পৃষ্ঠা:Khojar Xabda.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰুত্বপূৰ্ণ দায়িত্ব কান্ধপাতি লৈও নিৰবচ্ছিন্নভাৱে সাহিত্যচৰ্চা কৰি গৈছিল। খাটনিয়াৰে সত্তৰ দশকতে গল্পৰ যোগেদি অসমীয়া সাহিত্য জগতত প্ৰৱেশ কৰিছিল। ১৯৮০ চনত প্ৰকাশিত ‘খোজৰ শব্দ 'ই আছিল তেখেতৰ প্ৰথম গল্প সংকলন। এই গল্প সংকলনখনিত ১৯৭৪-১৯৭৮ চনৰ ভিতৰত লিখিত ৮টা গল্প সন্নিবিষ্ট হৈছে।‘খোজৰ শব্দ'ই অসমীয়া সাহিত্য জগতত এক নতুন পথত এক নতুন খোজৰ শব্দৰ সন্ধান দিছিল। খাটনিয়াৰৰ ভাষাৰ ওপৰত থকা দখল, নিপীড়িত নিৰ্যাতিত সাধাৰণ খাটি খোৱা মানুহৰ প্ৰতি সহমৰ্মিতা, দায়বদ্ধতা তথা সহানভূতিয়েই নহয় তেওঁলোকৰ শ্ৰেণী সচেতনতা আৰু শ্ৰেণীদ্বন্দ্বৰ ৰেঙণিয়ে এই পথ প্ৰোজ্জ্বল কৰি তুলিছিল। তদুপৰি সাধাৰণ শ্ৰেণীৰ মাত-কথা আয়ত্ত কৰি তেওঁলোকৰ ভাষা চিন্তাৰে প্ৰতিটো চৰিত্ৰ আটোলটোলকৈ গঢ়ি তুলি এক অনন্য অগতানুগতিক আঙ্গিকেৰে গল্পসমূহ নিৰ্মাণ কৰিছিল। ইয়াৰ পাছৰপৰা তেখেতৰ নিৰবচ্ছিন্নভাৱে নিজৰ দৰ্শনৰপৰা বেঁওচনীয়া নকটাকৈ গল্প, উপন্যাসিকা লেখি গৈছিল। তেওঁৰ চিন্তাধাৰা, দৰ্শন ‘খোজৰ শব্দ’ পুথিখনৰ ‘উৎসৰ্গা’তে পৰিস্ফূত হৈছে... “সেইসকলৰ প্ৰতি যাৰ উন্নত শিৰ নত হোৱা নাই, যাৰ গণমুখী কৰ্ম প্ৰেৰণা আবেগৰ বা-মাৰলীত খেৰকুটাৰ দৰে উৰি যোৱা নাই, হেজাৰ অপমান, লাঞ্চনা আৰু পশুবৎ অত্যাচাৰতো যাৰ খোজৰ শব্দ— সাউদ বনিকৰ দেশপ্ৰেমৰ ডিঙামুখী হোৱা নাই...।” বিপুল খাটনিয়াৰৰ অন্যান্য প্ৰকাশিত গল্পসংকলন সমূহ হ’ল— চিনাকি মুখৰ ছবি (১৯৯৫), দখাৰ (১৯৯৯), তাই কাপোৰ নিপিন্ধে (২০০২), ভিন্ন জীৱন ভিন্ন কথকতা (২০০৯), চিনাকি মুখ অচিনাকি ছবি (২০১০), আৰু ঘঁৰিয়ালডাঙাৰ কথা (২০১৬)। ইয়াৰোপৰি বিভিন্ন আলোচনী, কাকতত তেখেতৰ সংকলনত সন্নিবিষ্ট নোহোৱা বহু গল্প সিঁচৰতি হৈ আছে। বিপুল খাটনিয়াৰে সম্পাদনা কৰা গ্ৰন্থসমূহ হ'ল— সাহিত্য নিৰ্মাণ প্ৰসংগ, সূৰ্য ঢকা মেঘ (২০০৯), স্মৃতিলেখা (অনিল ৰায়চৌধুৰী), হেমাংগ বিশ্বাস (পৰমানন্দ মজুমদাৰৰ স’তে)।

 ১৯৫৩ চনত তিনিচুকীয়াৰ দেওশাল চাহ বাগিচাত জন্ম লাভ কৰা বিপুল খাটনিয়াৰে ভূতত্ববিদ হিচাপে চাকৰি কৰি শেষত গুৱাহাটীতে নিগাজীকৈ থাকিবলৈ লয়। মুখত এমুখ দাঁড়িৰে অধ্যয়নশীল খাটনিয়াৰৰ হৃদয়খন আছিল কোমল। আদৰ্শত আছিল অটল। চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত দিনৰেপৰা খাটনিয়াৰক লগ পাইছিলোঁ— আমাৰ মাজত সঘনাই চিঠিপত্ৰৰ আদান প্ৰদানো হৈছিল। সমগ্ৰ অসমতে ‘নতুন সাহিত্য পৰিষদ’ৰ শাখা প্ৰতিষ্ঠা কৰা, প্ৰতিটো শাখাৰপৰা মুখপত্ৰ উলিওৱা ক্ষেত্ৰত তেখেতৰ উৎসাহ উদ্দীপনাই শাখাবিলাক গতিশীল আৰু উজ্জীৱিত কৰি ৰাখিছিল। শাখাৰ মুখপত্ৰবিলাক যে নতুন লেখকৰ কচৰৎ ক্ষেত্ৰ, সেই উদ্দেশ্য

১১৮॥খোজৰ শব্দ