পৃষ্ঠা:Khojar Xabda.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গণবোধ সৃষ্টিৰ তাড়নাত
‘পৰে পৰে ডাক’ দি থকা মানুহজন

মইনা গোস্বামী

বিংশ শতিকাৰ আশীৰ দশকতেই সম্ভৱতঃ ‘নতুন পৃথিৱী’ত প্ৰকাশিত গল্পৰ মাজেৰে আমাৰ চিন্তালৈ আহিছিল খাটনিয়াৰ। সেই সময়তেই তেখেতৰ গল্পৰ কথন- ৰীতিয়ে আমাৰ চেতনাত টুকুৰিয়াইছিল, আমাৰ বিদ্যা-বুদ্ধিক যেন ভেঙুচালিও কৰিছিল। আমি তেখেতৰ গল্প পঢ়ি এক নতুন আস্বাদ পাইছিলোঁ; অথচ বিব্ৰতও হৈছিলোঁ। বিব্ৰত হৈছিলোঁ এই কাৰণেই যে, তেখেতে ব্যৱহাৰ কৰা কিছুমান শব্দ বাক্যত জুৰি দিয়া বাবেহে বুজিছিলোঁ। কিছু শব্দৰ ব্যঞ্জনা বুজিবলৈ সময় লাগিছিল। তেখেতৰ গল্প চিধা-চিধি চৰ্মচকুৰে মৰ্মলৈ অহা আলোকচিত্ৰ নহয়; প্ৰতিটো গল্পই যেন দীৰ্ঘ কচৰতেৰে আঁকি উলিওৱা একোখন সমাজ জীৱনৰ পেইণ্টিং, তুলিকাৰ ৰঙৰ সলনি শব্দই খেলা কৰে য’ত। তেখেতে শিপাৰে সৈতে তুলি আনে চৰিত্ৰ। চৰিত্ৰৰ মুখৰ ভাষা ইমান নিৰহ-নিপানীকৈ আয়ত্ত কৰাৰ বাবে তেখেতে জীৱনৰ কোন সময়ত কেনেকৈ চৰ্চা কৰিছিল, সেই কথা আলোচনা কৰাৰ বাবে আমি সুযোগেই নাপালোঁ। কত কথা যে পাতিবলগা আছিল আমাৰ! নিবন্ধবোৰো আছিল সমাজ জীৱনক লৈ বুদ্ধিদীপ্ত চিন্তাৰ বাৰ্তা।

 আবু আৰু মায়ে শৈশৱত আমাক এখন সাধুকথাৰ মনোৰম ৰাজ্যত ঘূৰাই লৈ ফুৰাইছিল। খাটনিয়াৰৰ গল্পই আমাক আবু আৰু মায়ে স্থানীয় কথিত উপভাষাত কোৱা সেই কথনভংগীলৈ বাৰে বাৰে মনত পেলাই দিয়ে। কেৱল খাটনিয়াৰে শাণিত বুদ্ধিগম্য উপকৰণেৰে গল্পৰ থালখন সুষমামণ্ডিত কৰে।

 লেখকেই হওক বা পাঠকেই হওক, কিম্বা লেখক-পাঠক একো নহওকেই, মানুহ এজনক জানিবলৈ আমাৰ ছাৰ এজনে এখন দুৱাৰৰ কথা কৈছিল। মনৰ দুৱাৰ। মনত সোমাব পৰাকৈ সকলোৰে এখন বিশেষ দুৱাৰ থাকে। পিচে সেই দুৱাৰখন চিনিব খুজিলেও বৰ সহজতে চিনিব নোৱাৰি। কিছুমানে আকৌ অনবৰত

খোজৰ শব্দ॥১৩১