পৃষ্ঠা:Khojar Xabda.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুবিধাবাদক ব্যংগ কৰা হৈছে। এখন ৰিক্সাৰ যাত্ৰাৰ কাহিনীৰে শ্ৰেণীবিভাজিত সমাজৰ নিৰ্মম স্বৰূপ গল্পকাৰে সুন্দৰ ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছে। বিমল চৌধুৰী আৰু তেওঁৰ পত্নীয়ে ৰিক্সাচালকজনক তীব্ৰ ককৰ্থনা কৰিছিল। গল্পটোৰ শেষত ৰিক্সাচালকজনৰ কথাই যেন চৌধুৰীৰ দুগালত চৰ শোধাইছে। ‘টায়াৰ কটা চেণ্ডেল’ গল্পটোত শ্ৰেণী চেতনাৰে মধ্যবিত্তীয় সুবিধাবাদক আক্ৰমণ কৰা হৈছে।

 বিপুল খাটনিয়াৰে প্ৰায়বোৰ গল্প পৰম্পৰাগত কথনভংগীত লিখিছে। অৱশ্যে পৰৱৰ্তী সময়ত তেখেতৰ গল্পৰ ভাষা আৰু আংগিকৰ পৰীক্ষিত প্ৰয়াসো দেখা যায়। তেখেতৰ গল্পই সামৰি লৈছে আমাৰ সমাজ জীৱনৰ প্ৰান্তীয় আৰু নিম্নবৰ্গীয় জীৱনচৰ্যা। এই প্ৰান্তীয়তা উন্মোচনৰ বাবে তেখেতৰ গল্পৰ এক ঐতিহাসিক গুৰুত্ব আছে। শোষণ, অবদমন আৰু অত্যাচাৰে কোঙা কৰা জনজীৱনৰ পক্ষ লৈ তেখেতে দেখুৱাইছে নিম্নবৰ্গীয় জীৱনৰ নানা দ্যোতনা। কিছুমান অবিস্মৰণীয় কাহিনী আৰু চৰিত্ৰ সৃষ্টিৰ মাজেৰে তীব্ৰ Ironyৰে আৰু সমাজ জীৱনৰ ভণ্ডামি আৰু শঠতাৰ উন্মোচনৰ বাবে বিপুল খাটনিয়াৰে প্ৰায় একক কৃতিত্ব দাবী কৰিব পাৰে। তেখেতৰ গল্পৰ কেন্দ্ৰীয় বিষয় বঞ্চনা আৰু শোষণৰ কথন। বাৰে বাৰে এইজনা গল্পকাৰৰ গল্পত নিম্নবৰ্গীয় জীৱনৰ কাৰুণ্য দেখা যায়। অথচ সেই কাৰুণ্য আৰোপিত কাৰুণ্য নহয়; অন্তৰৰ গভীৰত সহমৰ্মিতা নাথাকিলে সেই কাৰুণ্য ইমান জীপাল হৈ নুঠিলেহেঁতেন৷ এগৰাকী বলিষ্ঠ আৰু শক্তিশালী গল্পকথক হোৱা সত্বেও খাটনিয়াৰৰ গল্পৰ সমালোচনা তাকৰ। আমাৰ সাহিত্যত পৰীক্ষাকেন্দ্ৰিক নিৰ্মিতিক লৈ হৈ চৈ কৰা সমালোচকবোৰো খাটনিয়াৰৰ গল্পক লৈ নীৰৱ। খাটনিয়াৰৰ গল্পৰ এক বিৰল আয়তন দেখা যায়। বিষয়বস্তু আৰু কথনৰীতি দুয়োটা দিশতে তেখেতে বিচক্ষণ নিৰ্মিতিৰ পৰিচয় দিছে। অসমীয়া গল্পত সহজে চকুত নপৰা প্ৰান্তীয়তা আৰু subal- tern জীৱনৰ ছবি তেখেতে স্বচ্ছন্দে আঁকিব পাৰিছে। সমাজ জীৱনৰ অৰ্থময় কথন হ’লেও খাটনিয়াৰৰ গল্পৰ বহুমাত্ৰিক ব্যঞ্জনা আছে। তেখেতে কেতিয়াও বিষয়বস্তু আৰু কথনৰীতিত নিজক অনুকৰণ কৰি থকা নাই। চৌপাশৰ সমাজখন অংকন কৰোঁতে তীব্ৰ শ্লেষ আৰু বক্ৰোক্তিৰ আশ্ৰয় লৈছে। ঐতিহ্য আৰু ইতিহাস চেতনা তেখেতৰ গল্পত সমকালৰ ৰূপক হৈ আহিছে। তেখেতৰ গল্পৰ Textত বহুকৌণিক মাত্ৰা সোমাই থাকে। এক বিৰল গল্পভাষা আয়ত্তাধীন বাবে তেখেতে গল্পত ভিন্ন পৰিক্ষেত্ৰত বিচৰণ কৰিব পাৰে। তেখেতৰ গল্পত প্ৰগতিশীলতাৰ এক নতুন দ্যোতনা বিচাৰি পোৱা যায়। প্ৰথাগত শৈলীৰ বিপৰীতে ভাষা আৰু কথনৰীতিৰ বিৰল বয়নেৰে

তেখেতে সৃষ্টি কৰিলে ‘হাৰান কুণ্ডু’ অথবা ‘সোণটি গৰীয়া’ৰ দৰে চৰিত্ৰ; যি চৰিত্ৰই

৫৮॥ খোজৰ শব্দ