পৃষ্ঠা:Khojar Xabda.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুকানসুঁতিৰ উচুপনি

অঞ্জলী দলে

বিপুল খাটনিয়াৰদেৱ কেৱল গল্পকাৰেই নাছিল, তেখেত এজন আগ্ৰহী অনুবাদকো আছিল। এদিন কাগজ কলম হাতত লৈ আমাৰ ঘৰলৈ আহি মোক ক’লে, ‘আপোনাৰ লিখি থোৱা সেই ঐনিঃতমবোৰ মোক দিয়কচোন, মই অসমীয়ালৈ অনুবাদ কৰিম।’ তেখেতে মোক কাষত বহুৱাই লৈ নিঃতমৰ অৰ্থবোৰৰ কিছু আভাস লৈ অসমীয়ালৈ অনুবাদ কৰিবলৈ ল’লে। তেখেতৰ অনুবাদখিনি এখন আলোচনীৰ এটা সংখ্যাত প্ৰকাশ কৰি দিয়ে। তেখেতৰ অনুবাদ বৰ সুন্দৰ আৰু অৰ্থপূৰ্ণ হোৱা বুলি সকলোৰে পৰা আদৰ পাইছিলে। তেখেতৰ এই অনুবাদখিনি মই কেইবাখনো আলোচনী আৰু Assam Luttad নামৰ মিচিং বাতৰি কাকতখনত প্ৰকাশ কৰিবলৈ আগবঢ়াই দিছিলোঁ। তেখেত এজন মহান অন্তৰৰ ব্যক্তি আছিল। জাতিভেদৰ ভাবে তেখেতৰ অন্তৰত ঠাই নাপাইছিল। জনজাতিৰ জীৱনশৈলীৰ ওপৰত তেখেতে বহুকেইটা গল্প লিখাৰ কথা মই আগৰেপৰা জানিছিলোঁ আৰু দুই-এটা পঢ়াৰ সুবিধা পাইছিলোঁ। তেখেতৰ মৃত্যুৰ দুবছৰ পূৰ্বে আমাৰ ঘৰত (মাজুলীত) এদিন উপস্থিত হৈ চাৰিদিনৰ ভ্ৰমণসুচী হাতত লৈ গোটেই উজনি মাজুলী ঘূৰি আহিছিল। আমাৰ গাঁৱৰ ঘৰত থাকি বহুত ভাল লগাৰ কথা তাৰপৰা আহিয়েই মোক জনাইছিল। তেওঁ আমাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তিৰ ব্যৱহাৰ আৰু চাংঘৰত থকাৰ মাদকতাৰ কথাও কৈছিল। আমাৰ ঘৰৰ সকলোকে তেখেতৰ স্বভাৱসুলভ আপোনতাৰে মুগ্ধ কৰিছিল। তেখেতে আকৌ মাজুলীলৈ যোৱাৰ সংকল্প কৰি থৈছিল। কিন্তু নিয়তিয়ে তেখেতৰ এই আশা পূৰ্ণ হ’বলৈ নিদিলে।

 তেখেতৰ অনেক স্মৃতি আমাৰ সকলোৰে অন্তৰত ভাহি আছে। এদিনৰ নহয় অনেক দিনৰ কথা, মানুহজনৰ ভাগৰ বোলা বস্তুটো নাছিলেই। ওচৰ-চুবুৰীয়াক খুহুতীয়া কথাৰে হঁহুৱাই থৈ যোৱাটো তেখেতৰ অতি আদৰ্শনীয় স্বভাৱ আছিল। ঘৰৰ চোতালত কাম-বন কৰি থকাৰ সময়ত তেখেতে লগ পালে বাইকখন ক্ষন্তেক ৰখাই হ’লেও কিবা এষাৰ কৈ হঁহুৱাই থৈ যায়। ঘৰুৱা পৰিধানত থাকি অলপ ইতস্ততঃ হৈ চোতালৰপৰা

২৫৬॥খোজৰ শব্দ