পৃষ্ঠা:Khojar Xabda.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সময়ত মন্দিৰৰ মাহাত্ম্যৰ কথা পাৰ হৈ প্ৰব্ৰজনৰ প্ৰসংগ উঠিল। লাহে লাহে শ্ৰীমন্ত শংকৰদেৱৰ কথা উঠিল। খাটনিয়াৰে ক’লে, আমাৰ গুৰু শংকৰদেৱৰো পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰপৰা আহি ইয়াত থাকি গ'ল। পূৰ্ব পুৰুষৰ আদি নাম লণ্ডাবৰ আছিল। মই ক'লোঁ, হয় নেকি, আচ্ছা এনেওতো হ’ব পাৰে যে তেখেতৰ পূৰ্বপুৰুষৰ ৰেকৰ্ড ভাল নহয়। শংকৰগুৰু সৰ্বগুণাকৰ হোৱা বাবে তেখেতৰ বংশ বহু ওপৰত উঠিল। কিন্তু পূৰ্বপুৰুষৰ বেয়া নামটো থাকি গ’ল। খাটনিয়াৰে হা হা কৈ দিলখুচ হাঁহি এটা মাৰি ক’লে, কৈ যাওক শুনি আছোঁ। বিহাৰ, ইউ পিৰ মানুহবোৰে কথিত হিন্দী ব্যৱহাৰ কৰে। খৰি বোলি, ভোজপুৰি, মাগধী, পূৰ্ব মাগধী ভাষা ব্যৱহাৰ কৰে। মূল শব্দ ভাণ্ডাৰ কিন্তু একেটাই। লণ্ডাবৰ শব্দ দেহাতিত ব্যৱহাৰ হয় লৌণ্ডা হিচাপে। লৌণ্ডা শব্দৰ মানে অতি দুষ্ট ল’ৰা। গুণ্ডা অৰ্থেও ব্যৱহাৰ কৰা হয়। শংকৰদেৱৰ পূৰ্বপুৰুষৰ নাম লৌণ্ডা আছিল বাবে অসমত আহি বংশৰ নাম মহিমামণ্ডিত কৰাৰ বাবে সাধুভাষা ব্যৱহাৰ কৰি লণ্ডাবৰ কৰিলে? হাঁহি হাঁহি ক’লে, আপোনাৰো কি যুক্তি বাহঃ। বৰ ভাল লাগিল, কিন্তু বেলেগৰ আগত নক’ব। মই ক'লোঁ, কি হ’ব! যি হয় দেখা যাব।

 খাটনিয়াৰ এজন বাস্তৱবাদী মানুহ আছিল। পৰাপক্ষত তেওঁ পৰিষদৰ কামবোৰ নিজেই কৰিছিল। কিছুমান কাম বেলেগৰ ওপৰত দায়িত্ব দি নিজে বহি থাকি হুকুম জাৰি কৰা বিধৰ মানুহ নাছিল তেওঁ। গহপুৰ সন্মিলনৰ সময়ৰ কথা। ইছমাইল হোছেইনক (কনিষ্ঠ) লৈ বিতৰ্ক চলি আছে। বিভিন্ন ফালৰ পৰা ৰাজ্যিক কমিটিৰ ওপৰত চাপ সৃষ্টি কৰিছে। ৰাজ্যিক সম্পাদক হিচাপে সকলোৰে লগত সদভাৱ বজাই ৰাখিব লাগে। তেখেতক সম্পাদক হিচাপে বেলেগকৈ থাকিব দিছিল যদিও আমাৰ লগত প্ৰতিনিধি শিবিৰত থাকিল। খাই বৈ সকলোৱে শুইছে, কিন্তু খাটনিয়াৰে গোটেই ৰাতি লেখা-মেলাৰ কাম কৰি আছিল।

 তেওঁক লৈ কোকৰাঝাৰ ভ্ৰমণ কৰি সাপটগ্ৰাম পি ডব্লিউ ডি চৌহদত এখন সাংগঠনিক বৈঠক বহে আৰু ইয়াতেই নতুন সাহি পৰিষদ, সাপটগ্ৰাম শাখা গঠন কৰা হয়। তেওঁ মোক হাতে-কলমে গল্প লেখাৰ কৌশল শিকাইছিল আৰু অনিবাৰ্যভাৱে কিছুমান কিতাপ পঢ়িবলৈ দিছিল। তাৰ ভিতৰত ‘গো দান’, ‘মহেশ’, গোৰ্কিৰ ‘মাদাৰ’, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলী আদি প্ৰধান। খাটনিয়াৰ মোৰ বাবে এজন চিৰনমস্য ব্যক্তি। তেখেত নিজে এজন মনুৰাই হৈ গোটেই গোৱালপাৰা জিলা ভ্ৰমণ কৰিছে মনুৰাইক বিচাৰি। আচলতে মনুৰাই এটা সত্তাহে। গৰীৱ খাটি খোৱা মানুহৰ বুকুৰ কুটুম, প্ৰতিবাদী কণ্ঠ। যাক আজিলৈকে বিচাৰি পোৱা নাই। গতিকে মনুৰাইৰ অনুসন্ধান চলি আছে, চলি থাকিব।❐

(লেখক 'নতুন সাহিত্য পৰিষদ’ৰ বশিষ্ট শাখাৰ উপ-সভাপতি)

১৮৬॥খোজৰ শব্দ