পৃষ্ঠা:Khojar Xabda.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাধ্য কৰিছে। এই সঁহাৰি অৱশ্যে প্ৰথমাৱস্থাত প্ৰকট হৈ উঠা নাছিল। সোণতৰাৰ অৱস্থাটোও ইয়াত মন কৰিবলগীয়া। এই মানসিক অশান্তিৰ ইতিহাস যিমানেই ক্ষুদ্ৰ নহওক কিয় সমাজৰ মাত-কথা শুনি থাকিব লগা হোৱাটো সোণতৰাৰ বাবে কোনো বিপৰ্যয়তকৈ কম নহয়। গুৰুত্বপূৰ্ণভাৱে এই তিনিওটা ক্ষেত্ৰৰ সুকীয়া সমস্যাৰাজিৰ একোটা সমতলত অৱস্থা, কিন্তু সমস্যাসমূহৰ সমাধানত ইংগিত নহয়। বৰঞ্চ সমস্যাকেইটাৰ গভীৰ ঐতিহাসিক চক্ৰকেইটাই নিজাববীয়াকৈ ক্ৰিয়া কৰিছে, ফলত কণটিলৌৰ বলধ-প্ৰীতি আৰু সোণতৰাৰ সামাজিক অৱজ্ঞা আৰু তিৰস্কাৰ এই ক্ষেত্ৰত পৰস্পৰ বিৰোধী হৈ উন্মোচিত হৈছে। উল্লিখিত সংলাপত আমি স্বামী-স্ত্ৰীৰ মাজত চলা কথোপকথনৰ জৰিয়তে দুটা পৃথক চিন্তাক্ষেত্ৰৰ উমান পাওঁ ৷ এইটো নহয় যে পাৰিবাৰিক সমন্বয়ৰ অভাৱৰ ই প্ৰতিফলন, কিন্তু একেটা সাময়িক অৱস্থানত দুটা ক্ষুদ্ৰ অথচ অতি গুৰুত্বপূৰ্ণ ব্যক্তিগত ইতিহাসৰ ইয়াত প্ৰকাশ ঘটিছে। এই ক্ৰমত যিদৰে কথাবোৰৰ একত্ৰিতকৰণ হৈছে তাৰ আন এটা দিশ উহ্য হৈ আছে। কোনোলোকৰে ব্যক্তিগত অভিজ্ঞতা বা স্থিতি কিন্তু সম্পূৰ্ণ নিজাববীয়া নহয়। অৰ্থাৎ সোণতৰাক তেওঁৰ সমাজে যিদৰে ব্যক্তি হিচাপে স্বীকৃতি দিছে তাৰ এক সাংস্কৃতিক নেপথ্য আছে। এই নেপথ্য সোণৰাৰ ব্যক্তিগত অৱস্থিতিৰ উৰ্দ্ধত আৰু ইয়াৰ দ্বাৰা হয়তো একেখন সমাজৰে অন্যান্য ব্যক্তিও প্ৰভাৱিত হৈছে। সোণতৰাই যেতিয়া ‘বাঁজী’ শব্দৰ দ্বাৰা সামাজিক দৃষ্টিভঙ্গীৰ এটা দিশ আমাৰ আগত দাঙি ধৰিছে তাত কেৱল পুৰুষপ্ৰধান ধ্যান-ধাৰণা প্ৰকাশ পোৱা নাই, ই সেই সমাজত গাঢ় হৈ সত্যৰ ৰূপত প্ৰতিষ্ঠিত ব্যক্তি-বিচাৰ পদ্ধতিৰ উদাহৰণ ৰূপেও ইয়াত ধৰা পৰিছে। সোণতৰাই কেৱল নিজৰ অসহায় অৱস্থাৰ কথা ইয়াত দৰ্শোৱা নাই, কিয়নো তেওঁৰ নাৰীত্বৰ দোহাই দি শাৰীৰিকভাৱে তেওঁৰ সুকীয়া পৰিচয় ইয়াত প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। এই প্ৰকাশ কোনো নাৰীবাদী ভাবধাৰাৰ প্ৰতিফলন নহয়, অথচ ব্যক্তি হিচাপে নিজৰ অৱস্থান সুদৃঢ় কৰাৰ এক প্ৰচেষ্টাহে। ইয়াৰ আঁৰত সোণতৰাৰ দৈহিক বা যৌন হাবিয়াসৰ কথাটোও সোমাই আছে। আনহাতে পুৰুষপ্ৰধান সমাজত নাৰীৰ প্ৰতি থকা ক্ষুদ্ৰ মানসিকতাও একেটা প্ৰক্ৰিয়াত ধৰা পৰিছে। খাটনিয়াৰে এই ক্ষেত্ৰত ঠানুৰ চৰিত্ৰৰ দ্বাৰা পুৰুষৰ যৌনলিপ্সাৰ কথাটো ব্যক্ত কৰিছে। কাৰণ একেটা হাবিয়াসৰ বলি হিচাপে কণটিলৌক আমি গল্পৰ শেষ পৰ্যায়ত দেখিবলৈ পাওঁ৷ ইয়াৰ দ্বাৰা দুটা কথা সুনিশ্চিত কৰা হৈছে। গল্পটোৰ নৈতিক কেন্দ্ৰ (moral centre) কণটিলৌৰ চৰিত্ৰত আবদ্ধ আৰু পাৰিবাৰিক, সামাজিক আৰু কৰ্মক্ষেত্ৰত তাৰ আচৰণ অন্যান্য চৰিত্ৰৰ বিচাৰ ক্ৰিয়াত সহায়ক হৈছে। অন্যান্য চৰিত্ৰৰ ক্ষেত্ৰত আমি ব্যক্তি-সত্তাৰ লগত জড়িত পৰিৱেশনিতাৰ বিভিন্ন উদাহৰণ দেখিবলৈ পাওঁ। কিন্তু কণটিলৌৰ

খোজৰ শব্দ॥ ১৭