পৃষ্ঠা:Khojar Xabda.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওপৰত এক ৰসাল আলোচনা আগবঢ়ায়। চুটিগল্পৰ আঙ্গিক, বিষয়বস্তু আৰু নিৰ্মাণৰ ওপৰত আগবঢ়োৱা মৰ্মস্পৰ্শী আলোচনাই প্ৰতিজন শ্ৰোতাৰ মনত গভীৰভাৱে ৰেখাপাত কৰে।

 মানকাচৰ ভ্ৰমণ কৰি উভতি যোৱাৰ পিছত চিন্তা উদ্ৰেককাৰী চিঠিখনৰ যোগেদি তেওঁ অঞ্চলটো সম্পৰ্কে যিখিনি কথা ব্যক্ত কৰিছে সেয়া সঁচাকৈয়ে অতি তাৎপৰ্যপূৰ্ণ। চিঠিত উল্লেখ কৰিছে, “মানকাচৰ মোৰ বাবে এক বিৰল অভিজ্ঞতা। মোৰ দুৰ্ভাগ্য যে আপোনালোকে প্ৰকাশ কৰা প্ৰবন্ধ সংকলনটো (দক্ষিণ পশ্চিম গোৱালপাৰাৰ আৰ্থ-সামাজিক অৱস্থা : এটি ঐতিহাসিক দৃষ্টিপাত) মই আগতে পঢ়াৰ সুবিধা পোৱা নাছিলোঁ। এতিয়া পঢ়ি থাকোঁতে পুনৰ যাবলৈ মন গৈছে। এইবাৰ গ’লে কেইবাদিনো লৈ যাম।... কৰ্মশালা’ত যেনেদৰে অংশগ্ৰহণ কৰিলোঁ, প্ৰবন্ধ গ্ৰন্থখন পঢ়া হ’লে গোটেই বিষয়টোৱেই বেলেগ ধৰণে দাঙি ধৰিব পৰা গ’লহেঁতেন। ‘মিৰজুমলা’ আৰু ‘কামাখ্যা’ই ভাৰতবৰ্ষৰ ‘সম্প্ৰীতি-সমন্বয়’আৰু যি বাস্তৱ দিশটোৰ প্ৰতি নিৰ্দেশ কৰে তাক তুলি ধৰাৰ অৱকাশ আছে। ব্ৰিটিছৰ আগমনলৈকে ভাৰতবৰ্ষৰ সাধাৰণ মানুহৰ বাবে ‘ধৰ্ম’ কোনো কালেই বিশেষ ধৰণৰ সমস্যা হৈ থিয় হোৱা নাছিল। মানকাচৰৰ বিভিন্ন অঞ্চলত যিবোৰ জনশ্ৰুতি- জনবিশ্বাস আছে তাৰ আলমতো বিভিন্ন গল্প-কাহিনী-সাহিত্যৰ সৃষ্টি হ’ব পাৰে বা গল্পত এইবোৰে স্থান পাব পাৰে। সাধাৰণ মানুহে সন্মুখীন হোৱা বিভিন্ন আৰ্থিক সমস্যাবোৰতো আছেই। বৈচিত্ৰ্যপূৰ্ণ অঞ্চল এটাৰপৰা বৈচিত্ৰ্যপূৰ্ণ বিষয়বস্তু আৰু আংগিকৰো সৃষ্টি হ’ব পাৰে।

 আপুনি সহায় কৰিলে— যৌথভাৱে আপোনাৰ আৰ মোৰ নামত এটা গল্প লিখিম। প্ৰাথমিক চেষ্টা হিচাপে। থলুৱা ভাষা আৰু পৰ্যবেক্ষণেৰে। আপুনি সহায় কৰিব লাগিব।

 পৰিয়ালৰ আটাইকে আৰু পৰিষদৰ সতীৰ্থসকলক মৰম শুভেচ্ছা যাচিব। ৰুণাহঁতক গুৱাহাটীলৈ আহোঁতে মাজে মাজে আনিব।

 ৰাজ্যিকৰ চাৰ্কুলাৰ আদিৰ কামত হাত দিব পৰা নাই। ‘কৰ্মশালাৰ বাতৰি’ দৈনিক কাকত আদিলৈ পঠাব। আমাৰ বুলেটিন আৰু জনজীৱনৰ বাবেই দিব। শুভেচ্ছাৰে ইতি

বিপুল খাটনিয়াৰ
২৪/৬/৯৫

 দুবাৰকৈ নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সম্পাদক (১৯৯৪-১৯৯৮)।

একাধিকবাৰ কোষাধ্যক্ষ, কাৰ্যালয় সম্পাদক, সহ:সম্পাদকৰ দায়িত্ব নিষ্ঠাৰে পালন

১৬৮॥খোজৰ শব্দ