পৃষ্ঠা:Khojar Xabda.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাৰ্ণাড শ্ব’ (Bernard Show) আদি বিশ্ব বৰেণ্য বুদ্ধিজীৱীসকল। এই আন্তৰ্জাতিক মহাসভাখনত ১৯৩৫ চনৰ ২১ আৰু ২৫ জুনত পুৱা আৰু আবেলি আলোচনা চলিছিল। বিশ্বৰ ৩৮খন দেশৰ প্ৰায় ২৫০ জন প্ৰতিনিধিয়ে এই মহাসভাত যোগদান কৰিছিল। এই মহাসভাৰ দ্বিতীয়খন মহাসভা অনুষ্ঠিত হৈছিল গৃহযুদ্ধ জৰ্জৰ স্পেইনৰ ভেলেনচিয়া চহৰত ১৯৩৭ চনৰ ৪ আৰু ১৭ জুনত। ১৯৩৮ চনত পুনৰ পেৰিছত অনুস্থিত হয় তৃতীয়খন আন্তৰ্জাতিক মহাসভা। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৮ চনত পোলেণ্ডৰ ৰ’ক্ল’ত আৰু ১৯৫০ চনত বাৰ্লিনত ‘সংস্কৃতি সুৰক্ষাৰ বাবে লেখকৰ আন্তৰ্জাতিক মহাসভা’ অনুস্থিত হৈছিল।

 সেই সময়ত ব্ৰিটিছ ঔপনিৱেশক শোষণৰ কবলত থকা ভাৰতবৰ্ষৰ অৱস্থাও জটিল আৰু অস্থিৰ আছিল। ক্ষুধা, দৰিদ্ৰতা আৰু ৰাজনৈতিক অস্থিৰতাই নহয় প্ৰাক স্বাধীন ভাৰতীয় জনসাধাৰণৰ নিজৰ অস্তিত্ব, সাহিত্য সংস্কৃতিৰ প্ৰতিও সংকটকাল আছিল। তেনে সময়তে লণ্ডনৰ বিভিন্ন শিক্ষা অনুষ্ঠানত পঢ়িবলৈ যোৱা মুলক্ ৰাজ আনন্দ, ছাজাদ জাহিৰ, জ্যোতিৰ্ময় আদিৰ লগতে লণ্ডনৰ বিখ্যাত বাঁওপন্থী লেখক ৰালফ ফক্সৰ (Ralph Fox) দিহা পৰামৰ্শ আলোচনা বিলোচনাৰ যোগেদি ১৯৩৫ চনত ‘প্ৰগতিশীল লেখক সংঘ’ (Progressive Writers Association) গঠন কৰে। ইতিমধ্যে মুলক্‌ ৰাজ আনন্দ আৰু ছাজাদ জাহিৰে ‘সংস্কৃতিৰ সুৰক্ষাৰ বাবে লেখকৰ আন্তৰ্জাতিক মহাসভা’ৰ পেৰিচত অনুস্থিত হোৱা প্ৰথমখন মহাসভাত ২১ আৰু ২৫ জুনত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছতে মুলক্‌ ৰাজ আনন্দে আনকি লণ্ডনৰ বিভিন্ন অঞ্চলত ‘সংস্কৃতিৰ সুৰক্ষাৰ বাবে লেখকৰ আন্তৰ্জাতিক মহাসভা’ৰ বিভিন্ন সাংগঠনিক কাম-কাজো কৰিছিল। ইফালেদি ১৯৩৫ চনত চাজাদ জাহিৰে লণ্ডনৰ পৰা পেৰিচ হৈ ভাৰতলৈ আহি ‘অখিল ভাৰতীয় প্ৰগতিশীল লেখক সংঘ’ (All India Progressive Writers Association) গঠনত আগভাগ লয়। লক্ষ্ণৌত ১৯৩৬ চনৰ ৯ আৰু ১০ তাৰিখে মুন্সী প্ৰেমচন্দৰ সভাপতিত্বত প্ৰথমখন অধিৱেশন অনুস্থিত হয়। এই অধিৱেশনত আহমেদ আলি, মুলক্‌ ৰাজ আনন্দ, প্ৰেম চান্দ, জ্যোতিৰ্ময় ঘোষ, ৰছিদ জাহান, মহমুদ জাফাৰ, ছাদাট হাছান মান্টো, ইচমত্‌ চুগটাই, ফাইজ আহমদ ফাইজ আদি সাহিত্যিকে সহযোগিতা কৰিছিল। বাঁওপন্থী চিন্তাধাৰাৰে পৰিপুষ্ট এই প্ৰগতিশীল সংঘই প্ৰাক স্বাধীনতা কালত সাম্ৰাজ্যবাদ বিৰোধী, সাম্প্ৰদায়িকতা বিৰোধী প্ৰগতিশীল মতাদৰ্শৰ ভাবধাৰাৰে ভাৰতীয় সমাজখনক আলোড়িত কৰিছিল। ভাৰতীয় স্বনামধন্য বহু বুদ্ধিজীৱীৰ অৰিহণাৰে ভাৰতীয় সংস্কৃতিৰ নৱ দিগন্তৰ সূচনা কৰিছিল। বিশেষকৈ বাঁওপন্থী চিন্তাধাৰাৰে পৰিপুষ্ট বুদ্ধিজীৱীসকলে ভাৰতীয়

১১৪॥খোজৰ শব্দ