পৃষ্ঠা:Khojar Xabda.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাতে। মোক কৈছিল ‘কবিতা লিখা মানুহ নহয় তুমি, চোৱাচোন পাতনিটো কবিতাপুথিৰ পাতনি যেন হৈছেগৈনে?’ পঢ়ি চাই ধেমালিতে কৈছিলোঁ, ‘সৰিয়হ আৰু দোৰোণৰ গোন্ধে মলমলাই আছে বিপুল দা, ৰঙা-বগা-হালধীয়াৰ কম্বিনেশ্বনটো ভাল পাইছোঁ!’ যিমানদূৰ মনত পৰে, বাকী আমি পতা কথাখিনি এনে ধৰণৰ আছিল যে কিতাপৰ এনে পাতনিয়ে সৃষ্টি আৰু স্ৰষ্টাক একেলগে তুলি ধৰে। কেতিয়াবা দেখা যায় কাৰোবাৰ লেখা পঢ়ি আমি বিভিন্ন ধৰণে সমৃদ্ধ হৈ আছোঁ, কিন্তু স্ৰষ্টাৰ সমাজ-ৰাজনৈতিক স্থিতিৰ লগতে জীৱনচৰ্যাই হতাশ কৰে। তেনে ক্ষেত্ৰত সততে কৈ থকা স্ৰষ্টাৰ জীৱনৰ প্ৰতি শুভবোধ (?)-ৰ কথাটোৱে মুখ থেকেচা খায়। কেতিয়াবা দেখা যায় সৃষ্টিতকৈও স্ৰষ্টাৰ জীৱন বহু বেছি গুণে শিল্প। ইয়াত শুভবোধে মুখথেকেচা খাব লগা কথাটো নাহে। ৰূপান্তৰৰ সপোন দেখা মানুহখিনি নাইবা সাধাৰণ পাঠকৰ বাবেও এয়া খুউব জৰুৰী কথা। ‘শিল্পৰ বাবে শিল্প’ ধাৰণাটোত অৱশ্য এই কথাবোৰ নাহে। সেইখিনি আলোচনা কৰিব পৰাকৈ সাহটো বিপুলদাৰপৰাই পাইছিলোঁ। সাহিত্যৰ প্ৰতি বিপুলদাৰ দৃষ্টিভংগীও পাতনিটোৰ মাজেৰে ওলাই আহিছিল। এনে পাতনি খুউব কমেই ওলাব হয়তো।

 ভালে ভালে সময়তকৈ আগত ছোৱালীজনীৰ জন্ম হ’ল। তিনিদিনৰ পাছতে হাস্পতালৰপৰা বিপুলদাৰ ঘৰত উঠিলোঁহি। খবৰ পোৱা সকলোৱে খবৰ ল’বলৈ আহিছে!

 ‘দেখিছানে তাইক সবেই কেনেকৈ ভাল পায়! ফোনৰ উপৰি ফোন। চবকে কেনেকৈ দৌৰাই দিছে। খবৰ লোৱা মানুহৰ অভাৱ নাই। ভাবিছিলোঁ আমিহে মৰম কৰোঁ। এতিয়া দেখিলাতো, হিংসা কৰি লাভ নাই বুজিলা!’ অলকক জোকায়। অলকে ফটো তুলি ভাল পায়। মূৰত গামোচা এখন সকলো সময়তে মাৰি থোৱা দেখি অলকে সোধোঁতে মোক গোচৰ দিছিল, ‘দেখিছানে, বদমাছটোক মোৰ টপা মূৰটোৰ ফটো তুলিবলৈ লাগে, নিদিওঁ নহয়।' কিন্তু অলকে পঢ়া টেবুলতে এখন ফটো তুলিহে এৰিছিল।

 ইয়াতে শেষ নহয়৷ ঋণৰ বোজাটো ক্ৰমে বাঢ়ি গৈ থাকিল। চৌদ্ধ দিনৰ দিনা সাধাৰণ চেক আপ কৰাই ঘৰলৈ ঘূৰি অহাৰ কথা। ছোৱালীজনী দেখোন খিণাই আহিছে! ডাক্তৰলৈ ফোন কৰিলে কয়, চৈদ্ধদিনলৈকে ওজন অলপ কমেই! চৈদ্ধদিনৰ দিনা কেঁচুৱাটো লৈ যেতিয়া চেক আপত গ’লো, ডাক্তৰে জুখি লৈ চিঞৰি দিলে! ‘কি হ’ল এয়া, এক কেজি ওজন কমি গ’ল!’ মানে ১ কেজি ৫০০গ্ৰাম হ’লহি

ওজন! কেঁচুৱাটোৰ পেটলৈ হেনো গাখীৰেই যোৱা নাই! তৎক্ষণাৎ বেবী ইনটেনচিভ

২১৮॥খোজৰ শব্দ