পৃষ্ঠা:Khojar Xabda.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যি ঋণ কেতিয়াও শুজা নাযাব

বীথিকা হাজৰিকা

‘মই মৰিলে কান্দিবলৈ তুমি হে আছা।’

 —ধেমালিতে প্ৰায়েই মোক কৈছিল।

 — বৌৱেও কয়, ‘যিবোৰ কথাহে লিখা, মানুহৰ মুখলৈ চাবলৈ নাই, সঁচা হ’ল বুলি মুখৰ আগতে যেনেকৈহে কোৱা, এনেকৈ লিখিব, ক’ব লাগেনে বাৰু? কোনে ভাল পাব কোৱাচোন বীথিকা।’ তথাপি বিপুলদাক মানুহে ভাল পায়। ভিতৰে বাহিৰে একে৷ যি কয় মুখৰ আগতে কয়। লুক-ঢাক নাই। কোনোবাই নসহে। বহুতে ভাললৈ বুলি গ্ৰহণ কৰে। এবাৰ মোক তেখেতৰ ঘৰলৈ অহা মানুহ এজনৰ সন্মুখলৈ মতাই আনি চিনাকি কৰাই দিছিল এনেদৰে, ‘চাওক চোন চাওক, এইক চালাক যেন লাগে নে বেঙী যেন? এইৰ গেট আপটোহে তেনেকুৱা কিন্তু, ইমান বেঙী বুলি নাভাবিব!’ মই যিমান অপ্ৰস্তুত হৈছিলোঁ মানুহজন তাতোকৈ বেছি অপ্ৰস্তুত হৈছিল। বিপুল দা তেনেকুৱাই। কেতিয়াবা বৰ খং উঠাই দিয়ে। কিন্তু বেয়া পাই থাকিব নোৱাৰি, মানুহৰ প্ৰতি ভালপোৱাৰ সোঁত এটা মানুহজনৰ মাজত অহৰহ যে বৈ থাকে জনাই জানে।

 ‘নতুন সাহিত্য পৰিষদ’ আৰু ‘ভূমি’-ৰ জৰিয়তে তেখেতৰ সৈতে ব্যক্তিগত সম্পৰ্ক গঢ়ি উঠিছিল। একেবাৰে ঘৰৰে সদস্য যেন হৈ পৰিবলৈ সৰহ সময় নালাগিল। নতুন সাহিত্য পৰিষদৰ বিহালী শাখাই (এতিয়া সেই শাখা নাই) বিহালী কলেজত আয়োজন কৰা গল্প লিখাৰ কৰ্মশালা এখনলৈ বিপুলদা এবাৰ আহিছিল। বৰ সুন্দৰকৈ হোৱা অনুস্থানটিত উপস্থিত থকাসকলৰ বহুতে তেখেতৰ কথা এতিয়াও সোধে। দূৰত্ব অনুভৱ কৰিবলৈ নিদি মানুহক ওচৰ চপাইল’ব পৰা ব্যক্তিত্ব আছিল তেখেতৰ। কৰ্মশালা হৈ যোৱাৰ পাছদিনা আমাৰ ঘৰৰ সদস্য হেন বাসনা দিদিৰ ঘৰলৈ লৈ গৈছিলোঁ।আমাৰ মাৰ বয়সৰ বাসনা দিদিৰ এগৰাকী জীয়েক ডি ভোটাৰ হিচাপে

খোজৰ শব্দ॥২১৫