পৃষ্ঠা:Khojar Xabda.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চৰ্বি বুলি গল্পৰ শৰীৰৰ তেজ আৰু মঙহবোৰেই বাৰে বাৰে ৰেপি থকাৰ বাবে গল্পই তাৰ কালিকা হেৰুৱাই পেলায়। কথনশৈলীও হৈ পৰে ভালকৈ লৰচৰ কৰিব নোৱাৰা ব্ৰয়লাৰ মুৰ্গীৰ দৰে নিস্তেজ, গল্পৰ বৰণো হৈ পৰে একৰঙী। এটা কথা ভাবি ভাল লাগে যে, সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গৈ বিপুল খাটনিয়াৰে গল্পৰ শৈলী অথবা নিৰ্মিতিৰ নামত গল্পকলাক নিৰ্জীৱ আৰু নিষ্প্ৰাণ কৰি নুতুলিলে, তেওঁ গল্পবোৰ কাহিনীৰ নিৰ্জীৱ নিৰ্মাণ হৈ থকা নাই। সাহিত্যত নিৰ্মিতি সদায়েই আদৰণীয়, কিন্তু সি যদি নিৰ্জীৱ আৰু নিষ্প্ৰাণ হয়, তেনেহলে সি সমকালীন সময়ৰ মানুহক অলপীয়া সময়ৰ বাবেহে হয়তো আশ্বৰ্যচকিত কৰি তুলিব পাৰিব। দীৰ্ঘকালত মানুহে বিচাৰিব সাহিত্যত সমাজৰ দাপোন, সেই সময়ৰ সমাজত বাস কৰা মানুহৰ হাঁহি-কান্দোন- চকুপানীবোৰ, যাৰ অন্তৰ্দাহী বিৱৰণী সাহিত্যত থাকিব লাগিব। বিপুল খাটনিয়াৰে সাহিত্যত এই কামটোৱেই কৰি থৈ গৈছে। সমকালীন সময়ৰ বাগাড়ম্বৰ আৰু জনপ্ৰিয়তাত জীয়াই থাকিবলৈ নিবিচাৰি নিৰলে জীৱনৰ অন্তৰ্দাহী সত্যক সাহিত্যত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰি তেওঁ নিজৰ আসন নিগাজী কৰি ল'লে— আৰু এয়াইতো এজন প্ৰকৃত সাহিত্যকৰ্মীৰ কাম। তেওঁৰ গল্পত ৰাজনীতি স্পষ্ট – তেওঁ পক্ষ লয়, ৰাইজৰ পক্ষ। কিন্তু সাহিত্যত জীৱনৰ দৰ্শন আৰোপ কৰাৰ কোনো চেষ্টা নকৰে – চৰিত্ৰবোৰে সময় আৰু পটভূমিৰ সীমাবদ্ধতাতেই বিচৰণ কৰিব। এই অৰ্থত বিপুল খাটনিয়াৰে বহুত সফল গল্প আমাক দি যাবলৈ সক্ষম হৈছে, যিকেইটা হয়তোবা দীঘলীয়া, কিন্তু আক্ষৰিক অৰ্থতেই নিটোল (compact), কোনো ওলোম-জোলোম নাই। আৰু থাকে অসংখ্য সংকেত— ভবিষ্যত কালৰ। হয়, সকলো সৃষ্টিশীল লোকৰ দৰেই তেখেতৰ প্ৰতিটো গল্পই আশ্বৰ্যকৰ নিৰ্মাণ হৈ উঠা নাই। এয়া আশা কৰিবও নোৱাৰি। এয়া সঁচা যে, বিপুল খাটনিয়াৰৰো বহুকেইটা গল্পৰ আচৰিত আৰম্ভণি সত্বেও শেষলৈকে সেই ভাৰসাম্য দেখা পোৱা নাযায়। কিন্তু তেওঁৰ ভাল গল্পৰ সংখ্যা প্ৰচুৰ, আৰু সেইবোৰৰ চৰ্চা হোৱাটো আজিৰ পৰিৱেশত অতিকৈ প্ৰয়োজন। বিপুল খাটনিয়াৰ অসমৰ সফল গল্পকাৰসকলৰ অন্যতম, কিয়নো তেখেতৰ গল্প তেজে-মঙহে জীয়াই থকা মানুহৰ গল্প – ইয়াত সমকালীন সমাজ আছে, সমাজৰ দ্বান্দ্বিক ৰূপান্তৰৰ মাজেৰে ঘটা ঘটনাৱলীৰ পাকচক্ৰত সাধাৰণ মানুহবোৰ জীয়াই থকাৰ সংগ্ৰাম, বেদনা আৰু আনন্দবোৰ আছে এক সুকীয়া সোৱাদৰ মাজেৰে। বহুসময়ত এই মানুহবোৰে মূলসুঁতিত বাস কৰে, অথচ তেওঁলোক মূলসুঁতিৰ হৈয়ো প্ৰান্তীয়। আৰু আছে পৰিহাস। গল্পৰ এই সুকীয়া সোৱাদ বা ব্যঞ্জনাটি তৈয়াৰ কৰাত তেখেত সিদ্ধহস্ত আছিল সমাজবাস্তৱতাৰ ক'লা(dark) ৰং বা বিকৃতিবোৰৰ উপস্থাপনাৰে। যিবোৰ কল্পনাৰপৰা তুলি অনা বিকৃতিৰ বিলাস বা dark fantasy

মুঠেও নহয়, বৰং সেইবোৰ সমাজৰ আৱৰ্তত বাস কৰা মানুহে বহন কৰি অনা

৭২॥ খোজৰ শব্দ