পৃষ্ঠা:Khojar Xabda.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰগতিশীল সাহিত্যিক, সাহিত্য সংগঠক

বিপুল খাটনিয়াৰ স্মৰণ

পৰীক্ষিত বৈশ্য

অসমৰ সাহিত্য জগতৰ এটা প্ৰসিদ্ধ নাম বিপুল খাটনিয়াৰ। একাধাৰে গল্পকাৰ, প্ৰবন্ধকাৰ, গ্ৰন্থ সম্পাদক, সাহিত্য সংগঠক বিপুল খাটনিয়াৰ আছিল অসম চৰকাৰৰ ‘ভূতত্ত্ব আৰু খনি বিভাগ’ৰ ভূতত্ত্ববিদ। প্ৰখৰ মেধাসম্পন্ন বিপুল খাটনিয়াৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থানেৰে স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰি ‘ভূতত্ত্ব আৰু খনি বিভাগ’ত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি ২০১৩ খ্ৰী:ত অৱসৰ গ্ৰহণ কৰে। নিজৰ পেছাক দায়িত্ব সহকাৰে পালন কৰিও বিপুল খাটনিয়াৰে নিৰ্লসভাৱে সাহিত্য সাধনা আৰু সাহিত্য সংগঠন কৰ্ম সম্পাদন কৰিছিল। ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চৰ্চাৰ প্ৰতি ৰাপ থকাত পৰৱৰ্তী সময়ত তেওঁৰ কাপেৰে ভালেমান চুটিগল্প, প্ৰবন্ধ নিগৰিছিল। সত্তৰৰ দশকতে ‘নতুন পৃথিৱী’ৰ পাতত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেওঁ আঠখন চুটিগল্প সংকলন, দুখন উপন্যাসিকা, দুখন সম্পাদিত চুটিগল্প, এখন ৰচনাৱলী, দুখন সম্পাদিত প্ৰবন্ধ সংকলন উপহাৰ দিবলৈ সক্ষম হৈছিল। তেওঁৰ গল্প-উপন্যাসিকা পাঠকসমাজে আদৰি লোৱাৰ সমান্তৰালভাৱে সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ গল্প-উপন্যাসিকা সন্দৰ্ভত প্ৰথিতযশা সাহিত্যিক-সমালোচক শশী শৰ্মাই তেওঁৰ অন্যতম বিশিষ্ট গ্ৰন্থ ‘কুৰি শতিকাৰ অসমীয়া সাহিত্যত সাম্যবাদী চিন্তা ’ত কৈছে, “... বিপুল খাটনিয়াৰৰ আগডোখৰৰ ৰচনা ‘খোজৰ শব্দ’, ‘লাল নিচান’, ‘অন্য এক কুৰুক্ষেত্ৰ’ আৰু ‘চিনাকি মুখৰ ছবি’ৰো সৰহসংখ্যক গল্পৰ মাজেদি মূলতঃ সমাজতান্ত্ৰিক বাস্তৱবাদৰ আদৰ্শ, সমগ্ৰ জগতখনকে এখন সুখী পৰিয়ালৰূপে গঢ়ি তোলা চিত্ৰিত হৈছিল। শীলভদ্ৰকে ধৰি একাংশ প্ৰগতিবাদী

লেখকে শ্ৰেণী সংঘৰ্ষৰ সলনি মননশীলতাক গুৰুত্ব দি সাহিত্য সৃষ্টিত মনোনিৱেশ

খোজৰ শব্দ॥১৮৭