পৃষ্ঠা:Khojar Xabda.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এইবাৰ চাকৰি জীৱনৰ খাটনিয়াৰ আৰু মোৰ দুয়োজনৰে কিছু কথা নিলিখিলে লেখাটো আধৰুৱা হৈ ৰ'ব। ১৯৮৪-৮৫ চনৰপৰা তেখেত আৰু মই বহুকেইখন কৰ্মক্ষেত্ৰত একেলগে কাম কৰিছিলোঁ। নামৰূপত কয়লা বিচাৰি দুয়োজনে লেউ- লেউ জোকৰ মাজত কাম কৰাৰ অভিজ্ঞতা হৈছিল। মেপিং আৰু খননৰ। চৰাইপুঙত খনন কাৰ্য কৰোঁতে এটা ডেকা ল’ৰাই খুৰাকক কোৱা কথা এষাৰত আমি দুয়ো বৰ আনন্দিত হৈছিলোঁ আৰু হাঁহিছিলোঁ। কথাটো আছিল এনে যে খননৰ বাবে পানী যোগান ধৰা প্ৰেচাৰ পাম্পটোৰ পাইপডাল উঠা নমা কৰি থকাৰ বাবে ডেকাজনে খুৰাকক মাতি ক’বলৈ ধৰিলে— অ’ দাইটি এই মিচিনটো চাছোন কেনেকৈ মানুহৰ দৰে উশাহ লৈ আছে।

 একেদৰে উমৰাংচুৰ পৰা দিহাংগীলৈ ৰাস্তাই ৰাস্তাই দাঁতিকাষৰীয়া ঠাইবিলাকত মেপিঙৰ কাম কৰোঁতে দুই এদিনৰ মূৰে মূৰে চাৰ্কিট হাউচ পালে তাতে কেম্প কৰি ওচৰ পাজৰৰ কামখিনি কৰি শেষ কৰিছিলোঁ। খাটনিয়াৰ, অৰ্পণ দত্ত আৰু মই এখন জীপগাড়ী লৈ কামখিনি কৰিছিলোঁ। সকলোতে খাটি গাখীৰ উভৈনদী আছিল আৰু বেছিকৈ গাখীৰ খাই কেউটাই পেটৰ অসুখত ভুগিছিলোঁ। এদিন এনেকৈ গৈ থাকোঁতে দুজন মানুহে এটা হৰিণা মাৰি সাঙি কৰি আনি থকা আমি সকলোৱে দেখা পাই মানুহ দুজনক ৰখাই লৈ পহুটোৰ দাম-দৰ কৰাত লাগিলোঁ। তিনিশ টকাৰ পৰা নামি গৈ এশ বিশ টকাত হৰিণাটো কিনি জীপৰ পিছফালে তুলি লৈ এটুকুৰা সুচল ঠাইত কেম্প পাতি এজোপা গছৰ ফেৰেঙনিত পহুটো ওলোমাই গুচাব পৰা মানুহলৈ অপেক্ষা কৰা হ’ল। এনেকৈ বাট চাই থাকোঁতে এজন নেপালী মানুহে কিছু মাংসৰ বিনিময়ত পহুটো কাটি বাচি দিলে আৰু তাৰে যিমানখিনি পাৰি তিনিদিন মানলৈ খাইবাকীখিনি তলত জুই দি ভালকৈ শুকুৱাই ঘৰলৈ আনিছিলোঁ। দিহাংগীত জঁপিয়াই থকা শিলঘৰীয়া মাছ আনি বেপাৰীয়ে দি গৈছিল, কিলো বিশ টকা দৰত। কথাবোৰ ভাবিলে আজিও সেই সোণালী দিনবোৰলৈ মনত পৰে।

 একেদৰে খাটনিয়াৰ আৰু মই কয়লাজান নামৰ ঠাইখিনিত মণিক সন্ধানৰ কাম কৰি থাকোতে এজন মানুহে আহি ক’লেহি বোলে, “মই ছাৰহঁতক এটুকুৰা আচৰিত ঠাইলৈ লৈ যাব পাৰোঁ যত ওপৰৰপৰা তৰাৰ দৰে পাথৰ পৰি থাকে আৰু অকলে সেই ঠাইলৈ কোনো নেযায়।” সেয়ে এদিন মানুহজনক লৈ জীপেৰে যাওঁতে ৰাস্তাটো ইমান থিয় পালোঁ যে জীপ ওপৰলৈ নিব পৰা নগ’ল। পিছদিনা প্ৰায় পোন্ধৰ কিলোমিটাৰ খোজ কাঢ়ি গৈ গন্তব্যস্থান পালোঁগৈ। তাত দেখা পালোঁ যে ওচৰতে

পাহাৰ এটাৰপৰা তলেদি বৈ যোৱা নিজৰাটোলৈ দুই এটুকুৰা কোৱাৰ্টজৰ কিউব

২৩২॥খোজৰ শব্দ