পৃষ্ঠা:Khojar Xabda.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৃষ্টিৰ বাবে ইতিহাস চেতনাৰ গুৰুত্ব অপৰিসীম। কিয়নো জীয়া বাস্তৱত, সমাজত মানুহক, তেহেলৈ লেখকক কেৱল ইতিহাসৰ প্ৰতি সচেতনতাইহে ঐতিহাসিক- সামাজিক-বৈজ্ঞানিক জ্ঞানৰ যোগান ধৰিব পাৰে। দাৰ্শনিক-তাত্ত্বিক জ্ঞানে কোনো বিষয়ীগত আত্মনিষ্ঠ (Subjective) জ্ঞানহে উপলব্ধ কৰাব পাৰে; কিন্তু ইতিহাসলব্ধ বাস্তৱ জ্ঞানে আমাৰ প্ৰকৃত সমাজ বাস্তৱত, জাতি-ধৰ্ম-বৰ্ণ-শ্ৰেণী আৰু মতাদৰ্শ নিৰ্বিশেষে, বিশ্বব্যাপী সক্ৰিয় হৈ থকা ‘বিশ্বজনীন সংসাৰ ধৰ্ম’ সম্পৰ্কে আমাৰ জ্ঞান সমৃদ্ধ কৰি তুলিব পাৰে। এই মূল কথাটোৱেই সাহিত্য সৃষ্টিৰ ক্ষেত্ৰতো ‘বিশ্বজনীন প্ৰমূল্য’ হিচাপে এক বিকল্পবিহীন ধাৰণা, যিটো বস্তুৰ সাধনাই বিপুল খাটনিয়াৰৰ কথাশিল্পৰো লক্ষ্য আৰু উদ্দেশ্য আছিল। কেৱল প্ৰগতিশীল সাহিত্য নহয়, যথাৰীতিগত সকলোবিধ সাহিত্যৰ ক্ষেত্ৰতে ঐতিহাসিকভাৱে লব্ধ সামাজিক জ্ঞানৰ নেপথ্যত সক্ৰিয় দ্বন্দ্বমূলক বৈজ্ঞানিক জ্ঞানৰ অন্য কোনো বিকল্প নাই। মোৰ ধাৰণা যে বিপুল খাটনিয়াৰে অতিশয় সততা আৰু নিষ্ঠাৰে তেনে এক সাধনাত বহিছিল বুলিলেও অত্যুক্তি কৰা নহ’ব।

 পাঠকৰ জ্ঞাতাৰ্থে এই প্ৰসংগতে এষাৰ কথা ক’বই লাগিব যে তেনে মূল্যায়নৰ প্ৰশ্নত হীৰেন গোহাঁই ছাৰে উৎসৰ্গিত প্ৰাণেৰে ইতিমধ্যেই বিচাৰৰ এক যথাৰ্থ ঐতিহ্য সৃষ্টি কৰি গৈছে। কমপক্ষেও তেখেতৰ তিনিখন গ্ৰন্থ ‘সাহিত্য আৰু চেতনা’ (১৯৭৬), ‘বিশ্বায়তন’ (১৯৮৩) আৰু ‘উত্তৰণৰ সাধনা’ৰ (১৯৯৩) অধ্যয়নৰ জৰিয়তে আমি তেনে এক নতুন বিচাৰৰ মাপকাঠী নিৰ্মাণ কৰি উলিয়াব পাৰোঁ। ই দৰাচলতে সাহিত্যৰ স্বকীয় ধৰ্মৰ প্ৰতি আস্থাৰে এক সম্প্ৰসাৰিত ৰূপ।

 এই অৰ্থতে বিপুল খাটনিয়াৰৰ গল্প কেৱল ‘নতুন সাহিত্য পৰিষদ’ৰ অনুগামীসকলৰ বাবেই নহয়, সাহিত্যৰ সকলো ভাবাদৰ্শৰ পাঠকৰ বাবেই সিবোৰৰ মূল্য অপৰিসীম। কিয়নো প্ৰকৃত বাস্তৱ জ্ঞানেৰে সুসজ্জিত হৈ তেওঁ সঠিক যাত্ৰাপথেৰেই আগুৱাই গৈছে আৰু যিখন মানুহৰ সমাজৰপৰা মূলসুঁতিৰ সাহিত্যই সমল সংগ্ৰহ কৰে; তেৱোঁ সেই একেই জীৱন আৰু জগতৰপৰাই নিজৰ কথাশিল্পৰ বাবে সমল সংগ্ৰহ কৰিছিল। পাৰ্থক্য মাথোঁ ইয়াতে যে প্ৰথাগত সাহিত্যই যদি কোনো সীমা নিৰ্ধাৰণ কৰি তাৰ মাজতে আবদ্ধ হৈ থাকিবলৈ ভাল পাইছিল, বিপুল খাটনিয়াৰে তাৰ বিপৰীতে সীমাৰ পৰিধি ভাঙি পাঠকৰ ৰসচেতনা পৰিপুষ্ট কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল।

 মৃত্যুৰ সময়লৈকে প্ৰকাশ পোৱা বিপুল খাটনিয়াৰৰ গল্প সংকলনৰ সংখ্যা ৭-৮ খনমান হ’ব; সেই হিচাপে কথাশিল্পত তেওঁৰ সাহিত্য চেতনাৰ প্ৰকৃত মূল্যায়ন

১০৬॥ খোজৰ শব্দ