পৃষ্ঠা:Khojar Xabda.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমাৰ ফটা মুখে কৈ আহিলেই হ’লনে? মোৰ এযোৰেই পোছাকী কাপোৰ।
তাকো আমুকীৰ ঘৰৰপৰা দিয়া যৌতুকীয়া। তাকে সামৰি-সুতৰি অ’ৰ তালি
ত’ত মাৰি চলিছোঁ। এওঁ আক’ তাৰ ওপৰতে দাতাকৰ্ণ ওলাইছে। নিজৰ
মাইকীক নঙঠা কৰি হাটলৈ নি বেচিব। বিয়া হোৱা পাঁচ বছৰ হ’ল আশী
সূতাৰ চাদৰ এখনকে দি পাইছানে? মই ফাপৰীয়ে আইৰ ঘৰত আৰ্জি অহা
বিদ্যাকণেৰে কাটি-বাটি লৈছোঁ গুণেৰে আঁৰৰ মাজত আছোঁ। হে মোৰ প্ৰভু।
এওঁ আমুকীক একেবাৰে চাঙত তুলি ধোঁৱা দি ৰাখিছে।

বলধটোহে আগে। বাকীবোৰ...। কণটিলৌৱে শান্তভাৱে ক’লে, হ’ব দে।
কাপোৰ এযোৰনো কি ডাঙৰ কথা, এইবাৰ খেতি উঠক। এযোৰ লৱ দহযোৰ
লৱ তোৰ কথা। দে পানী এলোটা দে। টেটুটো শুকাই আহিছে। বলধটোও
চাগে ৰাতিটো পাৰ নহ'ব।

এওঁৰ বলধহালৰ চিন্তাহে বেছি হ’ল। সোণতৰাই ৰণচণ্ডী মূৰ্তি ধৰিলে, মই
মানুহজনীৰ ইমান বছৰে পেটভাৰী নহ'ল তাৰ খিয়াল হ’লে নাই। কিবা
বেজ-জ্ঞানীকে কৰাওঁ সেয়ো নাই। নিজে সেই, আৰু গোটেই গাঁৱৰ মানুহে
কয় মই বাঁজী। হে প্ৰভু! কি চাবলৈ এই পিথৱীত জীয়াই ৰাখিছা। (খাটনিয়াৰ
২০০৯: ১৬)

 সমান্তৰালভাৱে তিনিটা বেলেগ চিন্তা-ক্ষেত্ৰৰ ইয়াত সংযোজন হৈছে। সোণতৰাৰ সামাজিক পৰিচয় (বাঁজী) আৰু তাৰ লগত সংপৃক্ত তেওঁৰ যৌনলিপ্সা, আবতৰীয়া ভাওনাৰ প্ৰতি থকা কণটিলৌৰ ৰাজহুৱা দায়বদ্ধতা (যাৰ বাবে পোছাক প্ৰয়োজন) আৰু বলধটোৰ লগত তাৰ সম্বন্ধ একেটা পৰিস্থিতিত সন্মিলিত হৈছে। প্ৰত্যেকটোৰে একোটা সুকীয়া স্বকীয় ইতিহাস আছে। ৰাইজে পতা ভাওনাত কণটিলৌৱে লোৱা বহুৱাৰ ভাও এই সংস্কৰণৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ই বহুকেইটা পৰ্যায় অতিক্ৰম কৰি আহিছে আৰু গাঁওবাসীৰ প্ৰত্যাশা কণটিলৌৰ দায়বদ্ধতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। সেয়ে ভাওনাত পোছাকযোৰ ব্যৱহাৰ কৰা কাৰ্যক্ৰমণিকা অগতানুগতিক নহয়। সমান্তৰালভাৱে সোণতৰাৰ যৌন অভিপ্ৰায় আৰু সামাজিক তিৰস্কাৰ সন্মিলিত হৈ পৰিস্থিতিটোক অন্য এক ৰূপ প্ৰদান কৰিছে। পুঞ্জীভূত আক্ৰোশ আৰু হতাশাই ইয়াত উদ্‌গীৰণ হৈ কণটিলৌৰ মানসিক আশংকাৰ ওপৰত অপ্ৰত্যাশিত আঘাত দিছে। কণটিলৌৰ বাবে সোণতৰাৰ চিন্তাৰ ৰেখাডাল অপৰিচিত নহয়। একেটা পৰিয়ালৰ সদস্য আৰু সমভাগী হোৱা হেতুকে দুয়োৱে পৰস্পৰৰ মানসিক স্থিতিৰ লগত নিশ্চিতভাৱে পৰিচিত। সমস্যাটো কিন্তু ইয়াত অন্য ধৰণে ৰূপায়িত হৈছে। বলধৰ স্বাস্থ্যই কণটিলৌৰ মনোজগত ছানি ধৰা অৱস্থাত চিৰ পৰিচিত পাৰিবাৰিক হাবিয়াসৰ এই ধৰণৰ অভিব্যক্তিয়ে তেওঁক সঁহাৰিৰ বাবে

১৬॥খোজৰ শব্দ