পৃষ্ঠা:Khojar Xabda.pdf/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 চাকৰিসূত্ৰে তেওঁ ছমাহকাল অসমৰ বিভিন্ন ঠাইত কেম্পত থাকি হাবিয়ে- জংঘলে ঘূৰি ফুৰে খনিজ সম্পদৰ সন্ধানত। বিয়াৰ পিছত এনেবোৰ কেম্পত মোক আৰু পিছলৈ ল’ৰা-ছোৱালীৰে সৈতে পৰিয়ালটোক মাজে মাজে লৈ গৈছিল। সেই দিনবোৰৰ কথা আজিও পাহৰিব পৰা নাই। কেতিয়াবা হাবিতলীয়া ঠাইৰ মাজত গছবন পুৰি আৰখেতি কৰি মুকলি কৰি থৈ যোৱা ঠাইত নাইবা পথাৰ বা পাহাৰৰ মাজৰ সুবিধাজনক ঠাইত তম্বুৰে অস্থায়ী কেম্পবোৰ বনাই লোৱা হয়। নামৰূপৰ দিল্লী নদীৰ কাষত আৰু ডিমা হাচাও জিলাৰ উমৰাংচুত স্থায়ী কেম্পো দেখিছোঁ। ৰাতিপুৱা ভাতসাজ খাই ভূতত্ত্ব আৰু খনি বিভাগৰ অফিচাৰ কেইজন, আন আন সহকৰ্মীসকল আৰু বনুৱাৰে সৰু দলটো পিঠিত একোটা বেগ লৈ দা-কুঠাৰ, সা- সৰঞ্জাম আদিৰে হাবিৰ মাজত সোমাই পৰে নাইবা পাহাৰ বগাই ফুৰে। হাবিৰ মাজত আৱশ্যকীয় ঠাইত ড্ৰিলিঙৰ কামো চলি থাকে। তেনে এটা কেম্পত থাকি প্ৰকৃতিৰ নিৰিবিলি সৌন্দর্য উপভোগ কৰাৰ সৌভাগ্য হৈছিল। মাজে মাজে নীৰৱতা ভেদি কাষৰ হাবিবোৰৰ পৰা সংগী বিচৰা হৰিণৰ আবেদন ভৰা মাত ভাহি আহে। এক অজান পুলকেৰে মন ভৰি পৰে।

 বিয়াৰ পিছত তেওঁ মোক দিল্লী কেম্পলৈ লৈ গৈছিল। অতি নিৰিবিলি পৰিৱেশ। পিছফালে এখন গভীৰ হাবি বননিৰে ভৰা পাহাৰ। ৰাতি ৰাতি পাহাৰৰ ফালৰপৰা ধুমুহাযেন বতাহ এছাটি বলি থাকে। কেম্পৰ নিচেই কাষতে কোনো এটা বাৰত সৰু এখন হাট-বজাৰ বহে। বহুতো বেপাৰী তালৈ আহে। আটাইতকৈ আকর্ষণীয় কথাটো হ’ল বজাৰখনলৈ পিঠিত একোটা কচু-ঢেঁকীয়াৰে ভৰা খাং লৈ নগা বুঢ়াবুঢ়ী, ডেকাগাভৰুৰ একোটা দল পাহাৰেৰে নামি আহে। যাওঁতে সিহঁতে সাজ-পোছাক, জোতা-চেণ্ডেল, বাচন-বৰ্তন আদি খাং ভৰাই কিনি লৈ যায়। পিন্ধনত সিহঁতৰ তেনেই চুটি চুটি কাপোৰ। উদং বুকুৰে বুঢ়ী মানুহবোৰ আৰু লেংটি পিন্ধা পুৰুষসকল, সেয়া যেন মোৰ বাবে কাহানিও নেদেখা কথা আছিল ।

 নগাসকলৰ চাংঘৰ চাবলৈ মোৰ বৰ মন আছিল । সেয়ে তাৰে এজনী মহিলাক মোক তেওঁলোকৰ ঘৰলৈ নিবনে সুধিবলৈ ক’লে। মই সোধাত তাই লগে লগে সন্মত হ’ল। আমি দুয়ো ভাতসাঁজ খাই মোনাত কম্বল এখন ভৰাই লৈ সিহঁতৰ লগতে যাত্ৰা কৰিলোঁ। পাহাৰত উঠা নমা কৰাটো সিহঁতৰ বাবে তেনেই সাধাৰণ কথা। সিহঁতৰ পিছে পিছে কেতিয়াবা ওখ পাহাৰত উঠিছোঁ, আকৌ নামি গৈ নলা একোটা পাৰ হৈছোঁ। উঠা নমাত সিহঁতৰ লগত খোজ মিলোৱা সহজ নাছিল। ‘বাইদেউ সোনকালে খোজ দে, ঘৰত কেঁচুৱা আছে।’ কেইঘণ্টামান পিছত তাইৰ

খোজৰ শব্দ॥২৬২