পৃষ্ঠা:Khojar Xabda.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰৰ গল্প: এটি টোকা

দেৱভূষণ বৰা

"Custom has frequently been contrasted with law, and a distinction made between societies which possess law in the sense of rules promulgated by a single recognised authority and sanctioned by definite punishments, and societies in which behaviour is regulated by traditional norms which are simply 'accepted' rather than sanctioned or enforced"

("Sociology", T. B. Bottomore )

 কাহিনীকাৰ বিপুল খাটনিয়াৰৰ ভালেমান গল্পৰ কেন্দ্ৰত আছে দৰিকা-দিচাং- দিখৌপৰীয়া গঞা জীৱন আৰু সমাজ; এই সমাজৰ ব্যৱস্থাগত নিয়ম, বাচ-বিচাৰ, বান্ধোন, অনুশাসন আৰু মাজে-সময়ে নিয়ম-বান্ধোন-অনুশাসন ভাঙিব খোজা একোটাহঁত সৰু-বৰ ঢৌ। খাটনিয়াৰৰ কেতবোৰ পাঠে ঔপনিৱেশিক পৰৱৰ্তী অসমীয়া সমাজ জীৱনৰ বিভিন্ন দিশ উন্মোচন কৰে — যিখন সমাজ একে সময়তে গুৰু দুজনাৰ নৱবৈষ্ণৱবাদ আৰু ৰক্ষণশীল ব্ৰাহ্মণ্যবাদৰ টনা-আঁজোৰাত জৰ্জৰিত। কেতিয়াবা পুৰণা আৰু নতুন মূল্যবোধৰ দ্বন্দ্ব, আকৌ কেতিয়াবা দেখোঁ শুভ-অশুভ বৈপৰীত্যত মুজুঙা মৰা আমাৰ তেনেই চিনাকি চৰিত্ৰ।

 ‘বহুৱা’ গল্পটোলৈকে চোৱা যাওক। গল্পটো আৰম্ভ হৈছে শলগুৰিত শংকৰদেৱৰ ‘ৰাম-বিজয়’ নাট নামঘৰত পতাৰ আয়োজনৰে। পাঠৰ প্ৰাৰম্ভতে এক তাৎপৰ্যপূৰ্ণ সাংস্কৃতিক (সেয়ে সামাজিকো) পৰিৱৰ্তনৰ আভাস গল্পকাৰে দিছে : ‘যোৰহাটৰ ফালে আজিকালি প্ৰায় ভাগেই মাতৃভাষাৰ নাট মেলে। ‘ভক্ত প্ৰহ্লাদ’ৰ নকল এটা কেমাই ভকতে জোঁৱায়েকৰ হাতেৰে কৰাই অনাই থৈছে; সেয়ে তেওঁ নৰজিব বুলি জানিও কৈ পেলালে— বোলে ৰাইজ! এইবাৰ ‘ভক্ত প্ৰহ্লাদ’খনকে মেলিলে কেনে

হয়?

৫০॥ খোজৰ শব্দ