সমললৈ যাওক

পৃষ্ঠা:Khojar Xabda.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শৈলীৰে সমৃদ্ধ— সজীৱ, ব্যঞ্জনাময়, ৰসাল, ইংগিতপূৰ্ণ, কাব্যিক। প্ৰকাশিকা শক্তিয়ে উৎকৰ্ষতাৰ শীৰ্ষবিন্দুত উপনীত। সন্ধানী দৃষ্টি, সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতাৰে সমাজৰ মমমূললৈকে দেখা অসমৰ সমাজ জীৱনৰ প্ৰাণস্পন্দন তেওঁৰ গল্পবোৰত অনুভূত হয়।

 সাহিত্য যদি সমাজৰ সমালোচনা হয়, তেন্তে ক’ব লাগিব যে খাটনিয়াৰৰ প্ৰতিটো গল্পই সমাজৰ নিৰ্মোহ সমালোচনা, সমাজৰ পৰিপূৰ্ণ ৰূপ বৰ্ণনাত নিহিত। অসমক জুৰুলা কৰি ৰখা, পৰিত্ৰাণৰ উপায় নোপোৱা এনে কোনো সমস্যা নাই, যি তেওঁৰ গল্পত স্থান পোৱা নাই। সাধাৰণ মানুহৰ প্ৰতিবাদী কণ্ঠও তেওঁৰ গল্পত ধ্বনিত হৈছে। প্ৰতিটো গল্পই উৎকৃষ্ট শিল্প-গুণৰ নিদৰ্শন যদিও সাহিত্য গুণৰ ফালৰপৰা ‘চিনাকি মুখৰ ছবি’ সংকলনৰ ‘বৃষভ সংবাদ’, একে নামৰ সংকলনৰ ‘তাই কাপোৰ নিপিন্ধে’, ‘দখাৰ’ সংকলনৰ ‘এৰাবাৰী’, ‘জগৎ সভালৈ যাব’, ‘ঘঁৰিয়ালডাঙাৰ কথা’ সংকলনৰ ‘ৰাগ-কেদাৰ’ আদি গল্প সৰ্বোৎকৃষ্ট, কালজয়ী।

 বিপুল খাটনিয়াৰে গল্পকাৰ হিচাপে কোনো বঁটা-বাহন নাপালে। তাৰ বাবে তেওঁ লালায়িত নাছিল। সেয়ে তেওঁ তথাকথিত জনপ্ৰিয় গল্পকাৰো হ’ব নোৱাৰিলে। আমাৰ অসমৰ পাঠক সমাজৰ বাস্তৱধৰ্মী সাহিত্যৰ লগত নিবিড় পৰিচয় নথকাৰ বাবেই তেওঁৰ গল্পই জনপ্ৰিয়তা লাভ কৰিব নোৱাৰিলে। ই তেওঁৰ বাবে আশীৰ্বাদহে আছিল। ই প্ৰকাৰান্তৰে তেওঁৰ সফল সাহিত্য সৃষ্টিৰ সাধনালৈ তন্ময়তা, গভীৰতা আনি দিছিল।

 তাহানিতে বিৰিঞ্চি কুমাৰ বৰুৱাই তেওঁৰ ‘সেউজী পাতৰ কাহিনী’ আৰু ‘জীৱনৰ বাটত’ উপন্যাসত আধুনিক অসমীয়া সমাজৰ জন্ম আৰু তাৰ সংগ্ৰামী জীৱনৰ বিকাশৰ ৰূপটোক সাহিত্যৰ এনাজৰীৰে বান্ধি ৰাখি থৈ গৈছিল। আজিৰ সেই গতিশীল অসমীয়া সমাজৰ বিস্তাৰিত ৰূপটোকে বিপুল খাটনিয়াৰে তেওঁৰ গল্পত ধৰি ৰাখিছে। বিপুল খাটনিয়াৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ সাৰ্থক উত্তৰসাধক। দুয়োগৰাকীয়েই অসমৰ কমিউনিষ্ট আন্দোলনৰ গৰ্ভজাত সন্তান।

 মৃত্যুৱে বিপুল খাটনিয়াৰৰ সাৰ্থক সফল জীৱনৰ অন্ত পেলালে।

‘এসেছিলে সাথে কৰে মৃত্যুহীন প্ৰাণ
মৰণে তাহাই তুমি কৰে গেলে দান।’— (ৰবীন্দ্ৰ নাথ)

 বিপুল খাটনিয়াৰৰ মৃত্যুৱে ৰবীন্দ্ৰ নাথৰ এনে কথাকে সোঁৱৰাই দিয়ে।❐

(লেখক এগৰাকী বিশিষ্ট নিৱন্ধকাৰ আৰু 'নতুন সাহিত্য পৰিষদ’ৰ সদস্য)

১৩০॥খোজৰ শব্দ