পৃষ্ঠা:Khojar Xabda.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাছ ধৰিছিলোঁ। প্ৰায় অনুৰূপ পটভূমিৰ স্মৃতি বিজড়িত হৈ থকাৰ পাছতো মোৰ সাহিত্য সৃষ্টিৰ উদ্যোগ বিপুলতকৈ কিয় বেলেগ ফালে ঢাল খাইছিল, কিয় মই চাত্ৰেৰ ‘নজিয়া’ (Nausea) নামৰ দৰ্শনভিত্তিক উপন্যাসৰ অনুকৰণ, নিজস্ব জীৱন দৰ্শনৰ অৱলম্বনত গল্প নিৰ্মাণত হাত দিছিলোঁ, ভাবিলে আচৰিত লাগে। জীয়া বাস্তৱৰ সলনি মই কিয় তেনেকুৱা পৰীক্ষাত হাত দিছিলোঁ, মই কথাটো কোনোদিনেই ভবা নাই। ১৯৭৬ চনৰ পাছৰপৰা মই কিয় গল্প লিখা বন্ধ কৰিলোঁ সিও নিশ্চয় এক আন্তৰিক অনুসন্ধানৰ বিষয়। মই লিখা গল্পবোৰৰ এক সংকলন আছে, নাম ‘দুখৰ ৰাতি’। তৎসত্বেও কিন্তু মই প্ৰগতি আৰু অগ্ৰণীৰ তাৎপৰ্য সেই কলেজৰ দিনৰপৰাই গুৱাহাটীৰ বৌদ্ধিক পৰিৱেশত উশাহ ল’বলৈ সুবিধা পোৱাৰ দিনৰেপৰাই অনুধাৱন কৰিবলৈ চেষ্টা কৰিছিলোঁ। অনুৰূপ পটভূমিৰপৰা আহি মই গল্পৰ জগতত হেৰাই গ’লোঁ; কিন্তু বিপুল খাটনিয়াৰৰ সাধনাই অসংখ্য গুণমুগ্ধৰ সৃষ্টি কৰিলে— তাৰ কাৰণ নিশ্চয় তেওঁৰ ‘বাস্তৱ জ্ঞান’ আৰু সামাজিক চেতনাৰ প্ৰতি অবিচল আনুগত্য। ডেকা বয়সৰ চাৰ্ডেৰ প্ৰভাৱত মই হয়তো ব্যক্তি স্বাধীনতাৰ একপক্ষীয় বা বিচ্ছিন্ন অস্তিত্বৰ ভিত্তিত গল্প লিখিছিলোঁ; কিন্তু তাৰ বিপৰীতে বিপুল খাটনিয়াৰে ‘Free- dom of the individual as a member of the society', তেনে বাস্তৱ অভিজ্ঞতা তথা উপলব্ধিৰ ভিত্তিত গল্প লিখিছিল আৰু সফলতা লাভ কৰিছিল৷ এনেকৈ বিচাৰ কৰিলে দেখা যাব যে মোৰ গল্পই হয়তো পাঠকৰ মনত বিচিত্ৰ প্ৰতিক্ৰিয়াৰ জন্ম দিছিল, যাৰ কোনো উত্তৰ নাছিল; কিন্তু বিপুল খাটনিয়াৰৰ গল্পই পাঠকৰ হৃদয়ত গৈ থিতাপি ল’বলৈ সক্ষম হৈছিল, যিটো কথা আমাৰ সাহিত্যৰ পৰিৱেশত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। এই ধাৰাৰ তিনিগৰাকী ৰসোত্তীৰ্ণ কথাশিল্পীৰ নাম হ’ল শীলভদ্ৰ, ইছমাইল হুছেইন আৰু কুমুদ কুমাৰ দত্ত।

 বাতৰি কাকতসমূহে বিপুল খাটনিয়াৰক ‘প্ৰগতিশীল’ গল্পকাৰ হিচাপে পৰিচয় কৰাই দিছে। কিন্তু মই ভাবোঁ যে তেওঁৰ গল্প মূলসুঁতিৰ সাহিত্যিক বিশ্ববীক্ষাৰপৰা বিচ্ছিন্ন কোনো বেলেগ গ্ৰহৰ সৃষ্টি নহয়। সত্তৰ-আশীৰ দশকত অসম সাহিত্য সভাৰ সমান্তৰালভাৱে জন্ম হোৱা ‘নতুন সাহিত্য পৰিষদ’ৰ বাবেই বোধহয় তেন্তে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ‘নতুন সাহিত্য পৰিষদ’ৰ লগত খাটনিয়াৰ জন্মকালৰে পৰা জড়িত হৈ আছিল যদিও তেওঁৰ সৃষ্টি মূলসুঁতিৰপৰা বেলেগ কোনো বিচ্ছিন্ন সৃষ্টি নহয়। বৰং তেওঁ ‘প্ৰগতিশীল’ এই অৰ্থত যে ৰাজনীতিৰপৰা নিৰাপদ দূৰত্বত অৱস্থান কৰা বিশুদ্ধ সাহিত্য-দৰ্শনৰ পৰিধি অতিক্ৰমি তেওঁ বাস্তৱ অভিজ্ঞতা-উপলব্ধিৰ নতুন

১০৪॥খোজৰ শব্দ