পৃষ্ঠা:Khojar Xabda.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিক্ষাতো পিছপৰি থকা নাছিল। চাৰি-পাঁচ দশকৰ দূৰত্বৰ পৰা লক্ষ্য কৰি গল্পকাৰ নিজেই আচৰিত আৰু অভিভূত হৈছিল। সেই অনুভৱ-অনুভূতিও ধৰা আছে তেওঁৰ গল্পত। কচু-ঢেঁকীয়াত নৈ পাৰৰ ঔটেঙা আৰু পুঠি-খলিহনা দিয়া, আলু দুটাৰ লগত গৰৈ মাছ পোৰাৰ পিটিকাত দুটোপ ঘানিৰ পকা তেল দি একাঁহী ভাতেৰে আলহী সোধা দিনবোৰ গল্পকাৰৰ নষ্টালজিয়া। বিবিধ ৰেছিপিৰে তেল-মছলা-ঘিঁউৰ গোন্ধে আমোলমোল ‘কাৰী’ আৰু বিৰিয়ানীয়ে ক’ত পায় তাৰ জোৰ! নেওথনি-যঁতৰ উঘা- চেৰেকিৰ কেৰেং-মেৰেং, কপাহৰ জোলা এৰী-মুগাৰ খোলাৰ গোন্ধ আৰু মাকোৰ খট্‌খটনিৰ সেই দিনবোৰত মানুহৰ মন আছিল নিকা, ফটফটীয়া। মনৰ ঐশ্বৰ্যৰে বলী সেই মানুহবোৰ ক্ৰমে পিছ হুঁহকিল, হেৰাই গ'ল। খাটনিয়াৰৰ গল্পই তেওঁলোকক আদৰি অনাৰ চেষ্টা চলাই গ’ল।

 তেওঁৰ গাঁৱৰ মাজেদি অহা-যোৱা কৰা শৰৎ মহন্ত ছাৰ আৰু তেওঁৰ ভাতৃ পোনা মহন্ত (অধ্যাপক পোনা মহন্ত), বিয়াগোম শৰীৰৰ দেৱেন লাহনহঁতৰ প্ৰগতিশীল চিন্তা-চৰ্চাৰ কথা ডেকাচামে ষাঠি-সত্তৰৰ দশকত আলোচনা কৰে। এবাৰ বিষ্ণু ৰাভা-ফণী শৰ্মায়ো ভূমুকি মাৰিলেহি। মাজে মাজে খগেন বৰবৰুৱাই বাইচাইকেল চলাই সোঁ-শৰীৰে উপস্থিত হয়হি। তেওঁ জীৱন্ত কিম্বদন্তী। গাঁৱৰে বল্লভ হাজৰিকা আৰু টংকেশ্বৰ কাকতিৰ সান্নিধ্যও তেওঁলোকে লাভ কৰে। ভূঞা পৰিয়ালৰ শিক্ষা- দীক্ষা, সামাজিক অবদানৰ কথাও জানে, শুনে। কলেজীয়া জীৱনত নিত্যানন্দ গগৈ, শৰৎ মহন্ত, যোগেন চেতিয়া ছাৰৰ প্ৰগতিশীল চিন্তা-চৰ্চাই বাঁওপন্থী পৰিৱেশৰ মাজলৈ টানি নিলে। গণনাট্য সংঘৰ প্ৰভাৱ তেতিয়া সেই অঞ্চলৰ গাঁওবোৰতো আছিল। পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ লগতে নাট্য-চৰ্চাৰো থল আছিল। তেওঁ জড়িত হৈ পৰিছিল তেনেবোৰ অনুষ্ঠানৰ লগত। সংগীত সাধক মাখন ভূঞা ছাৰৰ সাধনাৰ প্ৰভাৱো পৰিছিল তেওঁৰ জীৱনত।

 চাকৰি জীৱনত খনিজ সম্পদৰ দানত তেওঁ দেখিলে সৰল হাঁহিমুখীয়া গ্ৰাম্য সমাজলৈ অহা পৰিৱৰ্তনবোৰ। অতিথিবৎসল জনজাতীয় সমাজত বহিৰাগত শ্ৰমিক-কৰ্মচাৰী ‘বিদেশী’ আৰু ‘শত্ৰু’ বুলি চিহ্নিত হ’ল। তেওঁলোক আক্ৰান্ত হৈছে। হত্যা আৰু সংঘৰ্ষই বহুতকে বিধ্বস্ত কৰিছে। ষাঠি-সত্তৰৰ দশকৰ আদৰ্শবাদ, সকলো সমাজক দাৰিদ্ৰ আৰু শোষণৰপৰা মুক্ত কৰা চিন্তাৰ প্ৰভাৱ তেতিয়া শেষ। তাৰ ঠাইত পুঁজিবাদৰ মৰ-কামোৰ সৃষ্টি কৰা জাতি-ধৰ্ম-গোষ্ঠী আৰু ভাষিক বিচ্ছিন্নতাৰ প্ৰাধান্য। অৰ্থনৈতিক সংকট পৰিচয়ৰ সংকটত পৰিণত হ’ল। কোনোবা মুহূৰ্তত অস্ত্ৰ-শস্ত্ৰ, বোমা-বাৰুদ লোৱা গোটৰ সৃষ্টি হ’ল। প্ৰাকৃতিক সম্পদ লুট কৰাত

তেওঁলোক হ’ল বৃহৎ পুঁজিৰ গোলাম। হত্যা-হিংসাৰ লগৰীয়া যৌনতা আৰু মাদক

খোজৰ শব্দ॥১৩৭