পৃষ্ঠা:Khojar Xabda.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চেঁচা পানীত। কিন্তু তাৰ কাপোৰযোৰ! কন্যাক নগা উগ্ৰপন্থীয়ে দেখিছে লেংটিডাল মৰাৰ লাজতহে যেন শতচ্ছিন্ন লংপেণ্টটো তাৰ কঁকালত ওলমি আছে! ৰাষ্ট্ৰ যেতিয়া জনগোষ্ঠীয় ডেকা এটিৰ ভাত-কাপোৰ, সুস্থ জীৱনৰ আশা-আকাংখ্যাক স্পৰ্শ কৰাত ব্যৰ্থ, তেতিয়া এটি কন্যাক নগা উগ্ৰপন্থীয়ে খালি হাতেৰেই এডাল অজগৰ ধৰা খামিডাঠ ল’ৰাটিলৈ আগবঢ়াই দিছে এযোৰ অৰণ্যৰ পোচাক, উগ্ৰপন্থীৰ পোচাক- ইয়াত আদৰ্শ গৌণ! এয়াই সেই পৰিহাস, যাক অনন্যসুন্দৰ কথকতাৰে তেওঁ নিৰ্মাণ কৰিছে। আচৰিত কথা যে, উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থী সমস্যাৰ আধাৰত সৃষ্ট সাহিত্যকৰ্মৰ বিচাৰৰ বেলিকা অসমীয়া সাহিত্যৰ বিপুল খাটনিয়াৰৰ‘চেগুন বনৰ কথা’ বা ‘বেংগ্ৰা’ৰ দৰে সাৰ্থক গল্পবোৰ আমি যেন ইচ্ছা কৰিয়েই পাহৰি থাকোঁ।

 বিপুল খাটনিয়াৰৰ গল্পত উত্তৰণ আছে। তেখেতৰ সত্তৰৰ দশকৰ গল্প এটাৰপৰা আশীৰ দশকৰ গল্প, আশীৰ দশকৰপৰা নব্বৈৰ দশক আৰু একবিংশ শতিকাৰ গল্পবোৰ চালে এই উত্তৰণৰ ধাৰাটোৰ উমান পাব পাৰি। কিন্তু সৃষ্টিশীল মানুহ এজনৰ থাকিবলগীয়া সততাৰ বেলিকা তেওঁ দশকৰ পিছত দশক জুৰি অপৰিৱৰ্তিত হৈ ৰৈ গ’ল— সদায়েই আপোচহীন হৈ থাকিল, ৰাইজৰ পক্ষ ল'লে আৰু নিজে সৃষ্টি কৰা শব্দবোৰক পূৰ্ণ স্বাধীনতা উপভোগ কৰিবলৈ দি নিজে story-watcher হৈ থাকিল। হাতৰ কলম উজ্জ্বল হৈ থকাৰ অৱস্থাতেই তেওঁ বিদায় লৈছে, জীৱনকালতে নিজকে বিস্মৃতিৰ গৰ্ভত হেৰাই যাবলৈ দিয়া নাই। জীৱনকালত তেখেতৰ গল্পই সমালোচক উপযুক্ত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম ন’হল। এয়াও সময়ৰ পৰিহাস। অৱশ্যে এটা কথা সঁচা যে, কঠোৰ আত্মনিয়ন্ত্ৰণৰ মাজেৰে সমাজৰ দ্বান্দ্বিক ৰূপান্তৰৰ সঠিক বিশ্লেষণ কৰিবলৈ নিশিকিলে বিপুল খাটনিয়াৰৰ গল্প সমালোচনা কৰাও সহজ কথা নহয়। এই কাম সকলোৰে বাবে সম্ভৱ হৈ নুঠিবও পাৰে। সাহিত্যৰ তত্ত্ব আৰু সমাজৰ তত্ত্বৰ সঠিক সংশ্লেষণৰ নান্দনিক উপস্থাপনাৰ মাজেৰে সাহিত্যকলাত জীৱন সত্যক প্ৰতিষ্ঠা কৰাৰ যি অকলশৰীয়া আৰু নিৰলস প্ৰচেষ্টা বিপুল খাটনিয়াৰে চলাই গ'ল, তাৰ মূল্যায়ন তেওঁৰ জীৱনকালত নহ'লেও সময়ে এদিন সঠিকভাৱেই কৰিব বুলি আশা কৰিব পাৰি।❐


লিংক—https://www.theguardian.com/books/2018/oct/11/haruki- murakami-interview-killing-commendatore

পূৰ্বপ্ৰকাশ
নতুন পৃথিৱী, অক্টোবৰ, ২০২১

(লেখক বিশিষ্ট গল্পকাৰ, সাংবাদিক)

৭৬॥খোজৰ শব্দ