পৃষ্ঠা:Khojar Xabda.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰদ্ধাৰ খাটনিয়াৰ দাদাৰ স্মৰণত

গোপাল নেৱাৰ

মোৰ অতি শ্ৰদ্ধাৰ দাদা, বিজ্ঞানী, প্ৰগতিশীল সাহিত্যৰ প্ৰবন্ধকাৰ, গল্পকাৰ সুহৃদয়বান বিপুল দাৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ প্ৰতি মই অতি মোহিত আছিলোঁ কাৰণে তেখেতৰ আকস্মিক বিয়োগত মই অতি বেদনাহত হ’লোঁ।

 ১৯৮০ চনত নতুন সাহিত্য পৰিষদৰ গহপুৰ শাখা, গহপুৰ পুৰুপবাৰীস্থিত হিন্দী প্ৰাথমিক বিদ্যালয়গৃহত বহা প্ৰায় ২৫-৩০ জন প্ৰগতিশীল চিন্তাৰ ব্যক্তিৰে গঠন হৈছিল। ২০০৬ চনত অসম ৰাজ্যিক কমিটিয়ে ‘শ্বহীদ নগৰী’ ৪২ চনৰ স্বাধীনতা সংগ্ৰামী শ্বহীত কনকলতা, মুকুন্দ কাকতিৰ তেজেৰে ৰাঙলি ভূমিত ১৯৬৭ চনত স্থাপিত ‘ছয়দুৱাৰ মহাবিদ্যালয় প্ৰাঙ্গনত উদ্‌যাপিত চাৰিদিনীয়া ৰাজ্যিক সন্মিলন, নতুন সাহিত্য পৰিষদৰ সভাত, অমলেন্দু গুহু, অনিল ৰায়চৌধুৰী, বিজনলাল চৌধুৰী আদি কৰি বহু বিখ্যাত বক্তিয়ে অংশগ্ৰহণ কৰিছিল। উক্ত অধিৱেশনত ৰাজ্যিক সম্পাদক আছিল বিপুল খাটনিয়াৰ আৰু মই অভ্যৰ্থনা সমিতিৰ বিশেষ দায়িত্বত থকাৰ বাবে ওচৰৰ পৰা এখেতসকলক সেৱা কৰাৰ সুবিধা পাইছিলোঁ। উত্তৰ অসমলৈ অহিলে খাটনিয়াৰ দা আমাৰ ঘৰত পৰিয়ালৰ দৰে থাকি আমাৰ পৰিয়ালক কৃতজ্ঞ কৰিছিল।

 ২০০৮ চনত মোৰ মুমূৰ্ষ অৱস্থাত ততাতৈয়াকৈ অস্ত্ৰোপচাৰ কৰিবলৈ মোৰ পৰিবাৰৰ হাতত ঘৰৰপৰা টকা গৈ নোপোৱাত খাটনিয়াৰ দাদাই ত্ৰিশ হাজাৰ টকা দি অস্ত্ৰোপচাৰ কৰাত উদ্যোগ লৈ মোক মৃত্যু মুখৰপৰা ৰক্ষা কৰিলে। মোৰ তথা মোৰ পৰিয়াল আৰু গাঁওবাসী তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। মই তেতিয়াৰেপৰা গুৱাহাটীলৈ গ’লৈ মোৰ শহুৰবাৰী থকা সত্বেও প্ৰায় খাটনিয়াৰ দাদাৰ ঘৰত আলহী

হওঁ। ২০১৬ চনত মই ভূবিজ্ঞানী খাটনিয়াৰ দাদাৰ লগত সোৱণশিৰী গেৰুকা মুখ

খোজৰ শব্দ॥১৯৩