পৃষ্ঠা:Khojar Xabda.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভিন্ন জীৱন ভিন্ন কথকতা

প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

ভিন্ন জীৱন ভিন্ন কথকতা বুলি বিপুল খাটনিয়াৰৰ কিতাপ এখন আছে। তাৰ কোনোটো গল্পৰে নাম ‘ভিন্ন জীৱন ভিন্ন কথকতা’ নহয়। তেওঁৰ গল্পবোৰে একেলগে মনত পেলোৱা সাঁচেৰেই কিতাপখনৰ নাম। তেওঁ নিজৰ গল্পৰ বিষয়ে অলপ কৈছে, যেনে কিতাপবোৰৰ এপিঠীয়া-ড্ৰেৰপিঠীয়া পাতনিবোৰত। তথাপি সেইবোৰ দীঘল, ‘ভিন্ন জীৱন ভিন্ন কথকতা’ শব্দ চাৰিটাৰ তুলনাত। ক’বলৈ গ’লে এইকেইটা শব্দ গল্পবোৰৰ ৰেহ-ৰূপ সন্দৰ্ভত আটাইতকৈ চুটি অথচ আটাইতকৈ কথকী বিৱৰণ। খাটনিয়াৰে উত্তৰ-পূৰ্বাঞ্চলৰ চমকা-চমক জনজীৱনৰ কথা-মালিকা গাঁথি গৈছে৷ জীৱন বিচিত্ৰ, কথা অলেখ, দৃষ্টিকোণ ন ন আৰু সেই অনুসাৰে কথন ভিন্ন। ভাবাদৰ্শগত স্থিতিৰ কিন্তু ইফাল-সিফাল নাই। সময় পাৰ হৈছে, জনগাঁথনিৰ হৈছে হেৰ-ফেৰ, সমাজ সলনি হৈছে, ইতিহাস বদলিছে, বহু কথা হৈ ৰৈছে অকথিত — কিন্তু মানুহৰ সমাজজাত বেদনাবোৰ কোনোকালে শেষ হোৱা নাই, মনো-সামাজিক বাতাবৰণ জটিল হৈছে দিনে দিনে। খাটনিয়াৰে সেইবোৰ দেখুৱাইছে সেইবোৰ শেষ হোৱাৰ, সৰল হোৱাৰ কামনাৰে। সমাজ-বিপ্লৱৰ বতাহে ফুওৱা সেইকামনাৰ শিখাই তেওঁৰ বিচিত্ৰ ছবিবোৰক এক পবিত্ৰ ভালপোৱাৰে পোহৰাইৰাখিছে। তাকে দেখি তেওঁৰ চহকী প্ৰকাশভংগীৰে এই লেখাৰ নাম দিয়া গৈছে— লেখাটো কেৱল এখন কিতাপৰে আলোচনা নোহোৱা সত্বেও।

 কথাৰে খুন্দ খাই আছে খাটনিয়াৰৰ গল্পবোৰ। সেইবোৰৰ ঘনত্ব কেতিয়াবা দেবেন্দ্ৰনাথ আচাৰ্যৰ অন্য যুগ অন্য পুৰুষৰ ঘনত্বৰে তুল্য। আচাৰ্যৰ এই চুটি উপন্যাসখন অসমীয়া জাতিটোৰ অতীতৰ ধান-ধনৰ খোটালি-টোম; শেষত লগোৱা দুটামান দফাৰ চাৰি-আঙুল জোখৰ ঢাকোনখন মাথোন উত্তৰ-ঔপনিৱেশিক লেখকে আয়ত্ত কৰা প্ৰতি-ঔপনিৱেশিক জাতীয়তাবাদৰ। অৱশ্যে সেই জাতীয়তাবাদেহে

লেখকক ধান-ধনখিনি ভাগে ভাগে আতোলতোলকৈ সাঁচিবলৈ-সজাবলৈ দিছে।

৩৪॥খোজৰ শব্দ