পৃষ্ঠা:Khojar Xabda.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘কাৱৈমাৰী সত্ৰৰ অতিথি’ গল্পতো বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰসমূহৰ পৰি অহা অৱস্থা, বান-খহনীয়া আৰু এইবোৰৰ পাকচক্ৰত বিধস্ত হৈ পৰা জনজীৱনৰ বিৱৰণীৰ মাজেৰে তেখেতে গল্পত প্ৰায় subdued হৈ থকা এগৰাকী তেনেই গাঁৱলীয়া, ধৰ্ষিতা বিধৱাক প্ৰায় অগোচৰেই সিদ্ধান্ত নিৰ্ণয়কাৰী অৱস্থানলৈ তুলি নিছে। এয়া মাথোন সমমৰ্মিতা নহয়, বৰং এনে গল্পৰ চৰিত্ৰ আৰু সমাজৰ চিত্ৰণ, কাহিনীৰ অগ্ৰগতিৰ সাৱলীলতাই গল্পকাৰৰ শ্ৰেণী চেতনা আৰু সমাজৰ দ্বান্দিক ৰূপান্তৰৰ গভীৰ সংশ্লেষণৰ অপূৰ্ব দক্ষতাৰ কথাকেই কয়।

 বোধহয় এইবাবেই বিপুল খাটনিয়াৰৰ প্ৰেমৰ চিত্ৰকল্পবোৰো ব্যতিক্ৰমী আৰু অনন্য। ‘গোলাম’ গল্পত তেওঁ কান্দুৰাৰ প্ৰেমৰ যি চিত্ৰ অংকন কৰিছে সি পাঠকৰ মনলৈ চকুলো বোৱাই আনে। সি প্ৰেমত পৰিছে পৈয়েকে বুঢ়াদেউতাৰ হাউলীত তিনি টকাত বেচি দিয়া পাঁচমহীয়া গৰ্ভৱতী ৰূপহীৰ। কাহিনীৰ পটভূমি সামন্তীয়, মানুহ কিনা-বেচা হোৱা দাস প্ৰথাও ইয়াত আছে। এতিয়া বিৱৰণী চোৱা যাওক

 “পাচে পাঁচ মাহ পূৰ নৌ হওঁতেই তাইৰ গৰ্ভ খহিল। টেপৰ চুকৰ লেফেৰী বুঢ়ী ঘনাই আহোঁতেই কান্দুৰাৰ মনে চেবাইছিল, ভাললৈ ভাদত ক’লী গাই নজগে। মূৰকত গৈ বুঢ়া দেউতায়ো এই নিমাখিতজনীক দৰৱ কটিয়াবলৈ পালে!

 কঠীয়া তুলি আছিল৷ তাৰপৰাই চিঞৰ ভাহি আহিল। ঢেঁকুৰি গৈ কান্দুৰাই দেখে— ঘটনা তেনেই সাং, তেহে দাংকোলা কৰি তাইক ঢেঁকীশাল পোৱালেহি। কান্দুৰাৰ এনে ভাব হ’ল, পাটীৰ তিৰোতাজনীহে যেন চেৰাশালিত পৰিছে। এতিয়াতে যেনিবা তাৰ দায়-দায়িত্বহে বাঢ়িল!’

 জীৱনৰ অসম্ভৱ পৰিহাস আৰু কাৰুণ্যৰ মাজেৰে এটা দীঘলীয়া যাত্ৰাৰ শেষত কান্দুৰাই তাৰ প্ৰেম লাভ কৰিছে, গল্প আগবাঢ়িছে অনন্যসুন্দৰ কথকতাৰে। পৰিহাস যেন তেওঁৰ গল্পৰ প্ৰধান অলংকাৰ।‘চেগুন বনৰ কথা’এটা ৰাজনৈতিক গল্প, ইয়াৰো প্ৰধান অলংকাৰ পৰিহাসেই।‘বেংগ্ৰা’ৰ দৰেই ইয়াতো উগ্ৰপন্থী সমস্যা আৰু গোষ্ঠী- সংঘাতে তচ-নচ কৰা সাধাৰণ মানুহৰ নিৰ জীৱনৰ কথা আছে আৰু আছে জনগোষ্ঠীয় অৱদমন। গল্পৰ প্ৰটাগনিষ্ট লুংচেক এযোৰ কাপোৰ লাগে। সি তৰালাংচ’ত কাৰ্বিসকলৰ যুৱ মহোৎসৱ চাবলৈ যাব। কিন্তু তাৰ গাত এযোৰ কাপোৰ নাই। সি এডাল অজগৰ সাপৰ সন্ধান কৰিছে, সাপডাল সি ধৰিব আৰু বিক্ৰী কৰি পোৱাৰ টকাৰে এযোৰ কাপোৰ কিনিব। এডাল ষাঠি কিলোগ্ৰাম ওজনৰ সাপ সি ধৰিছে – এই সমগ্ৰ প্ৰক্ৰিয়াত উন্মোচিত হৈছে জনগোষ্ঠীয় কথকতাৰ অনন্য চেতনা, জনগোষ্ঠীৰ প্ৰমূল্য ধৰি ৰখা ফকৰা-যোজনাবোৰ, নিষিদ্ধ উগ্ৰপন্থীৰ সংগঠনৰ কাম-কাজ, সেনা

অভিযান। অৱশেষত জনগোষ্ঠীয় সৰলতাৰেই সাপডাল সি এৰি দিলে খেনলাইৰ

খোজৰ শব্দ॥৭৫