পৃষ্ঠা:Khojar Xabda.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰৰ গল্প

লিপিমণি দত্ত

হাজাৰ বিজাৰ চৰিত্ৰ। প্ৰতিটো চৰিত্ৰই নিজৰ কথা কয়। সমাজৰ স্থিতাৱস্থাৰ কথা কয়। সমাজৰ পৰিৱৰ্তনৰ কথা কয়। কোনোবাটো চৰিত্ৰ পাটকাইৰ নামনিৰ, মুখত ৰ নুফুটা। সেই সজেই আহি গল্পত হৈ পৰিছে অনুপম। কোনোটো ৰহঢলাৰ, কোনোটো শলগুৰিৰ, কোনোটো দিখৌপাৰৰ। এই চৰিত্ৰসমূহে যিদৰে এটা স্থানৰ আঁতিগুৰি লৈ আহে, লগতে লৈ আহে সাংস্কৃতিক উপাদান, মুখৰ থলুৱা মাত। কোনোটো চৰিত্ৰ হৈ পৰে জাতত বিদেশী -- নিঃসংকোচে অশ্লীল গালি গালাজ কৰিব পাৰে –– ‘ইউ ফাকিং বাষ্টাৰ্ড’। তাৰ মাজতে বহুবছৰৰ পিছত অসমলৈ আহি মিঃ কাট্টালে যেতিয়া একো নভবাকৈয়ে পাঞ্জাৱৰ ডেকা আৰু অসমীয়া ডেকাৰ মানসিকতাৰ তুলনা কৰি দিয়ে, যেতিয়া খান্দি উলিওৱা খাৰুৱা তেলে পথাৰ নষ্ট কৰি থলগিৰিৰ ওপৰত শোষণ চলোৱাৰ কথা সকীয়াই দিয়ে, যেতিয়া শিৱানন্দই নীহকুলীয়া পাৰ্বতীৰ হাতেৰে এসাজ খাবলৈ মিনতি কৰি দিয়ে, তেনে মুহূৰ্তত সাৰৌপকৈ চেতনাৰ কোব এটা গল্প শুনি থকা বা পঢ়ি থকাজনৰ গাতো লাগেহি। মনাইবাৰী মেলত বিদেশী খেদাৰ আলচ চলাৰপৰা বিদেশলৈ গৈ ৰক্তিমৰ দৰে ডেকাবোৰে ৰাষ্ট্ৰবিৰোধী চিন্তাত চামিল হোৱাৰ বহু বিপৰীত বিচিত্ৰ ছবি এই চৰিত্ৰসমূহেই তুলি ধৰেহি।

 বিপুলায়তন পৃথিৱীৰ এনে বিপুল চৰিত্ৰৰ ভিন্নসুৰী কাহিনী প্ৰগতিশীলতাৰ জোলোঙাত বান্ধি লৈ ফুৰিছিল কাহিনীকাৰ বিপুল খাটনিয়াৰে। সমাজ-স্পন্দনৰ প্ৰতি সদা-উৎকৰ্ণ, চকু কাণ বিবেক সৰ্বদা সজাগ গল্পকাৰ বিপুল খাটনিয়াৰ। আদৰ্শবাদিতাৰ বিতচকুৰে পৰিস্থিতিৰ গভীৰতা টলকি চুম্বকীয় বাকশৈলীৰে গল্প পাগত তোলাত সিদ্ধহস্ত এই গল্পকাৰ। সত্তৰৰ দশকৰ পৰা গল্প লিখি অহা

এইগৰাকী গল্পকাৰে নিৰ্দিষ্ট বিৰতিৰ অন্তৰে অন্তৰে গল্প লিখি ইখনৰ পিছত সিখন

৪০॥খোজৰ শব্দ