পৃষ্ঠা:Khojar Xabda.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কালস্ৰোতত কথাশিল্পী বিপুল খাটনিয়াৰ

কুমুদ বৰুৱা


অৱশেষত দুৰাৰোগ্য ৰোগৰ ওচৰত হাৰ মানি আমাৰ প্ৰজন্মৰ বিশিষ্ট কথাশিল্পী বিপুল খাটনিয়াৰে ইহ সংসাৰৰ পৰা বিদায় মাগিলে। তেওঁ বয়সত মোতকৈ তিনি বছৰ সৰু আছিল। সম্ভৱতঃ আমাৰ মাজতে সত্তৰৰ দশকত গল্প লিখাৰ আৰম্ভণিৰ ব্যৱধানো আছিল প্ৰায় তিনি বছৰ। মই ১৯৬৯ চনৰপৰা বহু পৰিমাণে জাঁ পল চাকে অনুকৰণ কৰি ‘নতুন’ গল্প নিৰ্মাণৰ পৰীক্ষাত হাত দিছিলোঁ। মোৰ ‘ৰিভলভাৰৰ গৰ্জনত ধানখেৰৰ জুই’ গল্পটো তাৰ প্ৰমাণ। তাৰ পৰিৱৰ্তে বিপুল খাটনিয়াৰে অনুপ্ৰাণিত মনোভাবেৰে শোষিত-নিৰ্যাতিত-বঞ্চিত শ্ৰেণীটোৰ নিৰ্মম বাস্তৱক অগ্ৰাধিকাৰ দি সেইবোৰ অভিজ্ঞতা তথা উপলব্ধিক প্ৰাণৱন্ত কৰি তোলাত দক্ষতাৰ প্ৰমাণ দিছিল। সাহিত্যৰ সৃষ্টিশীলতাৰ প্ৰশ্নত এইদৰেই তেওঁ মোতকৈ তিনিগুণ বেছি প্ৰতিভাৰ প্ৰদৰ্শনেৰে মোক চেৰাই গৈছিল বুলি ভাবোঁ। তেওঁৰ স্বাস্থ্য-পাতি স্বাভাৱিক ৰূপত থকা হ’লে হয়তো আৰু দহ-বাৰ বছৰমান জীয়াই থাকিলহেঁতেন আৰু ‘ঘঁৰিয়ালডাঙাৰ কথা’, ‘হাৱা ভাল চলা নাই’ৰ দৰে পূৰঠ বয়সৰ সৃষ্টিৰ সংখ্যা নিশ্চয়কৈ বৃদ্ধি পালেহেঁতেন। শেষ বয়সত তেওঁ এটা বৰ ভাল কামত নিয়োজিত হৈছিল— মানুহৰ সমাজত প্ৰগতিৰ তাৎপৰ্য বুজি পোৱা প্ৰয়াত অনিল ৰায়চৌধুৰীৰ ৰচনা সম্ভাৰৰ সম্পাদনা কৰি তাক একেলগে গ্ৰন্থাকাৰে প্ৰকাশ কৰা।

 পৈতৃক সূত্ৰে মোৰ ঘৰ আছিল শিৱসাগৰ জিলাৰ কালুগাঁৱত আৰু বিপুল খাটনিয়াৰৰ ঘৰ আছিল লগতে লাগি থকা শলগুৰিত। চাবেক সূত্ৰে আমাৰ মাজত এক আত্মিক সম্পৰ্ক থকা বুলিব পাৰি। মই একাদশ শ্ৰেণীলৈকে নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত পঢ়িছিলোঁ আৰু গৰমৰ বন্ধত কালুগাঁৱত কটাইছিলোঁ। বহুকেইটা গৰমৰ বন্ধ মই জেৰেঙা পথাৰত খেলা-ধূলা কৰি অতিবাহিত কৰিছিলোঁ; সৰু বৰদেউতাৰ ল’ৰা মাজু আৰু হৰিলৰ লগত পহুগড়ৰ খাৱৈত খেৱালি জালেৰে

খোজৰ শব্দ॥১০৩