পৃষ্ঠা:Khojar Xabda.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শেষত ৰাইজৰ আগত অতীতৰ কু-কৰ্ম ব্যক্ত কৰা কথাটোত নতুনত্ব থাকিলেও অবাস্তৱ যেন অনুভৱ হয়। কিন্তু দুয়োটা পাঠতে ন্যায়-বিচাৰৰ মাধ্যম হিচাপে নামঘৰ আৰু ৰাইজৰ যি গুৰুত্ব গল্পকাৰে দেখুৱাইছে অসমীয়া সমাজ জীৱনৰ এক অভিনৱ ঐতিহ্য প্ৰতিফলিত হয়।

 বোধহয় গল্পকাৰৰ সংবেদনশীল ঐতিহ্য চেতনাৰ বাবেই তেওঁ ‘সাঁচিপাতৰ পুথি’ আৰু ‘গোলাম'ৰ দৰে গল্প লিখিব পাৰিছিল। আহোম শাসনৰ গৌৰৱময় দিনবোৰৰ অৱক্ষয়ৰ প্ৰতিফলক দুয়োটা গল্প।‘গোলাম’ত আহোম শাসনৰ সামন্তবাদী ৰূপৰ অন্ত পৰিছে ‘দাস’ হিচাপে আহোম ৰজাই কিনি লোৱা মানুহবোৰৰ ব্ৰিটিছৰ আইনে আনি দিয়া মুকুতিত। আহোম ৰাজতন্ত্ৰৰ শোষণবাদী ছবি এখনো পাঠটোত উদ্ভাসিত। ‘সাঁচিপাতৰ পুথি’ত মোলান মৌজাদাৰ স্বৰ্গদেউ গৌৰধ্বজ সিংহই ৰোৱা বামুনী বড়জোপা তেওঁৰ হকা-বধা নুশুনি পুতেকে গজেন্দ্ৰই কটাৰ দুখত ম্ৰিয়মান হৈছে আৰু অৱশেষত বড়জোপা গাতে পৰি তেওঁৰ মৃত্যু হৈছে। ঐতিহ্য আৰু আধুনিকতাৰ দ্বন্দ্বই কৰা এনে ট্ৰেজেদীৰ সাক্ষী হৈ ৰৈছে নিমাখিত সোণেশ্বৰী। ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ত গল্পকাৰে দেখুওৱা সত্ৰৰ সত্ৰাধিকাৰৰ লাওলোৱা অৱস্থায়ো ব্যাপক এক সামাজিক পৰিৱৰ্তনৰ আভাস দিয়ে।

 কিছুমান সাহিত্য পাঠে ভাষা এটাৰ কালিকা শক্তিক নতুনকৈ উন্মোচন কৰে। গল্পকাৰ বিপুল খাটনিয়াৰৰ গল্প পঢ়িলে উপলদ্ধি হয় কিমান যে চহকী অসমীয়া ভাষাটো আৰু ইয়াৰ কালিকা! ফৰ্ম আৰু নেৰেটিভৰ সম্পৰীক্ষা নকৰাকৈ আমাৰ প্ৰচলিত ভাষা আৰু সমাজ জীৱনৰ ঐতিহ্যতে কিদৰে অলেখ স্মৰণীয় বৃত্তান্ত থুপ খাই আছে তাক খাটনিয়াৰে দেখুৱাইছে দক্ষতাৰে। আহোম শাসনৰ প্ৰায় শেষ সময়ছোৱাত বিলীয়মান আহোম ৰাজতন্ত্ৰৰ অৱক্ষয়ৰ দ্যোতনা কঢ়িয়াই অনা ‘গোলাম’ৰ পাঠলৈ ভূমুকি মাৰিলে পতিয়ন যাব পাৰি খাটনিয়াৰৰ ভাষাৰ শৌৰ্য অসমীয়া সাহিত্যৰেই কেনে গৱেষণাযোগ্য সমল : বন-কুকুৰা ভগাদি ৰূপহী ঝাৰণিত সোমালগৈ; যেন গা-ফুৰিবৰহে হ’ল; গৰাতে পৰি ৰ’ল ঘোলোকনি খোৱা পানীৰ কলহ। ঝাৰণিৰ সিকাষত তল মুকলি চোমনিৰ পিনে চাই কান্দুৰাই দেখিলে, খেঁকাৰ খোৱা ৰজাকো দেও নোবোলা বুদাই—লেকলৌ পৰুৱা। সি মৰকামোৰ নেৰা— বুঢ়া দেউতাৰ ভাগৰ সৰু আইদেউৰ যৌতুকীয়া বহতীয়া।

‘হেই, হেৰৌ। সেই জোপা যখিনী- থুই”। ওচৰ চাপি অহা বুদাইক কান্দুৰাই
হেঁচুকি আঁতৰালে। তাৰ পিচে ধাউতি আনত। ‘হঞে কান্দুৰা, তয়ো আৰু

খোজৰ শব্দ॥ ৫৩