পৃষ্ঠা:Khojar Xabda.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গল্পৰ সামৰণিত যি কাৰুণ্যৰ আৱহ সৃষ্টি কৰা হৈছে; সি আমাৰ সমাজৰ নিদাৰুণ বাস্তৱতাক সূচিত কৰিছে। ‘শিল্পীৰ চুবুৰীত দেৱালী’ত বুদ্ধিদীপ্ত কথনেৰে কৰুণ হাস্যৰ অৱতাৰণা কৰা হৈছে। যুৱ সমাজৰ ৰুগ্ন আৰু নগ্ন মানসিকতাই ‘শিল্পীৰ চুবুৰীত দেৱালী’ উদ্‌যাপনৰ আহিলা হৈ পৰিছে। সমাজৰ সৰু বৰ প্ৰতিটো কথাতে সূক্ষ্ম দৃষ্টি দিয়া বাবে খাটনিয়াৰৰ গল্পবোৰৰ সুখপাঠ্যতা বাঢ়িছে। যি সময়ত পৰীক্ষা- নিৰীক্ষাৰ আধিক্য-অত্যুৎসাহ আৰু আংগিকৰ কটাকটি খেলৰ ভেল্কিবাজীৰে গল্পৰ কচৰৎ চলে; সেই সময়তে খাটনিয়াৰৰ গল্পই সমাজ জীৱনৰ নানা ৰূপ বাৰেবৰণীয়া ৰূপত উদ্ভাসিত কৰি তোলে। গভীৰ অন্তৰ্দৃষ্টি আৰু তীক্ষ্ণ সমাজানুসন্ধান অবিহনে এনে গল্প কোনেও সৃষ্টি কৰিব নোৱাৰে। খাটনিয়াৰৰ গল্পৰ narrativeত কথন বিশ্বৰ নানা সম্ভাৱনা লুকাই থাকে। বিপুল খাটনিয়াৰৰ গল্পত শোষণ অবদমনৰ আৱহে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। খাটি খোৱা মানুহে পদে পদে পাই অহা লাঞ্ছনা আৰু বঞ্চনাৰ চিত্ৰায়নেৰে তেখেতে কেইবাটাও মনোগ্ৰাহী গল্প ৰচনা কৰিছে। সুগভীৰ জীৱনানুসন্ধান, ঐতিহ্য তথা ইতিহাস চেতনা আৰু সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ সতে থকা পৰিচিতিৰ বাবেহে তেখেতে গল্পত এক বিৰাট সামাজিক ক্ষেত্ৰক উপস্থাপন কৰিব পাৰিছে। তেখেতৰ গল্পত সমাজ জীৱনৰ নানা দ্বিধা-দ্বন্দ্ব দ্ব্যৰ্থহীন ৰূপত প্ৰকাশিত হৈছে। আদিপৰ্বৰ গল্পসমূহত তেখেতে কাহিনীত গুৰুত্ব দিয়া দেখা যায় যদিও কাহিনী কথনৰ সুৰটো একক আৰু অনন্য। ‘সীমিত অভাৰ’ গল্পটোত সাম্প্ৰদায়িক বিষবাষ্পৰ চিত্ৰণ দেখুওৱা হৈছে যদিও গল্পটোৰ শেষত এক উজ্জ্বল আশাবাদে ভূমুকি মাৰিছে। ‘হায় মলুৱা’ গল্পটো এহাল বান্দৰৰ কাহিনীৰে ৰচিত। এহাল বান্দৰৰ বন্দীদশা আৰু তাৰে এটাৰ আকাংক্ষিত ‘মুক্তি’ৰ কাৰুণ্যই গল্পটো ব্যতিক্ৰমী কৰি তুলিছে। পূৰ্বে উনুকিওৱা হৈছে যে খাটনিয়াৰৰ গল্পত প্ৰান্তীয় আৰু খাটিখোৱাজনৰ জীৱনচৰ্যাই বিশেষ গুৰুত্ব পাইছে। ‘বিকৰ্ষণ’ তেনে এক গল্প। ‘টিমুং’ নামৰ এক সহজ সৰল জনগোষ্ঠীয় মানুহ আৰু সমাজৰ ‘বাবু’ শ্ৰেণীৰ মানুহৰ দ্বন্দ্ব গল্পটোৰ মূল বিষয়। টিমুং সৰল আৰু প্ৰাণখোলা স্বভাৱৰ। গুৱাহাটীৰ দাঁতিকাষৰীয়া ঠাইলৈ ‘বাবু’ শ্ৰেণীৰ স্বাভাৱিক গমনে টিমুঙৰ অস্তিত্বকে বিপন্ন কৰি পেলাইছে আৰু তেওঁ ভেটি মাটি বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লৈছে। প্ৰান্তীয় চেতনাৰ পৰাও গল্পটোৰ গুৰুত্ব আছে। গল্পটোত টিমুঙৰ জীৱনযাত্ৰাৰ ব্যাপক বিৱৰণ আছে। নৈ, জান-জুৰি পাহাৰৰ সমীপত বাস কৰা টিমুঙে ‘বাহিৰ ফুৰিবলৈ’ ঠাই এটুকুৰা নোপোৱা হৈছে। টিমুঙৰ চৰিত্ৰ অংকণত লেখকৰ কৌশলী হাতৰ সিদ্ধহস্ততাৰ পৰিচয় পোৱা

যায়। টিমুঙ মাথোঁ এটা চৰিত্ৰ নহয়; ই আচলতে জনগোষ্ঠীয় জীৱনধাৰাৰে এক

৫৬॥খোজৰ শব্দ