পৃষ্ঠা:Khojar Xabda.pdf/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওচৰত। মই গৈছিলোঁ দিল্লী চাহ বাগিচাৰ মেনেজাৰৰ বিৰুদ্ধে আয়োজন কৰিবলগীয়া ধৰ্ণা কাৰ্যসূচীৰ আয়োজন কৰাৰ পূৰ্বে ঠাইখিনিৰ এক চাৰ্ভে কৰিবলৈ ।

 দিল্লী চাহ শ্রমিক সংগঠনৰ নেতাজনক মালিক পক্ষই সাতবাৰ মিছা কেছত জেললৈ পঠাইছিল। উকিলজন কিন্তু একে দলৰে সদস্য। মই তেতিয়া DYFIৰ জিলা সভাপতি। ধর্ণাত জিলাখনৰ SFI, DYFI, কৃষক আৰু মহিলা সংগঠনে সম্পূর্ণ সহযোগ কৰিছিল। নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত ভৱিষ্যতে কেতিয়াও মিছা কেছ নিদিয়ে বুলি লিখিত প্রতিশ্রুতি দিয়াত আমি ধৰ্ণা আৰু অফিচ ঘেৰাও উঠাই লৈছিলোঁ।

 সেই সময়ত তেখেত জিয়লজি বিভাগৰ চাৰ্ভেৰ কামত নামৰূপলৈ গৈছিল। ইয়াৰ কিছুদিন পূর্বে চিআই টি ইউৰ নাহৰকটীয়াত অনুষ্ঠিত ৰাজ্যিক সন্মিলনলৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী জ্যোতি বসু আহিছিল। তেখেতৰ সমুখত দিল্লী বাগানৰ শ্রমিক নেতাগৰাকীৰ ওপৰত হোৱা বাগানৰ মালিক পক্ষৰ এই অন্যায় আচৰণৰ কথা শ্রমিক পক্ষৰ তৰফৰ পৰা তোলা হৈছিল। দলৰ সূত্ৰৰ পৰা জানিব পাৰিছিলোঁ। এই ধৰ্ণাৰ নেতৃত্ব মোৰ ওপৰত ন্যস্ত কৰিবলৈ কোৱা হৈছিল। মই সেই দায়িত্ব অতি সতৰ্কতাৰে নিখুট আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিবলৈ সক্ষম হৈছিলোঁ। মোৰ দৃঢ় বিশ্বাস এই কথা এতিয়াও ডিব্ৰুগড় জিলাৰ পাৰ্টিৰ কমডেসকলে অস্বীকাৰ নকৰিব।

 গুৱাহাটীলৈ আহি গুৱাহাটী মেডিকেল কলেজত অধ্যাপনা কৰি থকা সময়ত চুবুৰীয়া হিচাপে ৰাজ্য, দেশ আৰু দলৰ ভিতৰুৱা বহু কথাই সততে মই খাটনিয়াৰৰ লগত আলোচনা কৰোঁ। তেতিয়া হিতেশ্বৰ শইকীয়াৰ মুখ্যমন্ত্ৰীত্বত অসম চৰকাৰ। সোৱণশিৰি নদীত সোণ নিষ্কাষণৰ এক অভিলাষী আঁচনিৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছিল। মোৰ দৃঢ় বিশ্বাস হৈছিল এয়া কংগ্ৰেছ চৰকাৰৰ ৰাজহুৱা ধন অপচয় কৰা এক ন্যস্তস্বাৰ্থৰ ৰাজহুৱাখণ্ডৰ ধন লুণ্ঠনৰ পৰিকল্পনা। মই খাটনিয়াৰৰ সৈতে আলোচনা কৰিলোঁ যে তেখেতৰ Geology বিভাগৰ তথ্য ভিত্তিক এক প্রবন্ধ লিখি এনে চৰকাৰী পৰিকল্পনাৰ বিৰোধিতা কৰিব লাগে। খাটনিয়াৰে তেখেতৰ ভূতত্ত্ব বিভাগৰ তথ্যসহকাৰে এনে প্রজেক্ট যে‘economically not viable' বুলি বিভাগীয় সিদ্ধান্ত কৰা আছে তাৰ ভিত্তিত ‘সোৱণশিৰিৰ সোণ বুটলিব কোনে ?’ বুলি এটি প্রবন্ধ যুগুত কৰিলে। মই ‘আজিৰ অসম'ৰ সম্পাদক প্রয়াত ৰাধিকামোহন ভাগৱতীৰ হাতত দি আহিলোঁ। প্রবন্ধটি প্রকাশ হ’ল। ফলস্বৰূপে অসম চৰকাৰে সোৱণশিৰি নদীত সোণ নিষ্কাষণ আঁচনি পৰিত্যাগ কৰিবলৈ বাধ্য হয়। লিখনিৰ মাধ্যমেৰে গণতান্ত্রিক

২৫৪॥খোজৰ শব্দ