পৃষ্ঠা:Khojar Xabda.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সামন্তীয় আধিপত্যৰ প্ৰতিও। বেদনা-ক্ৰোধ-সপোনৰ যুগপৎ ৰূপাংকনতে গল্পটোৱে লাভ কৰিছে অসাধাৰণ গতিময়তা। মৃত্যুৰ শীতলতাত সেমেকি উঠা পৰিসমাপ্তিৰ পৰ্বটোত পঢ়ুৱৈয়ে দেখিব এক দ্বৰ্থবোধক epiphany। লাখুটিত ভৰ দি খুপি-খুপি কাহিলিপুৱাতে পদূলিলৈ ওলাই অহা মোলান মৌজাদাৰৰ মৃত্যু মিলিছে বড়জোপাৰ গুৰিত : এফালে এক নিবিড় অন্তৰংগতাত একিভূত পাৰমাৰ্থিক তাৎপৰ্য, আনফালেদি কৰ্তৃত্বৰ মলমা ভেঁটিৰ মূলোচ্ছেদ এই প্ৰাণান্তকৰ পৰিণতিত; গজেন্দ্ৰৰ ‘সফলতা’ আৰু সোণেশ্বৰীৰ খেদ— ‘বুঢ়া হাকিম গ’ল, তাইক অথাই সাগৰত ডুবাই...।’ (পৃ. ৫০)।

 লেখকৰ ৰাজনৈতিক চেতনাৰো গম ধৰিব পাৰি এনে গল্পৰ সিয়নীতে। অৱদমনত পিষ্ট নিছলা আৰু নিঠৰুৱা চৰিত্ৰসমূহৰ প্ৰতি আৰোপিত লেখকৰ সংবেদনশীল অভিব্যক্তি প্ৰায়কেইটা গল্পতে চকুত লগা। বহুমাত্ৰিক সমাজ একোখনত স্বাভাৱিকতে শিপাই থকা প্ৰতিহিংসাৰ জীয়া ছবিবোৰো আলোকিত হৈ উঠিছে কথকৰ কল্পনা-ভাবনাত। ‘হাৰ্কি’ গল্পটোত আমি দেখিম এনে বহুত্বৰ ভৰত ওলমি ৰোৱা দ্বিধা-দোমোজাৰ বিভীষিকাময় প্ৰতিচ্ছবি। প্ৰাপ্য আদায়ৰ সংগ্ৰাম আৰু শ্ৰমজীৱী মানুহৰ স্বাভিমানী চৰিত্ৰ উদ্‌ঘাটিত হৈছে কাহিনীটোৰ বিন্যাস নিৰ্মাণ প্ৰক্ৰিয়াত। ‘বাগানৰ আদিবাসী’, ‘অসমীয়া মৰাণ’, ‘বাষষ্ঠি চনত চৰকাৰে কলকাতালৈ উঠাই নিবলৈ পাহৰি যোৱা চীনা পৰিয়াল’, ‘খুচুৰা ব্যৱসায় কৰা বঙালী মানুহ’, ‘নেপালী গোৱাল’ আদি নৃগোষ্ঠীয় বিচিত্ৰতাৰ ইংগিতময় সমাৱেশ কথাবস্তুৰ অন্তৰত। উপৰিপৃষ্ঠত নেতা-পালিনেতা, বণিকগোষ্ঠীৰ মুনাফা আদায়ক লৈ চলা জল্পনা-কল্পনাৰ তলসূতীয়া সংঘাতময় জীৱনৰ বিভৎস ছবিখন কথকে বৈ আনিছে গ্ৰীক পুৰাকথাৰ কেতবোৰ অনুষংগক আশ্ৰয় কৰি ‘বতাহত এবিধ বিষাক্ত গন্ধ বিয়পিছে; সিহঁতে বোলে কাঁড়ৰ আগবোৰ ‘হাইড্ৰা’ৰ বিষত ডুবাই লৈছে; এতিয়া আৰু ‘অশ্ব মানৱ ছেণ্টৰ’ আনকি প্ৰতিহিংসাপৰায়ণ ‘জুনো’ৰো নিস্তাৰ নাই’(পৃ. ১৪৯); ‘আন্ধাৰ ফালি পাখি লগা কাঁড়বোৰ চোঁ-চোৱাব ধৰিলে, ‘ডায়োমিডিছ’ৰ ঘোঁৰাজাক শৰবিদ্ধ হৈছে।...... আৰু তাৰপাছতে আন্ধাৰবোৰ খেলি-মেলি হৈ গ’ল। ভাহি আহিল কেৱল কান্দোনৰ ৰোল আৰু দূৰৰ বস্তিৰ কুকুৰৰ ৰৌৰৱণি’ (পৃ. ১৫৩) ইত্যাদি। মন কৰিবলগীয়া, ধ্ৰুপদী আখ্যান একোটাৰ সৈতে লোক-মনৰ অন্বয়ত গাম্ভীৰ্যৰ সুৰটোৰ সৈতে বক্ৰোক্তিৰ লয়ো শুন-নুশুন অনুনাদিত কথাংশৰ পাৰ্শ্বভূমিত। লেখকৰ আয়ত্তাধীন সংযত আৰু নিৰাবেগ ভাষাও ইয়াত চকু ৰোৱা। স্থানান্তৰত কথকে কল্পনাৰ অভিপ্ৰেত ব্যঞ্জনাক গল্পৰ কাঁথিত ফুটাই তুলিছে এক প্ৰগাঢ় প্ৰকৃতি-চেতনাৰ আলম লৈ। ভয়াবহতাৰ ভাৱনা ৰঞ্জিত এটি উদাহৰণ এনে—

খোজৰ শব্দ॥ ৮১