পৃষ্ঠা:Khojar Xabda.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উমৰাংচুলৈ বুলি ৰাওনা হ’লোঁ। নীপকোৰ এজন চকুৰ চিনাকি লোক আছিল। তেওঁ ৰঙীয়া জয়ন্তীপুৰৰ শৰৎ শৰ্মা। থাকে ২৯কিলো নামৰ নীপকোৰ পথ বিভাগৰ এটা কেম্পত। তেখেতেই ৩দিন ৰাখি পথালে ১৮ কিলোৰ ভূতত্ত্ব খনি বিভাগৰ কেম্পৰ কৰ্মচাৰী বীৰেন শীল নামৰ লোকজনৰ ওচৰলৈ। সেই বীৰেন শীলেই লৈ গৈ কেম্পৰ তম্বুৰ ভিতৰত বিপুল খাটনিয়াৰক লগ কৰাই দিছিল। এমুখ দাঢ়িৰে গেঞ্জী আৰু পাইজামা পৰিধান কৰি বিছনাতে কিতাপ এখন পঢ়ি আছিল। বীৰেন শীল তেখেতৰ ব্যক্তিগত পিয়ন আৰু ৰান্ধনি। মোৰ পৰিচয় ল’লে— কিয় আহিলোঁ তাকো সুধিলে, মই অকপটে মোৰ সকলো কথা আদ্যোপান্ত বিৱৰি কোৱাত তিনিখন ফটো মোক দেখুৱালে, যদি চিনি পাইছোঁ তেন্তেনামকেইটা ক’বলৈ কোৱাত মই প্ৰথমেই কাৰ্লমাৰ্ক্স, ভি আই লেনিন আৰু ষ্টালিন বুলি কোৱাত তেখেতে পতিয়ন গৈ চাহ দিবৰ বাবে মোক বীৰেনৰ লগত তেওঁৰ তম্বুলৈ পথালে। বীৰেনে চাহ-বিস্কুট দি ক’লে— তেখেত জিয়’লজিষ্ট, নাম বিপুল খাটনিয়াৰ, ছাৰ বহুত ভাল মানুহ; কিন্তু লাহেকৈ ক’লে, চি পি এম কৰে। ইতিমধ্যে তাৰ প্ৰমাণ মই পাইছোঁৱে।

 সি যি নহওক পিছদিনাৰপৰা মই কামলৈ যাব লাগিব। মোৰ থকা-খোৱাৰ ব্যৱস্থা বীৰেন শীলে ড্ৰাইভাৰ প্ৰমোদ শৰ্মাৰ তম্বুৰ লগত কৰি দিলে। সন্ধিয়া খাটনিয়াৰ ছাৰে মোক মাটি নি মোৰ কাম কি হ’ব, কেইব্‌জাৰ পৰা ওলাব লাগিব ইত্যাদি বুজাই দিলে। মাহিলি দৰমহা হ’ব ৯০০ টকা। মোৰ মনটো তেতিয়া থৌকি-বাথৌ। পুৱা ৮ বজাত জীপত উঠি খাটনিয়াৰ ছাৰ আৰু কেম্প ইন-চাৰ্জ ৰঞ্জিত কাকতি ছাৰৰ লগত ওলালোঁ। বেগ এটা দিলে— তাত হাতুৰি, চেনি ইত্যাদি সঁজুলি। অটব্য হাবিৰ মাজেৰে গৈ এঠাইত জীপ ৰ’ল— তাৰপৰা খোজেৰে যাব লাগিব। কিছুদূৰ গৈ পানী নোহোৱা নিজৰা এটাৰ কিছুমান শিল ভাঙি সেই বেগটোত ভৰাই আনিলোঁ। আবেলি খাটনিয়াৰ ছাৰে কেম্পত থকা অস্থায়ী বিজ্ঞানাগাৰলৈলৈ গ'ল। ভাঙি অনা শিলৰ টুকুৰাবোৰ উৰালত খুন্দি চালনিৰে চালি পলিথিনত পেকেট কৰি থলোঁ। প্ৰায় গতানুগতিক কাম।

 খাটনিয়াৰ ছাৰ আছিল এজন অতি কৰ্তব্য পৰায়ণ, এগৰাকী চৰকাৰী বিষয়া। কঠোৰ পৰিশ্ৰমী, অবাবত সময় নষ্ট নকৰা, মিতব্যয়ী, অল্পভাষী আৰু অতি হৃদয়বান লোক। ১৯৮২ চনত কেম্পৰ পৰা আমি দুয়ো লগলাগি কাটি অনা খেৰ-বাঁহৰ দ্বাৰাই থাকিবৰ বাবে খেৰেৰে সৰু ঘৰ এটা সাজিছিলোঁ। বিশেষকৈ বাৰিষা ছমাহ ফিল্ডৰ কাম বন্ধ থাকে, গতিকে মোৰ কাম নাথাকে। সেয়ে হেঙেৰাবাৰীত পাহাৰৰ মাটি কাটি থওঁ আবেলি তেখেত অফিচৰ পৰা অহাৰ পিছত সাঙী লৈ দুয়ো মাটিবোৰ

তলৰ ফালে পেলাওঁ। কেতিয়াবা ৰাতি ৯ বজালৈ কাম কৰোঁ। তেতিয়া দুটা জনতা

২১২॥খোজৰ শব্দ