পৃষ্ঠা:Khojar Xabda.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁৰ তোলনীয়া পো-নাতি গদাকহে দিব লাগিব।

অৱশ্যে গায়ে-গাৰিয়ে গদা লায়েকৰ, কিন্তু খুঁতটো হ’ল চকুত, বাঁও চকুটোৱে
‘বেটেৰী মাৰি’ থাকে। চাই যদি বশিষ্ঠ মুনিলৈ, ৰাইজৰ ভাব হয়— ৰামচন্দ্ৰৰূপী
গদাই সীতাক ভৰিত ধৰি কাকুতি কৰিবলৈহে আগুৱাই গৈছে। তাতে গদা
ল’ৰাটোও সামান্য থোঁতাবজা। (খাটনিয়াৰ ২০০৯ : ১০)

 কৌতুকৰ ৰস বহন কৰা এই বিৱৰণত কিন্তু আন এটা গুৰুত্বপূৰ্ণ বিষয়ো সোমাই আছে। ভাওনাত নতুন কি আছে? গদাৰ শ্ৰীৰামৰ ভাওৰ লগত ৰাইজ পৰিচিত, কাহিনীৰ ক্ষেত্ৰতো অপ্ৰত্যাশিত একো নাই। তেন্তে ভাওনাক লৈ ইমান উৎসাহ কিয়? আমি যদি পৃথিৱীৰ প্ৰাচীন মৌখিক সাংস্কৃতিক পাঠসমূহ লক্ষ্য কৰোঁ তাতো কিন্তু একোটা বৈশিষ্ট্যই লক্ষ্য কৰিব পাৰিম। নতুনত্বতকৈ প্ৰচলিত আৰু চিনাকি অভিজ্ঞতাৰ পুনৰাবৃত্তিতহে গোটেই প্ৰক্ৰিয়াটোৰ তাৎপৰ্য আছে। যদি এই প্ৰক্ৰিয়াত ব্যতিক্ৰমী কিবা আছে তাতো কিন্তু সেই সমাজ-স্বীকৃত কিছুমান ধাৰাৰ উমান পোৱা যায়। উক্ত নাট্যানুষ্ঠানত গদাৰ ‘বেটেৰী’ৰ পৰা পৰিত্ৰাণ পোৱাৰ অৰ্থে যি ৰাজহুৱা প্ৰচেষ্টা চলিছিল তাকো আমি পৰিচিত ভংগীৰ ভিতৰতে চলি থকা এই ধৰণৰ আখৰাই সম্ভাৱনীয়তাৰ যি প্ৰতিশ্ৰুতি বহন কৰিছে তাৰ চৰিত্ৰ বুজিবলৈ আমি সেই সমাজৰ প্ৰচলিত চৰ্তসমূহক স্বীকৃতি দিবই লাগিব। এই আলোচনাৰ প্ৰথমাৱস্থাত যি সমাজ- দৰ্শনৰ লগত জড়িত জটিলতাৰ কথা উল্লেখ কৰা হৈছিল তাৰো উদাহৰণ হিচাপে ‘বহুৱা’ত ক্ৰিয়াশীল বিভিন্ন দিশসমূহ বিচাৰ কৰি চাব পাৰি। লোক-সংস্কৃতিৰ অবয়বত অৱস্থান লোৱা বহুৱাৰ কথাত কিন্তু আমি সুদক্ষ শিল্পী এগৰাকীৰ নিপুণ কলমৰ পৰশ দেখিবলৈ পাওঁ। একেখন সমাজত চলি থকা বহুতৰপীয়া মানৱীয় জীৱনভঙ্গী আৰু আদৰ্শৰ সম্বন্ধসমূহক খাটনিয়াৰে খুব কৌশলগতভাৱে মাথোঁ কেইটামান সুনিয়োজিত দৃষ্টান্তৰ সহায়ত পৰিৱেশন কৰিছে। সাধাৰণতে গল্প-সাহিত্যত এই ধৰণৰ বহুমাত্ৰিক বিশ্লেষণৰ অৱকাশ নাথাকে। গল্পত দৈৰ্ঘ আৰু বিষয়ৰ সীমাবদ্ধতাই যি বাধা আৰোপ কৰে তাৰ ফলত বহুকেইটা দিশৰ ওপৰত সমান্তৰালভাৱে ৰেখাপাত কৰাটো সমস্যাযুক্ত হৈ পৰে। ‘বহুৱা’ত সমাজ-ব্যৱস্থাৰ বাহ্যিকতা আৰু ব্যক্তিগত মনোজগতৰ সংশয়ৰ যি স্নেপশ্বট আগবঢ়োৱা হৈছে তাৰপৰা আমি এক অভিনৱ পঠন অভিজ্ঞতাৰ লগত পৰিচিত হোৱাৰ সুবিধা পাওঁ।

 যদি মানৱীয় সম্বন্ধৰ দস্তাবেজৰ ৰূপত ‘বহুৱা’ক বিচাৰ কৰা যায় তাতো আমি বহুকেইটা দিশৰ লগত চিনাকি হোৱাৰ সুযোগ পাওঁ। আগতে কোৱাৰ দৰে কণটিলৌৰ নৈতিক স্থিতিৰ আধাৰ গল্পটোৰ অন্যান্য চৰিত্ৰৰ আচৰণ বিশ্লেষণৰ বাবে অত্যন্তই প্ৰয়োজন। সাধাৰণতে গল্প-সাহিত্যত এই ধৰণৰ কেন্দ্ৰীয় চৰ্ত একোটাই

২০। খোজৰ শব্দ