দাবী-ধমকি দিছিল। ‘সূত্ৰপাত’ৰ প্ৰকাশ বন্ধ হৈছিল। বিপুল খাটনিয়াৰৰ গল্পটোও প্ৰকাশ কৰিব পৰা নগ’ল।
গুৱাহাটীলৈ বদলি হৈ অহাৰ পিছত ‘নতুন সাহিত্য পৰিষদ’ৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিলো নব্বৈৰ দশকত। বিপুল খাটনিয়াৰে পৰিষদৰ কাম-কাজৰ সৈতে যুক্ত আছিল জন্মলগ্নৰপৰাই। গতিকে পৰিষদৰ বিভিন্ন কাম-কাজ সম্পৰ্কে তেওঁ আছিল বেছ অভিজ্ঞ। তেওঁ কৰ্মোদ্যোগীও আছিল। একাগ্ৰতাৰে সকলো কামতে মনপুতি লাগিছিল। শাৰীৰিক কষ্টৰ প্ৰতি কাণসাৰ কৰা নাছিল। পৰিষদৰ বিভিন্ন কাম-কাজৰ মাজেদি বিপুল খাটনিয়াৰৰ লগত ঘনিষ্ঠতা গাঢ় হৈছিল, তেওঁৰ লগত ব্যক্তিগতভাৱে এটা আন্তৰিক আৰু ওচৰ সম্বন্ধ গঢ় লৈ উঠিছিল। পৰিষদৰ কেতবোৰ নিৰ্দিষ্ট বিষয়ত আলোচনা কৰিবলৈ মই তেওঁৰ ঘৰলৈ গৈছিলোঁ, তেঁৱো আহিছিল।
পৰিষদৰ সাংগঠনিক কাম-কাজত একনিষ্ঠভাৱে লাগি থকা বিপুল খাটনিয়াৰে তাৰ মাজতে নিৰৱচ্ছিন্নভাৱে আৰু একাণপটীয়াকৈ গল্প লিখাত মনোনিৱেশ কৰিছিল। সমাজবাদী সমাজ ৰূপান্তৰৰ সংগ্ৰামী মতাদৰ্শত উদ্বুদ্ধ হৈ বাস্তৱ অভিজ্ঞতাভিত্তিক চিন্তা-চেতনাৰে গল্প ৰচনাত তেওঁ অভিনিৱিষ্ট হৈছিল জীৱনজুৰি। গাঁৱৰ সাধাৰণ মানুহৰ লগত থাকি, কথা পাতি তেওঁলোকৰ ভাব-ভাষা, চিন্তা-বিশ্বাসৰ গভীৰত সোমাই গল্পৰ কাহিনী বা ঘটনাক্ৰমৰ পৰিকল্পনা যুগুতাবলৈ তেওঁ প্ৰায়ে ভিন্ ভিন্ ঠাইলৈ গৈছিল। তেওঁৰ ঘৰলৈ গ’লে তেওঁ কেতিয়াবা অতিসাম্প্ৰতিক ভ্ৰমণৰ ঠাইখনৰ কথা, তাৰ মানুহৰ কথা, আচাৰ-ব্যৱহাৰৰ কথা কওঁতে সেই বাস্তৱ সত্যৰ উমান পাইছিলোঁ। যি কি নহওক, ‘নতুন পৃথিৱী'ত প্ৰকাশ পোৱা গল্পৰ মাজেদিয়ে বাস্তৱিকতে বিপুল খাটনিয়াৰে পঢ়ুৱৈৰ মাজত সুপৰিচিত হৈ কঠোৰ শ্ৰম আৰু অনুশীলনৰ জৰিয়তে সামাজিক পৰ্যবেক্ষণৰ গভীৰত সাৱলীল প্ৰকাশভংগীৰে গল্প ৰচনাত একাগ্ৰ হৈছিল। ‘খোজৰ শব্দ’ৰ পিছত তেওঁ ‘চিনাকি মুখৰ ছবি’, ‘দখাৰ’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, ‘চিনাকি মুখ অচিনাকি ছবি’, ‘হাৱা ভাল চলা নাই’, ‘ঘঁৰিয়ালডাঙাৰ কথা’— গল্প সংকলন প্ৰকাশ কৰি উলিয়াইছিল আৰু নতুন সাহিত্য পৰিষদৰ মুখপত্ৰ 'নতুন সাহিত্য’কে ধৰি পৰিষদৰ দ্বাৰা প্ৰকাশিত কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছিল। তদুপৰি ‘অনিল ৰায়চৌধুৰী ৰচনাৱলী’ও তেওঁৰ অকাল বিয়োগৰ আগে-আগে সম্পাদনা কৰি থৈ গৈছে।
বিপুল খাটনিয়াৰ পৰিষদৰ প্ৰকৃতাৰ্থতে এগৰাকী নিৰলস কৰ্মী-নেতা আছিল তেওঁৰ কৰ্ম-তৎপৰতাই, সংগঠনৰ কাম-কাজবোৰৰ খতিয়ানবোৰ সুচাৰুৰূপে ৰখাৰ নিষ্ঠাই পৰিষদৰ সতীৰ্থসকলক নিশ্চিতভাৱে অনুপ্ৰাণিত কৰি থকিব। আজি এই প্ৰথম মৃত্যু-বাৰ্ষিকীৰ দিনা প্ৰয়াত সতীৰ্থ গৰাকীলৈ যাচিছোঁ অকৃত্ৰিম শ্ৰদ্ধাঞ্জলি।❐
(লেখক ‘নতুন সাহিত্য পৰিষদ’ৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আৰু সম্পাদক)