পৃষ্ঠা:Khojar Xabda.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগকথা

The trained sensibilities of a novelist or a poet may provide a richer source of social insight... There is an intensity of perception in the first rate novelist when he describes a locale, a sequence of action, or a clash of characters which can hardly be matched by those observers on whom sociologists are wont to rely. The literary creator has the ability to identify with wide range of experiences, and he has the trained capacity to articulate through his fantasy the essentials of his contemporaries. (2-3, Sociology through Literature. An Introductory Reader, 1963 )

 যোৱা প্ৰায় পাঁচোটা দশক ধৰি অসমীয়া ভাষাত গল্প-চৰ্চা কৰি নীৰৱে আঁতৰি গ’ল বিপুল খাটনিয়াৰ (১৯ মাৰ্চ, ১৯৫৩-৪ জুলাই, ২০২১)। ভাষাৰ ওজা হেমচন্দ্ৰ আৰু সাহিত্যৰথী বেজবৰুৱাৰ ঠাইৰে লেখক হিচাপে জন্মসূত্ৰেই লাভ কৰা ‘সেই অমিয়া মাত’ৰ ন ন সম্ভাৱনা আৱিষ্কাৰ কৰি গ'ল খাটনিয়াৰে। কিন্তু ভাষাৰ পৰীক্ষা-নিৰীক্ষা তেওঁৰ বাবে সদায়ে আছিল গৌণ, বিষয়বস্তুহে মুখ্য। তদুপৰি শিৱসাগৰীয়া হৈয়ো অৰুনোদই-হেমচন্দ্ৰ-বেজবৰুৱাৰ ভাষিক জাতীয়তাবাদৰ তেওঁ আছিল কঠোৰ সমালোচক; জাতীয়তাবাদৰ ঠেক গণ্ডীৰ পৰিধি ভাঙি তেওঁ ওৰেটো জীৱন সন্ধান কৰি গ’ল ‘ভিন্ন জীৱন ভিন্ন কথকতা’ৰ। উজনি অসমৰ দৰিকা-দিচাং-নামচাও-বুঢ়ীদিহিং, মধ্য অসমৰ লাংনিট-শিলভেটা-কপিলী, নামনি অসমৰ গৌৰাং-গদাধৰ-জিঞ্জিৰামৰ পাৰৰ কাহিনী যিদৰে তেওঁৰ গল্পত একাকাৰ হৈ আছে, সত্ৰ-নামঘৰৰ পুৰাতন অসমীয়া সমাজখনৰ লগে লগে আছে চৰ-চাপৰি আৰু চাহবাগানৰ পীড়িত মানুহৰ জীৱন-সংগ্ৰাম, আছে আশীৰ দশকৰ বিভীষিকা-গণহত্যাৰ চিত্ৰণ, নব্বৈৰ উগ্ৰপন্থী সমস্যা, জনগোষ্ঠীয় আত্মপৰিচিতি সন্ধানৰ বহুতৰপীয়া ৰাজনীতিৰ ৰূপায়ণ। ভাবে ভাষাই, বিষয়বস্তুৰ সন্ধানে-নিৰ্বাচনে এনে বৈচিত্ৰ্যপূৰ্ণ আৰু সৰ্বাত্মক (inclusive) কণ্ঠ অসমীয়া গল্প-সাহিত্যত সতকাই পাবলৈ টান। কেৰালাৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ এগৰাকী পথিকৃত, মালয়ালী ভাষাৰ প্ৰখ্যাত লেখক কাৰোৰ নীলকণ্ঠ পিল্লাইৰ চুটিগল্পৰ আধাৰত অলপতে প্ৰকাশিত Sociology through Literature,