পৃষ্ঠা:Khojar Xabda.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৈন্যবাহিনী আৰু আংশিকভাৱে মোগল সৈন্যবাহিনীতো আছিল বুলি জনা যায়। অসমীয়া ‘পাইক’ শব্দটো ফাৰ্চী মূলৰপৰা অহা। ফাৰ্চী ভাষাত ব্যৱস্থাটোক বুজোৱা হৈছিল ‘পাইকস্ত’ বা ‘পাইকস্থ’ শব্দৰে। যেই হওক, ইউৰোপীয় নৌ সেনাধ্যক্ষ, ৰণ-তৰি আৰু সমৰাস্ত্ৰৰে সজ্জিত মিৰ্জুমলা নবাবৰ লগত আৰু কোচ ৰজা নৰনাৰায়ণ-চিলাৰায়ৰ ৰণবিদ্যাত আহোমতকৈ উচ্চ আৰু পাকৈত সৈন্যবাহিনীৰে হোৱা যুদ্ধত ৰাজধানী গড়গাঁৱক কেন্দ্ৰ কৰি এই বিশেষ অঞ্চলটোত বিস্তৰ যোদ্ধাৰ সলিল সমাধি ঘটিছিল। পুৰুষ আৰু নাৰীৰ ratioৰ ক্ষেত্ৰত তেতিয়াই এক অভাৱনীয় বিজুতি ঘটিছিল। স্বৰ্গদেউসকলৰ চৌছি পঁচিছগৰাকীলৈকে নিয়মীয়া— স্বীকৃত ঘৈণী আৰু অসংখ্য উপ-পত্নী থকাটো সাধাৰণ কথা আছিল । ইয়াক পোনে পোনে ব্যভিচাৰ বুলিব নোৱাৰি, কিন্তু ব্যভিচাৰ উৎপত্তিৰ ইয়ো আছিল এক কাৰক। সেই অনুসৰি বিষয়াসকলো আছিল স্বৰ্গদেউসকলৰ দৰে ভোগী। কিন্তু সাধাৰণ পাইক এজনৰো চাৰি-পাঁচগৰাকীলৈকে পত্নী থকাটো আছিল বাস্তৱ পৰিস্থিতি, একোটা পাইক গোটৰ— এটাৰ গোটত পূৰ্বতে চাৰিজন, ৰাজেশ্বৰ সিংহৰ দিনৰপৰা তিনিজন হ’ল— এই গোটৰ মাজত সম্ভৱতঃ বহুবোৰ কথাই আছিল ভাতৰ লগত পানী খোৱা ধৰণৰ ৷ ইয়াত পাপ পুণ্য ব্যভিচাৰৰ কথাটো নাছিল। এনে বাস্তৱ পৰিস্থিতিয়ে নৰ-নাৰীৰ সম্পৰ্কৰ দেহজ দিশটোৰ মুক্ত প্রকাশ ঘটাইছিল। কিন্তু একে সময়তে আর্য অৰ্থাৎ বৈষ্ণৱ সংস্কৃতিয়ে গাঁও সংগঠন আৰু শৃংখলা বচাই ৰখাৰ তাগিদাত এই স্বতঃস্ফূর্ততাক যাদুকৰৰ ৰহস্যময় ঢাকনি এখনেৰে চম্ভালি ল’বলৈ আপ্রাণ চেষ্টা কৰিছিল। শিৱসাগৰ জিলাৰ কেতবোৰ বিশেষ অঞ্চলত এই দুই বিপৰীতমুখী প্ৰক্ৰিয়াৰ ৰেশ এতিয়াও মাৰ যোৱা নাই। ঘৰুৱা মদৰ প্ৰচলন যিবোৰ অঞ্চলত এতিয়াও এক সামাজিক ৰীতি হৈ আছে আৰু কৃষিয়েই মূল জীৱিকা, তেনে কিছুমান অঞ্চলত এই চিত্র এতিয়াও প্রাঞ্জল। অৱশ্যে বিশ্লেষণৰ বেলিকা মোৰ ভুল হ’ব পাৰে।

আপোনাৰ গল্প-সংকলনটোৱে উজনিৰ দিচাং-বুঢ়ীদিহিঙৰপৰা মধ্য অসমৰ কপিলী- শিলভেটা হৈ নামনিৰ গদাধৰ-জিঞ্জিৰামৰ অৱবাহিকালৈকে— প্রায় গোটেই অসমৰে জনজীৱন সামৰি লৈছে বুলিব পাৰি। কিন্তু আপুনি জন্মসূত্ৰে শিৱসাগৰৰ আৰু কৰ্মসূত্ৰে গুৱাহাটীৰ হৈ অসমৰ বিভিন্ন ঠাইৰ জীৱনপ্ৰৱাহৰ অনুপুংখ ছবিখন হৃদয়ংগম কৰি— তাক লৈ গল্প লিখাটো কেনেকৈ সম্ভৱ হৈছে?

□ নাই, নাই, গোটেই অসম সামৰি ল'ব পৰা নাই। সংকলনখনৰ কলেৱৰ, বিষয়বস্তুৰ ভিন্নতা আৰু— মূলতঃ সুস্থ পৰিকল্পনাৰ অভাৱত এই কাম হৈ নুঠিল।

২৯০॥খোজৰ শব্দ