পৃষ্ঠা:Khojar Xabda.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই লগ পোৱা বিপুল খাটনিয়াৰজন

চিত্তৰঞ্জন ডেকা

বিপুল খাটনিয়াৰৰ পুণ্যাত্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ সান্নিধ্যৰ বিষয়ে দুআষাৰ লিখিবলৈ গৈও থমকিব লগা অৱস্থাত পৰিছোঁ। তেখেত মোৰ জ্যেষ্ঠ ভ্ৰাতৃস্বৰূপ আছিল। মোৰ জীৱনৰ পথ পদৰ্শক আছিল। যাক কোৱা হয় এক টাৰ্নিং পইণ্ট। তেখেত ইমান সোনকালে আমাৰ মাজৰপৰা গুচি যাব বুলি কল্পনা কৰা নাছিলোঁ। মৃত্যু যেতিয়া এক চিৰন্তন সত্য গতিকে ইয়াৰ ব্যতিক্ৰম নহয়।

 এক কাকতালীয়ভাৱেই লগ পাইছিলোঁ বিপুল খাটনিয়াৰক। ১৯৮১ চনৰ ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিনত বৰ্তমান ডিমাহাচাও জিলাৰ ১৮কিলো নামৰ ঠাইখনত। এই ঠাইখন পাহাৰৰ শিখৰত গৰমপানী উমৰাংচু-লংকা সংযোগী পথৰ দাঁতিত। তাতে অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনি বিভাগৰ এটা জৰীপ আৰু ড্ৰিলিং কেম্প। সেই সময়ত অসমত তীব্ৰতৰ হৈ উঠিছিল তথাকথিত বিদেশী খেদা আন্দোলনটো। হঠাৎ হোৱা দেশপ্ৰেমিকসকলৰ অত্যাচাৰত যুক্তিসহকাৰে কথা কোৱাসকলৰ জীৱনলৈ নামি আহিছিল ঘনঘোৰ অমানিশা। মই ছাত্ৰাৱস্থাত ছাত্ৰ সন্মিলনৰ মজিয়াৰপৰাই জনগণৰ মৌলিক সমস্যাৰ ওপৰত মাত মাতি আহিছিলোঁ। বিশেষকৈ আমাৰ পশ্চিম নগাঁও অঞ্চল বৰ্তমান মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত কাম কৰি ছাত্ৰ সন্মিলনৰ জিলা সম্পাদক মণ্ডলীৰ সদস্য হোৱাৰ লগতে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্যপদ পাবলৈ সক্ষম হৈছিলোঁ। প্ৰয়াত মনোজ ডেকা আৰু বৰ্তমান ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত আছিল মাৰ্ক্সীয় দৰ্শনত দীক্ষা প্ৰদান কৰা আমাৰ নেতা। বাঁওপন্থী কৰ্মী হিচাপে জিলাখনত জনাজাত হৈ পৰিছিলোঁ। সেয়ে উগ্ৰ অসম প্ৰেমীসকলৰ চকুত পৰিছিলোঁ— গতিকে বদনৰ শাৰীত থৈ আমাৰ ওপৰলৈ আহিছিল ভয়, ভাবুকি তথা হত্যাৰ ষড়যন্ত্ৰ। গাঁও-ঘৰ

এৰি এদিন লক্ষ্যহীন পথত খোজ পেলাই তেতিয়াৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ

খোজৰ শব্দ॥২১১