰ জয়গান গাই নিঃস্বজনৰ আশা- আকাংক্ষাক সাৰ-পানী দি সাৰ্থক গল্প সৃষ্টিৰে সমাজ জীৱন মহীয়ান কৰা এইগৰাকী প্ৰগতিবাদী গল্পকাৰ জীৱন কালতে কিংবদন্তী হৈ পৰিছিল। শৰীৰৰ কেঁচা তেজ- ঘাম, এমুঠি হাঁহিৰে মানুহক আপ্লুত কৰা বিপুল খাটনিয়াৰে গল্প শাণ দি এটি নতুন ধাৰা অসমত পাঠক সমাজলৈ কঢ়িয়াই আনিছিল শিলত কটা কষটি শিল্প-নৈপুণ্যৰে নিজৰ লিখা গল্পৰ ওপৰতে নানা পৰীক্ষা-নিৰীক্ষা চলাই পুনৰ নিৰ্মাণ কৰি পাঠকৰ হৃদয়গ্ৰাহী হোৱাকৈ যিবোৰ কালজয়ী গল্প লিখি উলিয়াইছে তাৰে প্ৰকাশ কৰি উলিয়ায় প্ৰথম গল্প সংকলন ‘খোজৰ শব্দ’ ১৯৮০ চনত। ইয়াৰ পিছত ইখনৰ পিছত সিখনকৈ ‘চিনাকি মুখৰ ছবি’ (১৯৯৫), ‘দখাৰ’ (১৯৯৯), ‘তাই কাপোৰ নিপিন্ধে’ (২০০২), ‘ভিন্ন জীৱন ভিন্ন কথকতা’ (২০০৯), ‘চিনাকি মুখ অচিনাকি ছবি’ (২০১০), ‘ঘঁৰিয়ালডাঙাৰ কথা’ (২০১৬), আৰু ‘হাৱা ভাল চলা নাই’ (২০২০)-ৰ দৰে চিন্তা উদ্ৰেককাৰী গল্প সংকলনৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

 অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনি বিভাগৰ এজন কৰ্মকুশলী ভূতত্ত্ববিদ হিচাপে সন্ত্ৰাস জৰ্জৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম ঠাইবিলাকলৈ গৈ শিবিৰ পাতি কৰ্মচাৰী, বনুৱাৰ লগত একেলগে থাকি বিভাগটোৰ ড্ৰিলিঙৰ কামকে ধৰি বিভিন্ন ধৰণৰ অতি কষ্টসাধ্য জৰীপ কাৰ্য চলাবলৈ যাওঁতে কেতিয়াবা উগ্ৰপন্থীৰ সমুখতে বেয়াকৈ পৰি গৈছে। যাত্ৰীসকলক বাছৰপৰা এজন এজনকৈ নমাই লৈ সমুখত পাৰি থোৱা গামোছাখনলৈ আঙুলি টোৱাই অস্ত্ৰধাৰী যুৱকে হাঁহি হাঁহি কৈছে, ‘ইয়াতে অকণমান মৰম কৰি দিব দেই’। প্ৰাণৰ ভয়ত পেপুৱা লগা যাত্ৰীসকলে লগত নিয়া টকা-পইচা সোপাকে তাত দি বেজাৰ মনে বাছত উঠিছে। এইদৰে ঘূৰি ফুৰোঁতে কেতিয়াবা উত্তৰ কাছাৰ- কাৰ্বি আংলং জিলাৰ কাৰ্বি-ডিমাছা, কেতিয়াবা আকৌ নাগালেণ্ড-মিজোৰামৰ সীমান্তৱৰ্তী পাহাৰ-ভৈয়ামৰ জনজাতিসকলৰ মৰম আকলুৱা আতিথ্য, সুখ-দুখ, অভাৱ-অভিযোগ, জীৱন-যন্ত্ৰণাৰ লগত একাত্ম হৈ পৰিছে। হাঁড়ে-হিমজুৱে, মনে- প্ৰাণে তেওঁলোকৰ মাজৰে এজন হৈ পৰা খাটনিয়াৰে একেবাৰে কাষৰপৰা তেওঁলোকৰ জীৱন-যন্ত্ৰণা, শোষণ-বঞ্চনাৰ স্বৰূপ, কাৰণ অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ হতাশা-দুৰ্দশা, অৱহেলা, শোষণ-বঞ্চনা, সুখ- দুখ, হাঁহি-কান্দোনেৰে ভৰা জীয়া যন্ত্ৰণাবিলাক একোটা বাস্তৱ কাহিনী, চৰিত্ৰৰ ৰূপ

দি গল্প নিৰ্মাণ কৰিবলৈ গৈ ভাৰতৰ খ্যাতনামা প্ৰগতিশীল গল্পকাৰ মুন্সী প্ৰেমচন্দৰ

খোজৰ শব্দ॥১৫৭